Posts

Showing posts with the label Other

আত্ম হত্যা কিয় কৰে! ইয়াৰ বাবে দায়ী কোন? এক ভয়াবহ সামাজিক ব্যাধি!

আত্ম হত্যা কিয় কৰে ! ইয়াৰ বাবে দায়ী কোন? এক ভয়াবহ সামাজিক ব্যাধি ! বৰ্তমান সময়ত প্ৰত্যাহ্বান স্বৰুপ হৈ পৰা এটা সমাজিক ব্যাধি আত্ম হত্যা! অৰ্থাত আত্ম হনন স্ব হত্যা। কিয় সংকটজনক ভাৱে বৃদ্ধি হৈ গৈছে এনে ধৰণৰ হতাস, যাৰ বাবে বাঢ়িছে আত্মহত্যাৰ প্ৰৱনতা। ইয়াৰ বাবে কোন জগৰীয়া, কেনে দৰে ইয়াক আমি ৰোধ কৰিব পাৰিম। এই সকলোবোৰ বিষয়ে আজি আমি আলোচনা কৰিম। আজি কেইমাহমানৰ আগতে ঢকুৱাখানা মহকুমাৰ এখন মহাবিদ্যালয়ৰ এজন ছাত্ৰই শিক্ষকে প্ৰদান কৰা এক লঘু দণ্ডৰ পৰিপেক্ষিতত আত্ম হননৰ পথ বাছি ললে। কেই দিন মানৰ আগত এগৰাকী যুৱতীয়ে নিজৰ পেমাস্পদৰ আত্ম হত্যাৰ পৰিপেক্ষিতত নিজেও ৰেলৰ আগত জপিয়াই আত্ম হত্যা কৰিলে। পৰীক্ষাত ভাল ৰিজাল্ট কৰিব নোৱাৰি এগৰাকীয়ে কৰিলে স্ব হত্যা! থিক একেদৰে জনপ্ৰিয় অভিনতা সুশান্ত সিং ৰাজপুতৰ ব্যক্তিগত সহায়কে আত্ম হত্যা কৰা চাৰিদিনৰ পিছতেই প্ৰতিশ্ৰুতি সম্পন্ন বলিউদৰ উদীয়মান অভিনেতা সুশান্ত সিং ৰাজপুতেও চিৰদিনৰল বাবে নোমোৱাই পেলালে নিজৰ জীৱনৰ জ্যোতি। এই খবৰ বোৰে নিশ্চত ভাৱে সভ্য সমাজৰ মানুহ বোৰক এবাৰ হলেও ভাৱিবলৈ বাধ্য কৰাইছে। কিয় এই হতাশা! কিয় এই কঠোৰ সিদ্ধান্ত! কিমান মানসিক আঘাট পালে, কিমান হত...

কেনেকৈ নিৰোগী হৈ থাকিবঃ

Image
কেনেকৈ নিৰোগী হৈ থাকিবঃ জী ৱন কালত আমি সদায় নিৰোগী হৈ থাকিবৰ বাবে খোৱা খাদ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াতো অত্যন্ত জৰুৰী। কাৰণ আমি খোৱা বিভিন্ন খাদ্যৰ পৰাই আমাৰ দেহে প্ৰয়োজনীয় ভিন্ন ভিন্ন ভিটামিন লাভ কৰে। লগতে আমি সঠিক সময়ত খাদ্য সঠিক পৰিমানে খোৱাৰ উপৰতো গুৰুত্ব প্ৰদান কৰাতো অতি জৰুৰী। আপোনালোকে হয়তো দেখিছে এনেকুৱা কিছুমান মানুহ আছে যি জীৱন কালত কেতিয়াও মাদক, দব্য বা মদ, ভাং, বিৰি, চিগাৰেট সেৱন কৰা নাই। আৰু বাহিৰৰ হোটেলত খাদ্য খালে স্বাস্থ্য়ৰ ক্ষতি হব বুলি কেতিয়াও বাহিৰত খাদ্য গ্ৰহন নকৰে যদিও কিন্তু সেই সকলৰ কেতিয়াবা গুৰুত্ব ৰোগ হোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ একমাত্ৰ কাৰণ হল সময় মতে খাদ্য গ্ৰহন নকৰা বা খাদ্য খোৱা পাছত কিছুমান নিয়ম পালন নকৰা। আমি সকলোৱে জানো যে শৰীৰত ভিটামিনৰ অভাৱ পূৰনৰ বাবে  বিভিন্ন ধৰণৰ শাক পাচলি, ফল-মূল, গাখীৰ আদি খাব লাগে। এই বোৰ আমি নিয়মিত খোৱাৰ পাছতো কিন্তু প্ৰতি দুজনৰ ভিতৰত এজন ব্যক্তিৰ অৰ্থাত ৫০ শতাংশ মানুহৰ দেহত ভিটামিন, আইৰণ, কেলচিয়াম আদি শৰীৰৰ বাবে অতি প্ৰয়োজনীয় পোষণৰ অভাৱত ভূগিব লগা হৈছে। কাৰণ বহুলোকে খাদ্য খোৱা পাছত এনে কিছুমান কাম কৰে যাৰ বাবে খাদ্য ভালদৰে ...

লং আৰু ইয়াৰ উপকাৰিতা

সুগন্ধি মছলা লং আৰু ইয়াৰ উপকাৰিতা                  'শব্দ' নামক অনলাইন অভিধানমতে লং হ'ল মুখশুদ্ধিৰূপে বা দৰৱত ব্যৱহাৰ কৰা এবিধ গছৰ শুকান সুগন্ধি  অংকুৰ ৷ অসমীয়াