Posts
Showing posts from December, 2018
গলব্লাডাৰ ষ্টন
- Get link
- X
- Other Apps
গলব্লাডাৰ ষ্টনৰ পৰা ৰক্ষা পোৱাৰ কিটিপ বৰ্তমান সময়ত গলব্লাডাৰ ষ্টন ৰোগৰ ব্যাপকতা অসমত দিনক দিনে বৃদ্ধি পাব ধৰিছে। পুৰুষৰ তুলনাত মহিলা এই ৰোগত অধিক আক্ৰান্ত হয়। সাধাৰণতে বয়সস্থ সকলৰ এই ৰোগ হয় যদিও আজিকালি অসমত যথেষ্ট পৰিমাণে সৰু সৰু ল'ৰা-ছোৱালীৰ গলব্লাডাৰ ষ্টন হোৱা দেখা যায়। ইয়াৰ মূলকাৰণ খাদ্যাভ্যাসৰ পৰিৱৰ্তন আৰু পৰিশ্ৰম বিহীন জীৱন নিৰ্বাহ। আজি এই সম্পৰ্কে কিছু অৱগত কৰিব বিছাৰিছো। মানুহৰ ওপৰৰ পেটত সোঁফালে যকৃতৰ তলত পিত্তাশয় বা গলব্লাডাৰ অৱস্থিত। ই দেখাত সাইলাখ জাতিলাওটোৰ দৰে। তিনি তৰপীয়া পাতল মাংসপেশী আৰু শ্লেষ্মিক কলাৰে পিত্তাশয় গঠিত । ই দীঘলে প্ৰায় ৩-৪ ইঞ্চি,ইয়াৰ এমূৰৰ পৰা চিষ্টিক ডাক্ট (Cystic duct) নামৰ এডাল ডেৰ ইঞ্চি দীঘল সৰু নলী ওলাই যকৃত নলীত (Hepatic duct) সংযোগ হৈছে। পিছত দুয়োডাল নলী একহৈ পিত্তনলী (Bile duct) নামেৰ বৃহৎ অন্ত্ৰৰ ডিওডেনামত মুকলি হৈছে। পিত্তাশয়ত পিত্তৰস সঞ্চিত হৈ থাকে। পিত্তৰস ক্ষাৰকীয় আৰু ইয়াত ৮৬% পানী বাকী ১৪% কলেষ্টৰল, পিত্ত লৱন (bile salt) পিত্ত ৰঞ্জক (bile pigments) , মিউচিন ইত্যাদি পদাৰ্থ থাকে। আহাৰ খোৱাৰ আধাঘন্টাৰ ভিতৰত জুলীয়া খাদ্য বৃহৎ অন্ত্ৰৰ ডিওডে...
টনছিলাইটিছ
- Get link
- X
- Other Apps
টনছিলাইটিছ টনছিলাইটিছ টনছিলাইটিছ শব্দটো নুশুনা ব্যক্তি খুউব কমেই উলাব। এই টনছিল শব্দটোৰ সৈতে আমি প্ৰত্যকেই কম বেছি পৰিমাণে পৰিচিত। আমি প্ৰত্যকেই জীৱন কালত কম বেছি পৰিমণে হলেও টনছিলৰ সমস্যাত ভুগিছো। টনছিলৰ সম্পৰ্কে আকৌ কোনো কোনোৱে ধাৰনা কৰে যে টনছিল এনেকুৱা এটা বস্তু যিটো আমাৰ প্ৰতিজন ব্যক্তিৰে ডিঙিত থাকে আৰু ঠাণ্ডা পানী খালে বা ঠাণ্ডা খাদ্য খালে, কলডিং খালে, বা ঠাণ্ড বতাহ লাগিলে সমস্যা বৃদ্ধি হয় আৰু অপাৰেচন কৰি কাটি পেলাই দিলেই যেন সকলো সমস্যা শেষ। আচলতে ই এটা অতি ভুল ধাৰনা। টনছিল কি? জিভাৰ শেষ প্ৰান্তৰ তলত বাওঁ আৰু সোঁ ফালে দুই কাষে বাদাম গুটিৰ দৰে প্ৰায় ১.৫ চেন্টিমিটাৰ আকাৰৰ ৰঙা ৰঙৰ মাংস পিণ্ডকে টনছিলন বুলি কোৱা হয়। ইয়াক দেখাত মাংস পিণ্ডৰ দৰে লাগিলেও ই লসিকা কলা বা লিম্ফনোড কলাৰ দ্বাৰা গঠিত হয়। মুখগহ্বৰ দুয়ো কাষে দুইটা টনচিলৰ অবস্হান। ই মুখ, ডিঙি, নাক অথবা চাইনাচৰ দ্বাৰা ৰোগৰ জীৱানু অন্তঃত বা পেটত প্ৰৱেশ কৰা বাধা দিয়ে অৰ্থাৎ ৰেগৰ প্ৰতিৰোধী ক্ষমতা তৈয়াৰ কৰে টনছিলাইটিছত যেতিয়া আমাৰ দেহত প্ৰৱ্শ কৰা বেক্টেৰিয়া, ভাইৰাচ, পেৰাচাইট আদি বোৰ ধংস কৰি...
