Posts

Showing posts with the label about Indian herbs and home remedies

ডিঙিৰ বিভিন্ন সমস্যাৰ বাবে উপযোগী যষ্ঠিমধুৰ

Image
ডিঙিৰ বিভিন্ন সমস্যাৰ বাবে উপযোগী যষ্ঠিমধুৰ হাজাৰ বছৰৰ আগৰে পৰাই আয়ুৰ্বেদে বহু প্ৰকাৰৰ ঔষধ প্ৰস্তুত কৰণৰবাবে ব্যৱহাৰ কৰি আহিছে যষ্ঠি মধু। এই যষ্ঠিমধু ডিঙিৰ বিভিন্ন সমস্যাৰ বাবে উপযোগী। যষ্ঠিমধুৰ প্ৰয়োগেৰে বহু সমস্যাৰ পৰা উপষম পাব পাৰি। যষ্ঠিমধুৰ উপকাৰীতাঃ ক’ফ বা ডিঙিৰ বিষ জনিত যিকোনো সমস্যাৰ বাবে এই যষ্ঠিমধু বৰ উপকাৰী। ইয়াৰ উপৰি বুকুত জমা হোৱা জেপেতীয়া কফ পৰীস্কাৰ কৰাত সহায় কৰে। যষ্ঠিমধু ব্যৱহাৰ কৰি মুখৰ দুৰ্গন্ধ দূৰ কৰাৰ লগতে এছিডিতিৰ সমস্যাৰ পৰাও পৰিত্ৰাণ পাব পাৰি। উতলা পানীত যষ্ঠিমধু তিয়ায় ঠাণ্ডা কৰি সেই পানীত চেনি মিহলাই সেৱন কৰিলে এছিডিটিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। যষ্ঠিমধুৰ সেৱনে স্মৃতি শক্তি বৃদ্ধিতো সহায় কৰে। যষ্ঠিমধুৰ সৈতে গুৰ মিশ্ৰণ কৰি দৈনিক সেৱন কৰিলে স্মৃতি শক্তি বৃদ্ধি পায় বুলি আয়ুৰ্বেদাচাৰ্যসকলে সকলে মত পোষণ কৰিছে। লিভাৰৰ সুৰক্ষাৰ বাবেওঁ যষ্ঠিমধু ফলপসু । চালৰ বাবেও যষ্ঠিমধু উপযোগী। ঘিঁৰ সৈতে যষ্ঠিমধুৰ পেস্ত প্ৰস্তোত কৰি চালত প্ৰয়োগ কৰিলে চালখন উজ্জল আৰু মসৃণ হয়। চালত কোনো কাৰণত হোৱা দাগ গোচাবৰ বাবেও ঘিঁ আৰু যষ্ঠিমধুৰে তৈয়াৰি পেস্ত প্ৰয়োগ কৰি এই দাগৰ সমস্যাৰ পৰা পৰত্...

গেষ্ট্ৰিক আলচাৰ বা পেটৰ ঘাঁ হলে কি খাব, কি নাখাব জানো আহক

Image
  গেষ্ট্ৰিক আলচাৰ বা পেটৰ ঘাঁ হলে কি খাব, কি নাখাব জানো আহক গেষ্ট্ৰিক আলচাৰ এটা গুৰুত্বপূৰ্ণ সমস্যা। স্তমাক আলচাৰ বা gastric ulcer, duodenal and peptic ulcer, যিটো আমি সৰ্বসাধাৰণতে পেটৰ ঘাঁ বুলি কওঁ। ই এনে এক ভয়াৱহ সমস্যালৈ পৰিণত হৈছে, বৰ্তমান সময়ত আমাৰ দেশৰ ২৮.৮ শতাংশ মানুহে এই সমস্যাত ভুক্তভোগী। গতিকে এই সমস্যা জনজীবনৰ কাৰণে এক ভাবুকি স্বৰুপেই হৈ পৰিছে। সেইয়েহে আজি আমি কথা পাতিম পেটত ঘাঁহোৱাত বাধাদিয়া আৰু পেটত হোৱা ঘাঁ শুকুৱাবৰ বাবেসহায়ক হোৱা কেইবিধমান খাদ্যৰ বিষয়ে। লগতে নাখাবলগা কিছুমান খাদ্য যিবোৰে ঘাঁৰ বৃদ্ধিত সহায় কৰে তাৰ বিষয়েও আপোনালোকক জনাম। সাধাৰণতে আমাৰ পেটত যি ঘাঁ হয় সেয়া আমাৰ পাকস্থলি বা খাদ্যৰ ভৰালটোত বেছিকৈ হয়। এই ঘাঁ সাধাৰণতে তিনিতা কাৰণত হয়। যদি আমাৰ পাকস্থলীত বেছি এছিডিটি হয় তেতিয়া ই আমাৰ পাকস্থলীটোত ঘাঁ লগাব পাৰে। যদি আমাৰ পাকস্থলী বা খাদ্য নলীত বেক্টেৰীয়াৰ সংক্ৰমণ হয়,  যিতো আমি হেলিকবেক্টাৰ পাইলৰি বুলি কওঁ, এই বেক্টেৰীয়াৰ অধিক সংক্ৰমণৰ বাবেওঁ ঘাঁ হ’ব পাৰে। আৰু যদি আপোনি অত্যাধিক বিষ নাশক ঔষধ সেৱন কৰে তেতিয়াও ঘাঁ হ’ব পাৰে। আমি যিবোৰ বিষনাশক ঔষধ খাওঁ সেই বোৰে...

ভৰিত হোৱা জ্বলন পোৰণ বা জিনজিননি

  ভৰিত হোৱা জ্বলন পোৰণ বা জিনজিননি বা দাহ-ৰোগ সাধাৰণতে ভৰিৰ স্নায়ু বিলাকৰ শেষ প্ৰান্ত অঞ্চল আঘাটপ্ৰাপ্ত বা ক্ষতিগ্ৰস্ত হোৱাৰ ফলত মানুহৰ ভৰিৰ জ্বলন পোৰণ বা জিনজিননিযুক্ত ৰোগৰ সৃষ্টি হব পাৰে যাক ইংৰাজীত Neuropathy বুলি কোৱা হয় ।যদিও বহুতো স্বাস্থ্য সম্বন্ধীয় ৰোগ বা সমস্যাৰ ফলত ভৰিৰ জ্বলন পোৰণযুক্ত ৰোগৰ সৃষ্টি হব পাৰে তথাপি ডায়েবেটিছ হ'ল এই সমস্যাটোৰ সৃষ্টিকাৰী স্বাস্থ্য সম্পৰ্কীয় সমস্যা বিলাকৰ ভিতৰত প্ৰধান। ভৰিৰ জ্বলন পোৰণ বা জিনজিননি সমস্যা সৃষ্টিকাৰী কাৰণ সমূহ :- Neuropathy বা স্নায়ুৰ শেষ প্ৰান্ত অঞ্চল ক্ষতিগ্ৰস্ত হোৱাৰ ফলতেই এই সমস্যাৰ সৃষ্টি হয়। ক্ষতিগ্ৰস্ত বা ধ্বংসপ্ৰাপ্ত স্নায়ু বিলাক দৰকাৰতকৈ বেছি সক্ৰিয় কিন্তু নিজৰ কাৰ্য্য সম্পাদন কৰাত অপাৰগ হ'লে এনে সমস্যাৰ সৃষ্টি হয়। বেছিভাগ ক্ষেত্ৰতেই Neuropathy যুক্ত ৰোগীৰ ভৰিৰ স্নায়ু বিলাক প্ৰথমে ক্ষতিগ্ৰস্ত হয় আৰু তেনে লোকৰ ভৰিৰ জিনজিননি বা অৱশতা ইত্যাদি লক্ষণ দেখা দিয়ে। বহুতো লোকে অভিযোগ কৰে যে তেওঁলোকৰ ভৰিবিলাক খুব সংবেদনশীল হয় আৰু কম বা বেছি পৰিমাণে জ্বলন যুক্ত বিষ অনুভৱ কৰে। কিছুমানে খোজ কাঢ়িবলৈকেও অপাৰগ হয়। ডায়েবেটিছ বা মদ্যপা...

14 anti-diabetic vegetable

Image
14 anti-diabetic vegetable   আজি আমি আলোচনা কৰিম কেইবিধমান শাক-পাচলিৰ বিষয়ে, যি কোনোধৰণৰ ঔষধ গ্ৰহণ নকৰাকৈয়ে ডায়েবেটিছ নিয়ন্ত্ৰনত যথেষ্ট সহায়ক হব। কাৰন ডায়েবেটিছ ৰোগীয়ে খাদ্যৰ ক্ষেত্ৰত যিহেতু বিশেষ শতৰ্কতা অৱলম্বন কৰাতো জৰুৰী। আমাৰ বাৰীত এনেকুৱা কিছুমান সহজতে পোৱা শাক-পাছলি আছে যিবোৰ গ্ৰহণ কৰি কোনোধৰণৰ ঔষধ গ্ৰহণ নকৰাকৈয়ে ডায়েবেটিছ নিয়ন্ত্ৰন কৰাৰ লগতে কোষ্ঠকাঠিন্য, গেছ, এছিডিটি, বদহজম, কিডনিৰ বিভিন্ন সমস্যা, হৃদৰোগ, কেন্সাৰ আদিৰ দৰে গুৰুতৰ ৰোগৰ পৰা হাতসাৰি থাকিব পৰা যায়। গতিকে আমি এই শাক পাচলি বোৰৰ বিষয়ে আলোচনাকৰিম। (১) মেথিঃ মেথি অত্যন্ত উপকাৰী। মেথী শাক চবজি বনাই খাব পাৰে অথবা ভালদৰে ধুই চালাদ বনাই খাব পাৰে। মেথি কেঁচা পিঁয়াজ, জলকীয়া, আদা আদিৰ সৈতে কেঁচাকৈ খাব পাৰে। খাবলৈও ভাল হয়। কিন্তু বৰ্তমান যিহেতু কৰোনা সংক্ৰমন চলি আছে গতিকে চালাদ খোৱাতকৈ চবজি বনাই খাব। মেথিত বিভিন্ন প্ৰকাৰৰ এমাইন এচিড, ফেটি এচিড, ভিটামিন খনিজ আদি উপাদান থাকে। মেথিয়ে ডায়েবেটিছ, কেন্সাৰ আদি ৰোগ প্ৰতিৰোধ কৰে লগতে মেথি শাকত এন্টিঅক্সিজেন উপাদান থাকে। মেথিত soluble fibre থাকে, ই হজমী শক্তি বৃদ্ধি কৰে আৰু শৰীৰৰ কাৰ...

নৱজাতক শিশুৰ মালিচ [

Image
⇒ নৱজাতক শিশুৰ মালিচ ⇒ মালিচ কি? ⇒ মালিচৰ পৰা শিশুৰ কি লাভ হয়? ⇒ আপোনাৰ শিশুটিক কেতিয়াৰ পৰা মালিচ কৰিব?  ⇒ আপোনাৰ শিশুটিক কোন সময়ত মালিচ কৰিব? ⇒ মালিচ কৰোতে কি তেল ব্যৱহাৰ কৰিব? ⇒ পৰ্যায়ক্ৰমে শিশুক মালিচ কেনেকৈ কৰিব? নৱজাতক শিশুৰ মালিচ [ শিশুৰ মালিচ[/caption] ব হু প্ৰতীক্ষাৰ অন্তত নৱজাতক এটি মাতৃৰ কোলালৈ অহাৰ পাছতেই সকলো লোক শিশুটিক লৈ বিশেষ ভাবে ব্যস্ত হৈ পৰে। নিজৰ শিশুটিক সুস্থ-সৱল কৰি ৰাখিবলৈ কেনেদৰে তেল মালিচ কৰি, কি চাবোনেৰে গা ধুৱাব, কি ক্ৰীম গাত লগাব আদি বিষয় সমূহক লৈ চিন্তিত হৈ পৰে। বহুতেই অকৌ নৱজাত শিশু জন্মৰ কিমান দিনৰ পৰা মালিচ কৰিব, কেনেকৈ কৰিব সেই বিষয়েও অজ্ঞ। অন্যহাতে বহু লোকৰ ক্ষেত্ৰত দৃষ্টিকটু ভাবে দেখিবলৈ পোৱা গৈছে যে, নিজৰ নৱজাতকটিক মাচাজ কৰিবৰ বাবে মাহেকীয়া পাৰিশ্ৰমিক দি কোনোধৰণৰ ব্যৱহাৰীক শিক্ষাৰ জ্ঞান নথকা ধাই নিষুক্ত কৰে। ই অত্যন্ত দূৰ্ভাগ্যজনক কথা। নিজৰ শিশুটিক পৰিচৰ্যাৰ বাবে অন্তত ১ ঘন্টা সময় উলিয়াই লওক। ধাই বা তেনে ধৰণৰ বাহিৰা মানুহৰ হতুৱাই মালিচ দিয়াটো একেবাৰে অনুচিত কথা। প্ৰয়োজন সাপেক্ষে শিশু বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব। মালিচ কিঃ শিশু ...

জলফাইঃ

Image
জলফাইঃ জলফাইয়ে হাৰ্টৰ বেমাৰ আৰু কেন্সাৰ প্ৰতিৰোধ কৰে! ⇒ জলফাই ⇒ জলফাইৰ পৰিপুষ্টি গুণ ⇒ জলফাই উপকাৰিতা   জলফাই তেঙা, প্ৰচুৰ আঁহ সমৃদ্ধ এবিধ সৰু ফল জলফাই। জলফাই নিয়মিত খালে খাদ্য হজম হোৱাত সহায় কৰে, লগতে জলফাইয়ে আমাৰ পাকস্থলি, ক্ষুদ্ৰান্ত, বৃহদান্ত আৰু কলন কেন্সাৰৰ ৰোগ প্ৰতিৰোধত সহায় কৰে।জলফাইৰ তেলও স্বাস্থ্যৰ পক্ষে অত্যন্ত উপকাৰী।জলফাই আচাৰ কৰি খোৱাতকৈ কেঁছাকৈ খালেহে ইয়াৰ পৰা বেছিকৈ পৰিপুষ্টি পোৱা যায়। জলফাইৰ পুষ্টিগুণঃ জলফাই ভিটামিন চিৰ ভাল উৎস।জলফাই খনিজ, ভিটামিন, ফাইবাৰ আৰু এন্টিঅক্সিডেন্ট সমৃদ্ধ।     প্ৰতি ১০০ গ্ৰাম জলফাইত ১১৫-১৪৫ কিলোকেলৰি, ১১-১৫ % শৰ্কৰা, ৭৫-৮০% পানী, ৪-৬ % কাৰ্বহাইড্ৰেট, ৫৯ মিলিগ্ৰাম কেলচিয়াম আৰু ১৩ মিলিগ্ৰাম ভিটিমিন-চি থাকে। জলফাই উপকাৰীতাঃ ১) জলফাই তেলত ফেটিএচিড আৰু এনিটিঅক্সিডেন্ট থকাৰ বাবে আমাৰ চুলি আৰু চালৰ বাবে অত্যন্ত উপকাৰী। জলফাই তেলে চুলিৰ গুৰি মজবুট কৰি চুলি সৰাত বাধা দিয়ে। জলফাইত থকা ভিটামিন ই এ আমাৰ চাল উজ্বল আৰু মসিন কৰে। ২) জলফাই তেল নিয়মিত সেৱন কৰিলে হাৰ্ট এটেকৰ সম্ভাৱনা কমে।হাড়ৰ ক্ষয় ৰোধ কৰে। ৩) নিয়মিত ...

