গলব্লাডাৰ ষ্টন
গলব্লাডাৰ ষ্টনৰ পৰা ৰক্ষা পোৱাৰ কিটিপ
বৰ্তমান সময়ত গলব্লাডাৰ ষ্টন ৰোগৰ ব্যাপকতা অসমত দিনক দিনে বৃদ্ধি পাব ধৰিছে। পুৰুষৰ তুলনাত মহিলা এই ৰোগত অধিক আক্ৰান্ত হয়। সাধাৰণতে বয়সস্থ সকলৰ এই ৰোগ হয় যদিও আজিকালি অসমত যথেষ্ট পৰিমাণে সৰু সৰু ল'ৰা-ছোৱালীৰ গলব্লাডাৰ ষ্টন হোৱা দেখা যায়। ইয়াৰ মূলকাৰণ খাদ্যাভ্যাসৰ পৰিৱৰ্তন আৰু পৰিশ্ৰম বিহীন জীৱন নিৰ্বাহ। আজি এই সম্পৰ্কে কিছু অৱগত কৰিব বিছাৰিছো।
মানুহৰ ওপৰৰ পেটত সোঁফালে যকৃতৰ তলত পিত্তাশয় বা গলব্লাডাৰ অৱস্থিত। ই দেখাত সাইলাখ জাতিলাওটোৰ দৰে। তিনি তৰপীয়া পাতল মাংসপেশী আৰু শ্লেষ্মিক কলাৰে পিত্তাশয় গঠিত । ই দীঘলে প্ৰায় ৩-৪ ইঞ্চি,ইয়াৰ এমূৰৰ পৰা চিষ্টিক ডাক্ট (Cystic duct) নামৰ এডাল ডেৰ ইঞ্চি দীঘল সৰু নলী ওলাই যকৃত নলীত (Hepatic duct) সংযোগ হৈছে। পিছত দুয়োডাল নলী একহৈ পিত্তনলী (Bile duct) নামেৰ বৃহৎ অন্ত্ৰৰ ডিওডেনামত মুকলি হৈছে।
পিত্তাশয়ত পিত্তৰস সঞ্চিত হৈ থাকে। পিত্তৰস ক্ষাৰকীয় আৰু ইয়াত ৮৬% পানী বাকী ১৪% কলেষ্টৰল, পিত্ত লৱন (bile salt) পিত্ত ৰঞ্জক (bile pigments) , মিউচিন ইত্যাদি পদাৰ্থ থাকে। আহাৰ খোৱাৰ আধাঘন্টাৰ ভিতৰত জুলীয়া খাদ্য বৃহৎ অন্ত্ৰৰ ডিওডেনামত প্ৰৱেশ কৰাৰ লগে লগেই পিত্তাশয় স্বয়ংক্ৰিয় ভাৱে সঙ্কুচিহ হ'বলৈ ধৰ। এই সঙ্কোচনৰ বাবেই পিত্তাশয়ৰ পৰা পিত্তৰস চিষ্টিক নলী আৰু পিত্তনলীৰে গতিকৰি বৈআহি ডিওডেনামত থকা গাদ্যৰ লগত মিহলি হয়। পিত্তৰসৰ মুখ্য কাম হৈছে খোৱা খাদ্যত থকা চৰ্বী হজম কৰা।
গলব্লাডাৰ ষ্টন কিয় হয়
পিত্তনলীত সঞ্চিত হৈ থকা পিত্তৰসত কলেষ্টেৰল থাকে। নানা কাৰণত এই কলেষ্টেৰল পিত্তাশয় বেৰত গেদপৰি তৰপে তৰপে জমা হয় আৰু কালক্ৰমত কঠিন হৈ পিত্তপাথৰ বা গলব্লাডাৰ ষ্টন হয়।
গলব্লাডাৰ ষ্টন ৰোগৰ লক্ষণ
সোঁফালৰ ওপৰ পেটত তীব্ৰ ধৰণৰ বিষ হয়। ক্ৰমে এই বিষ পিঠি আৰু কান্ধলৈকে বিস্তাৰিত হয়। একেটা সময়তে বমি, বুকু জ্বলা-পোৰা, গেছৰ কাৰণে পেট ফুলা, অজীৰ্ণতা,নাড়ীগতি দূৰ্বল, শীতল ঘাম নিৰ্গত হোৱা, ঠাণ্ডা অনুভৱ, শ্বাস-প্ৰশ্বাস কষ্ট আদি লক্ষণ দেখা যায়।