টনছিল কি? || টনছিলাইটিছৰ চিকিৎসা || Dr Haris Well future
- Get link
- X
- Other Apps
ইউৰিক এচিদৰ পৰা পৰিত্ৰান পোৱাৰ সহজ ওপায় :
- Get link
- X
- Other Apps
ইউৰিক এচিড বেছি থকা ৰোগীয়ে কি খাব আৰু কি নাখাব এক চমু আভাস শাক পাচলিত প্ৰয়োজনতকৈ অধিক মত্ৰাত ৰাসায়নিক সাৰ ব্যবহাৰ, আৰু ভেজল খাদ্যৰ দব্যৰ লগতে দিনে দিনে খাদ্যভাসৰ পৰিবৰ্তনৰ ববে বৃদ্ধি পাব ধৰিছে ইউৰিক এচিদ বৃদ্ধি পোৱা ৰুগীৰ সংখ্যাা। ইউৰিক এচিদ বৃদ্ধি হোৱা কাৰণ অয়ুৰ্ৱেদিক ত বৰ্ণিত বাতৰক্তৰ লগত তুলনা কৰিব পাৰি | ইউৰিক এচিদ নো কি ? ইউৰিক এচিদ হৈচে পিউৰিন নামৰ নিউক্লিয়তাইদ ৰ বিপাকিয় ক্ৰিয়াৰ অন্তিম পদাৰ্থ | এই নিউক্লিয়তাইদৰ একত্ৰিকৰনৰ দ্বাৰাই ডনএ DNA আৰু ৰনএ RNA গঠন হয়| নিউক্লিয়তাইদ পিউৰিনে শৰীৰৰ কোষৰ বহুতু অত্যাবশ্যকীয় কাৰ্য্য সম্পদন কৰে | ইয়াৰ উপৰিও পিছপিনে প্লেটিলেট ( platelet), মাংসপেশী, স্নায়ু সংচাৰণ ( neurotransmission), ইত্যাদি ৰ বাবে আৱশ্যক | আমি খোৱা বহুতো খাদ্য ত পিউৰিণ যথেষ্ট পৰিমাণে পোৱা যায় | এই খাদ্য ত থকা পিউৰিণ ৰ পৰা বিপাকৰ ফলত, নতুবা আমাৰ শৰীৰৰ যকৃত, অন্ত্ৰ, মাংসপেশী, কিডনি আদিৰ পৰা ইউৰিক এচিডৰ উৎপাদন হয় | ইউৰিক এচিডৰ স্বাভাৱিক পৰিমাণ মহিলাৰ ক্ষেত্ৰত 1.5 মিলিগ্ৰাম পৰা 6 মিলিগ্ৰাম আৰু প্ৰাপ্তবয়স্ক পুৰুষৰ ক্ষেত্ৰত 2 মিলিগ্ৰামৰ পৰা 7 মিলিগ্ৰাম প্ৰতি ডেছি...
