Posts

Showing posts with the label Ayurveda

কিডনী ৰোগীয়ে কি খাব কি নাখাব জানো আহকঃ

Image
  কিডনী ৰোগীয়ে কি খাব কি নাখাব জানো আহকঃ কিডনী বৰ্তমান সময়ত কেৱল ভাৰততেই নহয় সমগ্ৰ বিশ্বতেই কিডনী ৰোগীৰ সংখ্যা অতি দ্ৰুত গতিত বৃদ্ধি হব ধৰিছে। ইয়াৰ মূল কাৰণ হল সমগ্ৰ বিশ্বত ভয়াৱহ ভাবে বৃদ্ধি হোৱা ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ ৰোগীৰ সংখ্যা। ২০১০ চনৰ এক সমীক্ষা অনুসৰি পৃথিৱীৰ আটাইতকৈ উন্নত ৰাষ্ট্ৰ আমেৰিকাত মুঠ জনসংখ্যাৰ ১০ শতাংশ লোক কিডনীৰ ৰোগত ভুক্তভোগী। এক নিৰ্ভৰযোগ্য সুত্ৰৰ তথ্য অনুসৰি বিগত ডেৰটা দশকত ভাৰতবৰ্ষত কিডনী ৰোগীৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে। কিছুদিনৰ পূৰ্ব্বে ইণ্ডিয়ান মেডিকেল এছচিয়েচনৰ বিশেষজ্ঞসকলে এক ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে। বিশেষজ্ঞসকলে জনোৱা অনুসৰি বৰ্তমান ভাৰতবৰ্ষৰ প্ৰতি এশজন ব্যক্তিৰ ১৭ জনেই কিডনীৰ ৰোগত ভুক্তভূগি। গতি স্বাস্থ্যৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি সঠিক আহাৰ গ্ৰহণ কৰাতো আত্যন্ত জৰুৰী হৈ পৰিছে। কিডনীৰ বা বৃক্কৰ কাম— মগজু, হৃদপিণ্ড যিদৰে মানৱদেহৰ গুৰুত্বপূৰ্ণ অংগ ঠিক তেনে দৰে কিডনী হ’ল মানৱ দেহৰ অতি লাগতিয়াল অংগ। প্ৰতিজন ব্যক্তিৰে দুটাকৈ কিডনী থাকে। এটা কিডনী প্ৰায় হাতৰ মুঠিটোৰ সমান হ’ব। এটা কিডনীৰ ওজন এজন পূণবয়স্ক লোকৰ প্ৰায় ১৬০ গ্ৰাম। বাওঁফালৰ কিডনীটো সোফালৰতোৰ ...

ভৰিত হোৱা জ্বলন পোৰণ বা জিনজিননি

  ভৰিত হোৱা জ্বলন পোৰণ বা জিনজিননি বা দাহ-ৰোগ সাধাৰণতে ভৰিৰ স্নায়ু বিলাকৰ শেষ প্ৰান্ত অঞ্চল আঘাটপ্ৰাপ্ত বা ক্ষতিগ্ৰস্ত হোৱাৰ ফলত মানুহৰ ভৰিৰ জ্বলন পোৰণ বা জিনজিননিযুক্ত ৰোগৰ সৃষ্টি হব পাৰে যাক ইংৰাজীত Neuropathy বুলি কোৱা হয় ।যদিও বহুতো স্বাস্থ্য সম্বন্ধীয় ৰোগ বা সমস্যাৰ ফলত ভৰিৰ জ্বলন পোৰণযুক্ত ৰোগৰ সৃষ্টি হব পাৰে তথাপি ডায়েবেটিছ হ'ল এই সমস্যাটোৰ সৃষ্টিকাৰী স্বাস্থ্য সম্পৰ্কীয় সমস্যা বিলাকৰ ভিতৰত প্ৰধান। ভৰিৰ জ্বলন পোৰণ বা জিনজিননি সমস্যা সৃষ্টিকাৰী কাৰণ সমূহ :- Neuropathy বা স্নায়ুৰ শেষ প্ৰান্ত অঞ্চল ক্ষতিগ্ৰস্ত হোৱাৰ ফলতেই এই সমস্যাৰ সৃষ্টি হয়। ক্ষতিগ্ৰস্ত বা ধ্বংসপ্ৰাপ্ত স্নায়ু বিলাক দৰকাৰতকৈ বেছি সক্ৰিয় কিন্তু নিজৰ কাৰ্য্য সম্পাদন কৰাত অপাৰগ হ'লে এনে সমস্যাৰ সৃষ্টি হয়। বেছিভাগ ক্ষেত্ৰতেই Neuropathy যুক্ত ৰোগীৰ ভৰিৰ স্নায়ু বিলাক প্ৰথমে ক্ষতিগ্ৰস্ত হয় আৰু তেনে লোকৰ ভৰিৰ জিনজিননি বা অৱশতা ইত্যাদি লক্ষণ দেখা দিয়ে। বহুতো লোকে অভিযোগ কৰে যে তেওঁলোকৰ ভৰিবিলাক খুব সংবেদনশীল হয় আৰু কম বা বেছি পৰিমাণে জ্বলন যুক্ত বিষ অনুভৱ কৰে। কিছুমানে খোজ কাঢ়িবলৈকেও অপাৰগ হয়। ডায়েবেটিছ বা মদ্যপা...