গলব্লাডাৰ ষ্টনৰ ৰোগৰ উপসৰ্গ
এই ৰোগ পুৰণি হ'লে অৱৰোধ কামলা বা জণ্ডিচ (obstructive jaundice) হোৱাৰ উপৰিও কেঞ্চাৰ হোৱাৰ অধিক সম্ভাৱনা থাকে।
সাধাৰণতে মানুহৰ ধাৰণাযে এবাৰ গলব্লাডাৰ ষ্টন অষ্ট্ৰোপচাৰ কৰাৰ পিছত এই ৰোগ পুনৰ হোৱাৰ সম্ভাৱনা নাথাকে। অষ্ট্ৰোপচাৰ কৰাৰ পিছত খোৱা-বোৱাত সাৱধানতা অৱলম্বন নকৰিলে পুনৰ পাথৰ হয়। পিছৰ পৰ্যায়ত এই পাথৰ পিত্তনলী, যকৃতনলী আৰু যকৃতৰ ভিতৰত পুনৰ হোৱাৰ অধিক সম্ভাৱনা থাকে।যকৃতৰ ভিতৰত পাথৰ হ'লে গুৰুতৰ ভাৱে আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সম্ভাৱনা থাকে।
গলব্লাডাৰ ষ্টন ৰোগৰ কাৰক আৰু প্ৰতিকাৰ
(১) বিয়াৰ পিছত মহিলা সকলে গৰ্ভনিৰোধক বড়ী ব্যৱহাৰ কৰে। এই গৰ্ভনিৰোধক বড়ী খোৱাৰ ফলত গলব্লাডাৰ সঙ্কোচন কমকৈ হোৱা বাবে সম্পূৰ্ণকৈ পিত্তৰস ওলাই আহিব নোৱাৰে। এই দৰে সঞ্চিত পিত্তৰসৰ গেদ জমা হৈ অতি সহজে পিত্তপাথৰ বা গলব্লাডাৰ ষ্টল হয়। সেয়েহে ৪০-৪৫ বছৰীয়া মহিলা সৰ্বাধিক আক্ৰান্ত হয়। মহিলা সকলে গৰ্ভনিৰোধক বড়ী একেৰাহে তিনিমাহৰ অধিক কাল নাখাব। পৰাপক্ষত সুৰক্ষিত সময়ত সহবাস কৰিব আৰু অসুৰক্ষিত সময়ত সহবাসৰ পৰা বিৰত থাকিলে গলব্লাডাৰ ষ্টন হোৱাৰ সম্ভাৱনা কমে।
(২) উপচিতি আৰু অপচিতিৰ ওপৰতো এই ৰোগ হোৱাটো নিৰ্ভৰ কৰে। শাৰীৰিক পৰিশ্ৰম কমকৈ কৰা মধ্যবিত্ত আৰু ধনী ব্যক্তিৰ শৰীৰত কলেষ্টৰল বৃদ্ধি স্বাভাৱিকতে বাঢ়ে। শৰীৰত বৰ্ধিত কলেষ্টৰল ক্ৰমে গলব্লাডাৰত সঞ্চিত হৈ ষ্টন গঠন হয়। সেয়েহে শাৰীৰিক পৰিশ্ৰম, সাঁতোৰা , প্ৰতিদিনে অন্তত ১০ কিলোমিটাৰ চাইকেল চলালে এই ৰোগ হোৱাৰ সম্ভাৱনা কমে।
(৩) আজিকালি অসমত বিক্ৰী হোৱা খোৱাতেল প্ৰায় সকলোখিনি ভেজাল। এই ভেজাল খোৱাতেলৰ কাৰণে অসমত গলব্লাডাৰ ষ্টন বৃদ্ধি পাইছে। সেয়েহে এই ভেজাল তেলৰ ব্যৱহাৰ কমকৈ কৰিল গলব্লাডাৰ ষ্টন হোৱাৰ পৰা ৰক্ষা পাব ।
(৪) ফাষ্ট ফুড, কণী, ব্ৰইলাৰ মাংস, ঘৰচীয়া জন্তুৰ মাংস, ঘিউ, মাখন, পনীৰ ইত্যাদি বিভিন্ন প্ৰকাৰ চৰ্বীজাতীয় খাদ্য বেছিকৈ খোৱাৰ ফলত শৰীৰ লোদোৰ-পোদোৰ হোৱাৰ উপৰিও কলেষ্টেৰল বৃদ্ধি হয়। এই বৰ্ধিত কলেষ্টেৰলৰ কাৰণে গলব্লাডাৰ ষ্টনত আক্ৰান্ত হোৱাৰ উপৰিও উচ্চ ৰক্তচাপ আৰু হৃদৰোগ হোৱাৰ অধিক সম্ভাৱনা। সেয়েহে এই ধৰণৰ খাদ্য কমকৈ খালে এই ৰোগৰ পৰা হাত সাৰিব পাৰিব।
(৫) ৰাতিপুৱা খালী পেটেৰে থাকি দূপৰীয় উদৰপুৰাই খোৱা স্বভাৱৰ কাৰণেও শৰীৰত কলেষ্টেৰল বৃদ্ধি হৈ এই ৰোগ হয়। সেয়েহে ৰাতিপুৱা সদায় সামান্য গধুৰ আহাৰ খালে কলেষ্টেৰল নাবাঢ়ে। সদায় আহাৰ কমকৈ দিনটোৰ ভিতৰত ছবাৰ খালে কলেষ্টেৰল বৃদ্ধি নহয়। সেয়েহে গলব্লাডাৰ ষ্টনৰ উপৰিও গেষ্ট্ৰিকৰ ৰোগ, বদহজম ইত্যাদি অন্যান্য বহুতো ৰোগৰ পৰা ৰক্ষা পাব।
(৬)ৰাতিপুৱা খালী পেটত ৪-৫ ফুট নহৰু বাকলি সহ গিলি খালে শৰীৰৰ অতিৰিক্ত কলেষ্টেৰল কমি এই ৰোগৰ পৰা সুৰক্ষিত হ'ব পাৰিব। নহৰুৰ বাকলি আৰু সাৰভাগৰ মাজত থকা ভলেতাইল অইল নামৰ এবিধ তেলে শৰীৰৰ অতিৰিক্ত কলেষ্টেৰল কমায়।
(৭) সদায় কল খোৱাৰ অভ্যাস কৰিব। কলত থকা মেগনেছিয়ামে শৰীৰৰ কলেষ্টৰল নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। সেয়েহে সহজে কলখোৱা ব্যক্তিৰ গলব্লাডাৰ ষ্টন নহয়।
(৮) খাৰখোৱা অসমীয়াই আজিকালি কলাখাৰ চিনি নোপোৱা হ'ল। কলাখাৰ খালে হজম আৰু বিপাক সুচাৰুভাৱে হয় বাবে শৰীৰত কলেষ্টৰল বৃদ্ধি হোৱাটো নিয়ন্ত্ৰণ কৰে। তাৰোপৰি সদায় যথেষ্ট পৰিমাণে আহজাতীয় খাদ্য খাব লাগে। আহজাতীয় খাদ্যৰ কাৰণে খাদ্যত থকা চৰ্বী কমকৈ শোষিত হয় বাবে শৰীৰত কলেষ্টৰল নিয়ন্ত্ৰণ হয় আৰু গলব্লাডাৰ ষ্টন হোৱাৰ সম্ভাৱনা কমি যায়। (৯)তেতেলিত টাৰটাৰিক এচিড থাকে। তেতেলি খালে যকৃত বা লিভাৰৰ কাৰ্যক্ষমতা আৰু গলব্লাডাৰৰ সঙ্কোচন কাৰ্য্য ২০-২৫% বৃদ্ধি হয়। অতিৰিক্ত ভাৱে গলব্লাডাৰ সঙ্কুচিত হোৱাৰ পৰিপ্ৰেক্ষিতত গলব্লাডাৰৰ ভিতৰত থকা পিত্তৰস সম্পূৰ্ণৰূপে বাহিৰহৈ পিত্তাশয় বা গলব্লাডাৰ পৰিস্কাৰ কৰি ৰাখিব পাৰে। সেয়েহে তেতেলি নিয়মীয়াকৈ খালে গলব্লাডাৰ ষ্টন হোৱাৰ সম্ভাৱনা নাথাকে।
(১০) সৰ্পাসন, অৰ্ধচক্ৰাসন, চক্ৰাসন আৰু ময়ুৰাসন আদি যোগাসন কৰিলে পেটত অতিৰিক্ত চৰ্বী জমা হ'ব নোৱাৰে। তাৰোপৰি গলব্লাডাৰ অধিক সক্ৰিয় হোৱাৰ বাবে সহজে গলব্লাডাৰ ষ্টন নহয়।
ডা:মনোজ কুমাৰ শইকীয়া
মবাইল- 9435209704
Comments
Post a Comment