মুখৰ কলাদাগ আতৰাব কেনেকৈ
- Get link
- X
- Other Apps
মুখৰ কলা দাগ, ব্যংগ ৰোগ, melasma, আয়ুৰ্বেদিক_চিকিৎসাঃ মুখত ক'লা দাগ পৰা সমস্যাৰ সৈতে আমি সকলোৱে চিনাকি। বিশেষকৈ মহিলা সকলৰ ক্ষেত্ৰত এনে ধৰণৰ সমস্যা প্ৰায়ে দেখা যায়। আজি প্ৰায়ে সন্মুখীন হোৱা এইবিধ ছালৰ সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ বিচাৰিছোঁ। সাধাৰণতে পুৰুষ মহিলা সকলোৰে এই সমস্যা হয় যদিও মহিলাসকলৰ এই সমস্যা বেছি হোৱা দেখা যায়।বৰ গুৰুতৰ শাৰীৰিক ৰোগ বুলি গণ্য কৰা নহয় যদিও মানুহৰ ৰূপ সৌন্দৰ্য্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় বাবে ই এক মানসিক অশান্তিৰ কাৰক হৈ পৰে। আমাৰ শৰীৰৰ ছালৰ ৰং কিছুমান অংশত স্বভাৱিকতকৈ যদি বেছি গাঢ় হৈ মুগা বা ক'লা পৰে তেতিয়াই এনে সমস্যাৰ সৃষ্টি হয় যাক হাইপাৰপিগমেন্টেচন(Hyperpigmentation) বুলি কোৱা হয়। আধুনিক ভাষাত মুখমণ্ডলত হলে ইয়াক মেলাজমা, melasma(ফেচিয়েল মেলানোছিছ-facial melanosis)আৰু আয়ুৰ্বেদত ব্যংগ ৰোগ বুলি কোৱা হৈছে। প্ৰায়ে মুখমণ্ডলত নাকৰ দুয়ো কাষে, কপাল, গালৰ উপৰ অংশ, মুখৰ মাজ অংশ আদিত দেখা যায় যদিও কেতিয়াবা ডিঙি আৰু হাতৰ কিলাকুটিৰ তলৰ অংশতো হোৱা দেখা যায়। মেলানিন নামৰএবিধ ৰঞ্জক পদাৰ্থ আমাৰ শৰীৰত থাকে যিয়ে ছালৰ, চুলিৰ আৰু আনকি চকু...
মুখৰ উজ্জলতা বৃদ্ধি কৰাৰ উপায়।
- Get link
- X
- Other Apps
শীতৰ দিনত মুখখনো জিলিকাওক। ✍✍ আপোনাৰ মুখখনেই আপোনাৰ শৰীৰ আৰু মনৰ দাপোন। আপোনাৰ পেট পৰিস্কাৰ নহলে মুখৰ ছাল কেতিয়াও উজ্জ্বল নহয়। সালমণ, ব্লেক হেড্চ, কলাদাগ, বলিৰেখা আঁতৰাব নোৱাৰে। সেয়ে পেট খোলোচা ৰাখিবলৈ ৰাতি আহাৰৰ পিছত এচামুচ ত্ৰিফলা চূৰ্ণ কুহুমিয়া গৰম পানীৰ লগত খাব।বিশেষ প্ৰয়োজনত ৰাতি এগিলাচ পানীত এচামুচ ইচবগোল তিয়াই থৈ পুৱা খালি পেটত খাব। মনৰ স্বাস্থ্য উন্নত নহলেও মুখত গ্লো নাহে। মনৰ আনন্দইহে মুখখন জিলিকাই তোলে। সৰু সৰু কথাত আনন্দ লভীবলৈ যত্ন কৰক। হাঁহি আৰু আনন্দ সোঁচৰা লাভ। বাটত পোৱা দুখীয়া শিশুটোক এটা ৫ টকীয়া চকলেট দি মুখ খন চাব চোন। আপোনাৰ মুখৰ গ্লো আনে দেখা পাব। প্ৰতিটো দিন নতুন দিন। যোৱা কালিৰ হেৰুৱা খিনি, নোপোৱা খিনি পাহৰি যাওক। আজিৰ দিনটো ঈশ্বৰৰ অমূল্য দান। উদযাপন কৰক। মনত ৰাখিব প্ৰতিটো দিনেই আপোনাৰ জন্মদিন। সুখী থাকিবলৈ যত্ন কৰক। নিজৰ খিনি যি আছে আন বহুতৰেই নাই। আপোনাৰ জীৱন যাত্ৰাৰ মানদণ্ডও কাৰোবাৰ বাবে ইৰ্ষণীয়। ঈশ্বৰক ধন্যবাদ জনাই গৌৰৱ অনুভৱ কৰক। সন্তুষ্ট থাকক। ☞☞সদায় ভাল টোপনি মাৰক। মনত ৰাখিব টোপনিতকৈ ভাল টনিক পৃথিৱীত নাই। যিমান পাৰে পানী খাওক। ...
ফুড এলাৰ্জি
- Get link
- X
- Other Apps
আপোনাৰো থাকিব পাৰে ফুড এলাৰ্জি : গাখীৰ, কণী, বাদাম, কাজু, পিস্তা আদি আমাৰ প্ৰায়বোৰ লোকৰে মনপচন্দৰ খাদ্য। কিন্তু আপোনালোকে জানেনে যে কিছুমান লোকৰ বাবে এইবোৰ খাদ্যও এলাৰ্জিৰ কাৰণ হব পাৰে। এলাৰ্জি শব্দটোৰ লগত সকলো পৰিচিত যদিও ফুড এলাৰ্জিৰ বিষয়টোত আমি ইমান সচেতন নহয় বা বহুতেই ইয়াৰ বিষয়ে অৱগত নহয়। আপোনাৰ অজানিতে আপুনি ভাল পোৱা কোনো বিশেষ খাদ্যৰ পৰা এলাৰ্জিৰ সমস্যাত ভুগিব পাৰে। এইদৰে কোনো খাদ্য খোৱাৰ ফলত আমাৰ শৰীৰত যদি এলাৰ্জি হয় তাক ফুড এলাৰ্জি বুলি কোৱা হয়। সাধাৰণ ভাষাত ফুড এলাৰ্জি মানে হৈছে যেতিয়া কোনো বিশেষ খাদ্যৰ প্ৰতি আমাৰ দেহে অস্বাভাৱিক প্ৰতিক্ৰিয়া ( abnormal immune response) দেখুৱায়। বিভিন্ন প্ৰকাৰৰ বীজাণু , ধূলি আদি শৰীৰত প্ৰৱেশ কৰিলে যিবোৰক সাধাৰণতে এন্টিজেন বুলি কোৱা হয় তাৰ বিৰুদ্ধে আমাৰ শৰীৰে বিশেষ এন্টিবডী গঠন কৰে। আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা নামৰ শক্তিশালী তন্ত্ৰটোৱে এই এলাৰজেন বোৰৰ পৰা আমাক সুৰক্ষা প্ৰদান কৰে। কিন্তু কেতিয়াবা আমাৰ শৰীৰে কেতবোৰ খাদ্যকো এলাৰ্জেন বা এন্টিজেন হিচাবে গণ্য কৰে। আচলতে কেতবোৰ খাদ্যত থকা কিছুমান বিশেষ প্ৰটিনক বা তেনেধৰণৰ অন্য পদাৰ্থক আমাৰ দেহ...