নেজেল পলিপ কি, কিয় হয়? ইয়াৰ চিকিৎসাঃ

Image
নেজেল পলিপ কি, কিয় হয়? ইয়াৰ চিকিৎসাঃ নেজেল পলিপ আ মি আজি কথা পাতিম নেজেল পলিপচ বা পলিপাচৰ বিষয়ে। কেতিয়াবা ৰাতিপূৱা শুই উঠাৰ পাছত কোনো কোনো ব্যক্তিৰ ইমানেই হাঁচি হয়, হাঁচিয়াই হাঁচিয়াই অৱস্থা কাহিল হৈ যায়। কেতিয়াবা ঠাণ্ডাপানীত গাধুৱাৰ পাছত, কেতিয়াবা অলপমান ধুলি-বালি থকা ঠাইত গলেই নাকৰ পানী চকুৰ পানী একাকাৰ হোৱা হাঁচি যেন অন্তই নপৰিব। লগে লগে চৰ্দি, জ্বৰ জ্বৰ ভাব, মাথাৰ বিষ আদিয়ে ব্যক্তিজনৰ অৱস্থা কাহিল কৰি দিয়ে, আৰু কেতিয়াবা পূৱা শুইউঠাৰ পাছৰে পৰা ইমানেই হাঁচি হয়, হাঁচিয়াই হাঁচিয়াই একেবাৰে দূৰ্বল লেবেযান হৈ যায়। এই সমস্যাটোক লৈ যেতিয়া ব্যক্তি এজন ডাক্তৰৰ কায চাপে তেতিয়া ডাক্তৰে পৰীক্ষা নিৰীক্ষা কৰি কয় যে, ব্যক্তিজনৰ পলিপাচ হৈছে বা পলিপচ হৈছে। আৰু কোনো কোনো ডাক্তৰে ইয়াক লগে লগে অস্ত্ৰোপ্ৰচাৰ বাবে উপদেশ দিয়ে। মই এনেকুৱা কেইবাজনো ৰোগী পাইছো যি নেজেল পলিপচ অস্তোপ্ৰচাৰ কৰি ইতিমধ্য উঠাই দিয়া বুলি জনাইছে। তাৰ পিছতো কিন্তু একে সমস্যাকে লৈ মোৰ ওচৰত চিকিৎসা গ্ৰহন কৰিবলৈ আহিছে। যাৰ নেকি অপাৰেচন কৰিব লগা কোনো কাৰণেই নাছিল। আজি কালি কি কাৰণত নাজানো, কিছুমান ডাক্তৰে ৰোগীক নাকৰ পলিপচ বা পলিপাচ হো...

কি কি খাদ্য খালে থাইৰয়েড কমেঃ

Image
কি কি খাদ্য খালে থাইৰয়েড কমেঃ থাইৰয়েড অ জি আমি কেইবিধমান খাদ্যৰ বিষয়ে আলোচনা কৰিম যিবোৰৰ নিয়মিত গ্ৰহণ কৰি আমি থাইৰয়েডৰ সমস্যাৰ পৰা বাছি থাকিব পাৰো। এই ৰোগ হলে কেৱল ঔষধৰ ওপৰতে নিৰ্ভৰ নকৰি সঠিক খাদ্য সঠিক সময়ত গ্ৰহন কৰে তেনে হলে এই ৰোগৰ পৰা পৰিত্ৰান পোৱা সম্ভৱ। আপোনালোকে কেৱল ঔষধৰ উপৰত কেতিয়াও নিৰ্ভৰ নকৰিব। কৰণ থাইৰক্সিন হৰমনৰ ঔষধৰ ষথেষ্ট পাৰ্শ্বক্ৰিয়া আছে। এইবোৰ দৈনিক গ্ৰহণ কৰাৰ ফলত অত্যাধিক ভাগৰ লগা, হাত-ভৰি কঁপনি উঠা, চুলিসৰা, বুকুৰ ধপধপনি বৃদ্ধি হোৱা আদি সমস্যা হয়। স্বাভাৱিক অৱস্থাত আমাৰ থাইৰয়েড গ্ৰন্থীয়ে সঠিক মাত্ৰাত থাইৰয়েড হৰমন উতপন্ন কৰে কিন্তু যেতিয়া আমি এই থাইৰয়েডৰ ঔষধ গ্ৰহণ কৰো তেতিয়া এই হৰমন নিসৰণত বিসংগতি আহিবলৈ ধৰে। যাৰ বাবে আমাৰ বিভিন্ন সমস্যা হবলৈ ধৰে।           গতিকে আমি এইবোৰ খাদ্য গ্ৰহণ কৰাৰ লগে লগে খাদ্য সামগ্ৰীৰ প্ৰতিও সচেতন হব লাগে। যাতে ঔষধ অবিহনেই আমি এই থাইৰয়েড নিয়ন্ত্ৰন কৰিব পাৰো। তাৰ বাবে আমি কেনেকুৱা ধৰণৰ খাদ্য খালে আমিৰ থাইৰয়েড নিয়ন্ত্ৰন হব সেই বিষয়ে আমি জানিব লাগিব।       ...

