Posts

Showing posts with the label Homoeopathic

কিডনী স্তন কেনেকৈ বাধা দিব?

  কিডনী ষ্টন কেনেকৈ বাধা দিব ?  আজিকালি মানুহৰ কিডনী সমস্যা ইমান দ্ৰুত গতিত বৃদ্ধি পাব ধৰিছে ই সৰ্বসাধাৰণ মানুহৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। সমগ্ৰ বিশ্বৰ প্ৰায় ১২% মানুহ কিডনী পাথৰৰ সমস্যাত ভূক্ত ভুগী। উত্তৰভাৰতত ১৫% শতাংশ মানুহ কিডনী ষ্টনৰ সমস্যাৰ স্বীকাৰ হৈছে। মহিলাৰ তুলনাত পুৰুষ সকলৰ কিডনী পাথৰৰ সমস্যা অধিক হোৱা দেখা যায়। ৬% মহিলাৰ বিপৰীতে ১১% পুৰুষ কিডনী ষ্টনৰ সমস্যাত ভুগা দেখা যায়।  বহো সময়ত দেখা যায় বিভিন্ন কাৰণত মানুহৰ কিডনী পাথৰৰ সৃষ্টি হয় আৰু এইবোৰ প্ৰস্ৰাৱৰ ৰাস্তাৰে বাহিৰ হৈ যায়। কেতিয়াবা প্ৰস্ৰাৱথলী লৈ যোৱা নলী দাল যাক ইউৰেথৰ বুলি কোৱা হয়। কিডনী পৰা প্ৰস্ৰাৱ ইউৰিনেৰীব্লাডাৰ লৈ যোৱা নলী দালৰ মুখত অথবা নলী দালৰ মাজত কেতিয়াবা পাথৰ লাগি ধৰি নলীদাল পাতল হৈ যায় বা বহু সময়ত পাথৰ ব্লক হৈ কিডনীত বেক প্ৰেছাৰ সৃষ্টি কৰি কিডনীত পানী জমা হোৱা সমস্যা উদ্ভৱ হয় যাক আমি হাইড্ৰনেফ্ৰচিচ বুলি কওঁ। দীৰ্ঘদিন ধৰি এনে সমস্যা হৈ থাকি কেতিয়াবা কিডনীতো নষ্ট ( damage) হোৱা দেখা যায়। কিডনী পাথৰ কেইবা প্ৰকাৰৰো হয় । কিন্ত একেবাৰে কমন হ ' ল -কেলচিয়াম অকজিলেট। সাধাৰণতে ...

চ’ৰিয়াচিছ

Image
চ ’ৰিয়াচিছ আজি আমি আলোচনা কৰিম বৰ্তমান সময়ত অতি ব্যাপক ভাবে দেখাদিয়া এটা গুৰুত্বপূৰ্ণ সমস্যা চ’ৰিয়াচিছ, এবাৰ যদি এই বেমাৰ কেনেবাকৈ হবলৈ হয় তেনেহলে গোটেই জীৱন পিছ এৰিবই নুখুজে! চিকিৎসা কৰি কৰি ৰোগী ভাগৰী পৰে। আজি আপোনালোকক কম চ’ৰিয়াচিছ কি? ইয়াৰ কাৰণ কি? ইয়াৰ লক্ষণ আৰু প্ৰকাৰৰ বিষয়েও আপোনালোকক কম। শেহতীয়াকৈ চলোৱা এক অধ্যয়নত প্ৰকাশপোৱা অনুসৰি কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰতেএ ৮ মিলিয়নতকৈও বেছি মানুহ এই চ’ৰিয়াচিছ ৰোগত আক্ৰান্ত। সমগ্ৰ বিশ্বৰ প্ৰায় ১২৫ মিলিয়ন লোক এই চ’ৰিয়াচিছৰ সমস্যাত ভূক্ত ভুগী। অৰ্থাত মুঠ জনসংখ্যাৰ ৩ শতাংশ লোকৰ এই চ’ৰিয়াচিছৰ সমস্যা আছে। চ’ৰিয়াচিছ ৰোগৰ কাৰণ কি? এই ৰোগৰ সঠিক কাৰণ কি বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও চ’ৰিয়াচিছক auto Immune ডিজিজৰ তালিকাত অন্তৰ্ভূক্ত কৰা হৈছে। Auto Immune ডিজিজ কি ইয়াক জানিবলৈ প্ৰথম আমি আমাৰ দেহৰ এন্টিবডি বা ৰোগ প্ৰতিৰোধী ক্ষমতা কি তাক জানিব লাগিব। আমাৰ শৰীৰত যি ৰোগ প্ৰতিৰোধী ক্ষমতা বা এন্টিবডি আছে, এইবোৰে আমাৰ শৰীৰত হানিকাৰক উপাদান যেনে- বেক্তেৰিয়া, ভাইৰাছ বা অন্য কোনো ৰোগৰ বীজাণু যাক Antigen বুলি কওঁ, এই Antigen বোৰ শৰীৰত প্ৰৱেশ কৰিলে তাৎক্ষণিক...