মৰমৰ মেকুৰীয়ে পত্নীক কৰিব পাৰে সন্তানহীনা
- Get link
- X
- Other Apps
মেকুৰীয়ে মহিলাক কৰিব পাৰে সন্তানহীনা আমাৰ বহুতৰ অতি মৰমৰ পোহনীয়া প্ৰাণী মেকুৰী। কেতিয়াবা আপোনাৰ সন্তানে মনে মনে গাখীৰ এগিলাচ বা ভাজি থৈ দিয়া মাগুৰ মাছ দুটা খালে খং কৰিব। কিন্তু মেকুৰীয়ে খালে নিশ্চুপ হৈ থাকিব। আপোনাৰ মৰমৰ সন্তানে কামূৰিলে চিন্তা কৰিব লগীয়া নহয়। কিন্তু মেকুৰীয়ে কামূৰিলে জলাতঙ্ক হোৱাৰ ভয় , এটা কামোৰতেই লব লগীয়া হয় ৫ টা পৰ্যন্ত বেজী । মেকুৰীয়ে কামোৰোতে লেলাউতীত থকা জলাতঙ্ক ৰোগৰ বীজাণু সুস্থ ব্যক্তিৰ তেজৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰে । অৱশ্যে নখৰে আচুৰিলে চিন্তা কৰিব নালাগে, কাৰণ নখত এই ৰোগৰ বীজাণু নাথাকে । তাৰোপৰি জলাতঙ্ক ৰোগৰ বীজাণু আমাৰ পেটলৈ গলেও এই ৰোগ নহয়। আমাৰ পাকস্হলীত থকা হাইড্ৰক্লৰিক এচিডৰ সংস্পৰ্শত এই বীজাণু মৰি যায়। নহলে মেকুৰীয়ে মনে মনে মুখ লগাই খোৱা খাদ্য মানুহে খোৱাৰ ফলত এই ৰোগত আক্ৰান্ত হৈ গৃহস্থ এজনো জীয়াই নাথাকিল হেতেন। আপোনাৰ নতুন বোৱাৰীৰ হঠাতে ৰাতিপুৱা ওকালি বা বমি হল, পেচাব পৰীক্ষা কৰোঁতে ভাল খবৰটো পালে। আপুনি ককা হ'বলৈওলাইছে। কিন্ত মৰমৰ মেকুৰী জনীয়েহে বিপদ ঘটাব পা্ৰে । মেকুৰীয়ে নিগনি খাই ভাল পায়। নিগনিৰ দেহত "টকসোপ্লাজমোচিচ্...
স্বাস্থ্যবৰ্ধক মাছ
- Get link
- X
- Other Apps
আমিষ খাদ্যৰ ভিতৰত পৃথিৱীত অতিকৈ জনপ্ৰিয় তথা স্বাস্থ্যবৰ্ধক এবিধ আহাৰ হৈছে মাছ । কম চৰ্বি, হাই প্ৰটিন আৰু অ'মেগা-৩ ফেটি এচিডৰ ই এটা প্ৰধান উৎস । ইয়াৰ লগতে মাছত খাদ্যপ্ৰাণ, খনিজ লৱণ আৰু অন্য পোষক পদাৰ্থ পোৱা যায়,যি আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় । সেয়ে দৈনন্দিন ব্যস্ততাপূৰ্ণ জীৱনত শক্তিশালী হৈ থাকিবলৈ জানো আহক মাছৰ কেইটামান বিশেষ স্বাস্থ্যজনিত উপকাৰিতাৰ বিষয়ে. (১) মাছত পোৱা অমেগা-৩ ফেটি এচিডে শৰীৰৰ হৃদয় আৰু ধমনী অংশ শক্তিশালী কৰি তোলে । ই ধমনীবিলাকত তেজ গোট মৰাত বাধা প্ৰদান কৰে । (২) মাছে শৰীৰত জমা হোৱা শৰ্কৰাজাতীয় পদাৰ্থ ভাঙি পেলায় । সেয়ে মাছৰ তেল খোৱাৰ লগতে নিয়মিত ৰুপত ব্যায়াম কৰিলে শৰীৰৰ বৰ্ধিত মেদ হ্ৰাস পায় । (৩) মাছ খালে চকুৰ দৃষ্টিশক্তি বাঢ়ে আৰু চকুৰ অন্য সমস্যাও দূৰ হয় । সপ্তাহত অন্ততঃ দুদিন মাছ খাব পাৰিলে শৰীৰত অমেগা-৩ ফেটি এচিডৰ মাত্ৰা বৃদ্ধি পায় । ইয়াৰ দ্বাৰা চকুৰ বিষ আঁতৰে আৰু মাংসপেশীবোৰ শক্তিশালী হয় । (৪) মাছ খালে শৰীৰৰ ছালত বৰ্ধিত বয়সৰ চাপ পলমকৈ পৰে আৰু সূৰ্য্যৰ প্ৰখৰ তাপৰ পৰা হোৱা ক্ষতিৰ পৰাও অব্যাহতি পোৱা যায় । (৫) মাছত উপলব্ধ অমেগা-৩ ফেটি এচিডে মস্তিষ্কৰ অৱসাদ আৰু ...