এলাৰ্জী(Allergies)

এলাৰ্জী                       আপোনাৰ সঘনাই চৰ্দী, পানী-লগা হৈ থাকে নেকি? অকমান ঠাণ্ডা লাগিলেই নাক বন্ধ হৈ যায় বা নাকৰ পৰা পানী ওলাবলৈ ধৰে নেকি? ঋতু পৰিবৰ্তন বা ঠাণ্ডা গৰম পৰিবেশ সলনি হোৱাৰ ফলত বা অকমান ধুলি, বালিৰ সংস্পৰ্শত শ্বাস-প্ৰস্বাস লোৱাত অসুবিধাৰ সৃষ্টি হয় নেকি নে নেৰানেপেৰাকৈ হাঁচিয়াবলৈ ধৰে? কিবা খাদ্য বস্তুৰ সেৱনৰ ফলত গা বিজবিজাই আৰু খজুৱতি হয় নেকি? এই সকলোবিলাক প্ৰশ্নৰ উত্তৰ যদি '' হয়'' বুলি কয় তেন্তে ইয়াৰ মূখ্য কাৰণ হব পাৰে এলাৰ্জী। এলাৰ্জী হ'ল আমাৰ শৰীৰৰ ঘটা এক ধৰণৰ বিৰূপ প্ৰতিক্ৰিয়া। কোনো এলাৰ্জেন (allergen) যেনে - ধুলি, বালি, ঠাণ্ডা, ঋতু পৰিবৰ্তন, কোনো খাদ্যবস্তু, ঔষধ ইত্যাদিৰ প্ৰভাৱ শৰীৰে সহ্য কৰিব নোৱাৰিলে কিছুমান বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু শৰীৰে এই এলাৰ্জেন বিলাক শৰীৰৰ পৰা আতৰাই পঠাবলৈ বা ধ্বংস কৰিবলৈ কিছুমান সহাঁৰি জনাই যাক allergic reaction বুলি কোৱা হয় ।আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতাই আমাক নিয়মিত ভাবে এই এলাৰ্জেন বিলাকৰ পৰা সুৰক্ষা দি আছে। শৰীৰত allergic reaction সৃষ্টিকাৰী এই এলাৰ্জেন বিলাকক antige...

ফলমূল আৰু ষ্টীকাৰ (sticker) ৰহস্য কি জানো আহক

Image
ফলমূল আৰু ষ্টীকাৰ (sticker) ৰহস্য আজিকাতি বজাৰত দেখিবলৈ পোৱা সতেজ, সুস্বাদু আৰু সুগন্ধিযুক্ত ফলমূল সমূহ প্ৰাইবোৰেই আমদানিকৃত। স্থানীয় ফলমূত খুব কমেই দেখা যায়। বৰ্তমান সময়ত আমাৰ মানসিকতা এনেদৰে ঘঢ়লৈ উঠিছে যে আমি বজাৰত সতেজ ফল-মূল দেখিলেই কোনো বাট বিছাৰ নকৰাকৈ কিনিবৰ মন যায় বা কিনি আনো। সেই ফল-মূল বোৰত যে কিছুমান ষ্টীকাৰ লগাই থোৱা থাকে আপোনালোকে মন কৰিছেনে? বোধ হয় মন কৰিছে কিন্তু তাৰ ৰহস্য জানিবলৈ চাগে কোনো দিনেই চেষ্টা কৰা নায়। আজি আপোনা লোকক এই ষ্টীকাৰৰ ৰহস্যৰ বিষয়ে আপোনালোকক অৱগত কৰিম।        এই ষ্টীকাৰ সমূহত উৎপাদনকাৰী সংস্থাৰ কিছু গুৰুত্বপূৰ্ণ তথ্য সন্নিবিষ্ট হৈ থাকে। ষ্টীকাৰৰ PLU (Price look-up) ক'ড কোন দেশত প্ৰস্তুত কৰা হৈছে, কেনেকৈ প্ৰস্তুত কৰা হৈছে আদি তথ্য সমূহ যোগান দিয়াৰ লগতে নিজৰ সংস্থাৰ প্ৰচাৰো আগ বঢ়াই। যদি ষ্টীকাৰত আৰম্ভণিৰ সংখ্যাটো ৩ বা ৪ হয় আৰু চাৰিটা সংখ্যাযুক্ত ক'ড থাকে তেন্তে বুজা উচিত যে ফলবিধ আধুনিক কৃষি প্ৰযুক্তিৰ সহায়ত উৎপাদন কৰা হৈছে আৰু ফলবিধ উৎপাদন কৰাৰ বাবে পৰ্যাপ্ত পৰিমাণে কৃত্ৰিম সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰা হৈছে ষ্টীকা...