ফিজিওথেৰাপী || Physiotherapy
- Get link
- X
- Other Apps
ফিজিওথেৰাপী Physiotherapy ফিজিওথেৰাপি বা শাৰীৰিক চিকিৎসা হ'ল বৰ্তমান সময়ৰ এটা অতি জনপ্ৰিয় চিকিৎসা পদ্ধতি। ই আধুনিক চিকিৎসা বিজ্ঞানৰ এক অন্যতম শাখা। ফিজিও (শাৰীৰিক) আৰু থেৰাপি (চিকিৎসা) এই দুটি শব্দ লগলাগি ফিজিওথেৰাপি বা শাৰীৰিক চিকিৎসাৰ সৃষ্টি হৈছে।ফিজিওথেৰাপি কৰা চিকিৎসক জনক ফিজিওথেৰাপিষ্ট বুলি কোৱা হয়। ফিজিওথেৰাপী চিকিৎসা ক্ষেত্ৰ: বিভিন্ন জনীয় বিসংগতি বা দুৰ্ঘটনাবশত উদ্ভৱ হোৱা বাধাগ্ৰস্থতা সমূহ আতঁৰ কৰাৰ ক্ষেত্ৰত ফিজিওথেৰাপিয়ে অগ্ৰণী ভূমিকা পালন কৰি আহিছে। ফিজিওথেৰাপি চিকিৎসা বিভিন্ন ৰোগ নিৰাময় কৰাত ব্যৱহাৰ কৰা হয়। যেনে-- ১)বাত বিষ ২) আঘাত জনিত বিষ ৩) হাড়ৰ ক্ষয় জনিত ৰোগ ৪)পেৰালাইছিছ জনিত সমস্যা ৫) মুখ বেকা হোৱা বা ফেচিয়েল পালচি ৬)বিভিন্ন ধৰণৰ অপাৰেচনৰ পৰবৰ্তী সমস্যা ৭) ভৰি বেকা (ক্লাৱফিট) ৮) প্ৰতিবন্ধী শিশু (চেৰিব্ৰেল পালচি) ইত্যাদি। ফিজিওথেৰাপী চিকিৎসা_পদ্ধতি: এজন ফিজিওথেৰাপিষ্টে ৰোগৰ বৰ্ণনা, ফিজিকেল টেষ্ট, ফিজিওথেৰাপি স্পেচিয়েল টেষ্ট বা প্ৰয়োজন সাপেক্ষে বিভিন্ন ৰেডিওল'জিকেল টেষ্ট বা পেথ'ল'জিকেল টেষ্টৰ মাধ্যমত ৰোগ নি...
মহিলাৰ সমস্যা (women health tips)
- Get link
- X
- Other Apps
মহিলাৰ এটি অশান্তি দায়ক সমস্যা সচৰাচৰ নিজ অজ্ঞতাৰ হেতু যুৱতী অথবা মহিলা সকলে এক অশান্তি দায়ক সমস্যাৰ সন্মুখীন হয়। এই সমস্যাটো কি জানেনে? এগৰাকী নাবালিকা যৌৱনৰ দূৱাৰদলিত উপনীত হোৱাৰ লগে লগেই কিছুমান শাৰীৰিক পৰিৱৰ্তন হবলৈ ধৰে। এই সময়ত স্ত্ৰীহৰমন এষ্ট্ৰোজেনৰ প্ৰভাৱৰ হেতু স্ত্ৰীৰ কামাঙ্গ আৰু যৌনাঙ্গ বিকাশ হবলৈ ধৰে। সেয়েহে যৌৱনপ্ৰাপ্ত স্ত্ৰীৰ য়ৌনাঙ্গৰ পৰা স্বাভাৱিকতে নিৰ্গত হয় বগা বৰণীয়া ৰস । এগৰাকী স্বাস্থ্যৱতী নাৰীৰ প্ৰতিমাহে মাহেকীয়া হোৱাৰ দৰেই ভগোস্থ , ভগাঙ্কুৰ , ৰতিগ্ৰন্থি যোনি ,জৰায়ুগ্ৰীবাৰ পৰা স্বাভাৱিক শৰীৰ ক্ৰিয়াৰ বাবে বগা স্ৰাব ওলায়। যৌৱন কালত হৰমনৰ প্ৰভাৱৰ কাৰণে যুৱতীৰ যোনীৰ পৰা বগা বৰণৰ স্ৰাব ওলোৱাটো বেমাৰ নহয় । কিন্তু অজ্ঞতা বশত এই স্বাভাৱিক শাৰীৰিক ক্ৰিয়াৰ কাৰণে বগা বৰণীয়া স্ত্ৰীহৰমন বা স্ত্ৰীৰ যৌনগ্ৰন্থিৰ পৰা ওলোৱা গ্ৰন্থিৰস এক ডাঙৰ যৌনৰোগ বুলি ভাৱি মানসিক ভাৱে হতাশাত ভোগে । যৌন উত্তেজনাৰ বাবে ৰতিগ্ৰন্থিৰ পৰা ( bartholin gland)বগা বৰণৰ ৰতিস্ৰাৱ ওলাই আৰু যৌনাঙ্গ পিছল কৰে । গৰ্ভৱতীৰ প্ৰথম অৱস্থাত আৰু ডিম্ব উৰ্বৰিকৰনৰ সময়ত স্ত্ৰীৰ যৌনাঙ্গ...
শিশুৰ ৰোগ
- Get link
- X
- Other Apps
শীতৰ আগমনৰ লগে লগে হোৱা শিশুৰ ৰোগ এটা বছৰক দুভাগত বিভক্ত কৰা হৈছে, উত্তৰায়ন বা আদানকাল আৰু দক্ষিণায়ন বা বিসৰ্গ কাল । দক্ষিণায়নৰ শেষৰ সময় আৰু উত্তৰায়নৰ আৰম্ভণি সময়ত আমাৰ দেশত ঠাণ্ডা পৰে। হেমন্ত ঋতুত ঠাণ্ডা আৰম্ভ হয় আৰু শীত ঋতুত ঠাণ্ডাৰ প্ৰকোপ বাঢ়ে। অসমৰ জলবায়ু নাতিশীতোষ্ণ যদিও শীতকালত শিশু সকলৰ শ্বাস-প্ৰশ্বাস সম্বন্ধীয় ৰোগ বেছিকৈ হোৱা দেখা যায়। আয়ুৰ্বেদিক সূত্ৰানুযায়ী শিশু কালত কফ দোষৰ প্ৰাধান্য থাকে। তাৰোপৰি ঠাণ্ডাদিনত কফ প্ৰকোপিত হয় বাবে শিশু সকল কফজ ৰোগত বেছিকৈ আক্ৰান্ত হয়। চৰক সংহিতা নামৰ প্ৰাচীন গ্ৰন্থখনত উল্লেখ আছে যে:- "প্ৰাণং প্ৰাণহৰা ৰোগা বহবো ন তু তে তথা । যথা শ্বাসশ্চ হিক্কা চ প্ৰাণানাশু নিকৃন্তত ।।" আচাৰ্য্য চৰকৰ মতে শীতকালত শিশু সকলৰ চৰ্দি , জ্বৰ,কাহ,পিনচ বা নাকৰ পৰা পানী ওলোৱা, প্ৰতিশ্যয় বা চকু ৰঙা পৰা আদি ৰোগ বেছিকৈ হয়। সচৰাচৰ শিশু সকলে শাক-পাচলি, ফল-মূল আদি কমকৈ খায় আৰু এই সময়খিনিত শাৰীৰিক বিকাশ হৈ থাকে। এই দুটা কাৰণত কেলছিয়াম, ভিটামিন ডি , ভিটামিন চি ইত্যাদি শৰীৰত অভাৱ হোৱাৰ পৰিপ্ৰেক্ষিতত শিশুৰ ৰোগ প্ৰতিৰোধক ক্ষমতা কম থাকে। সেয়েহে শীতকালত শিশুৰ...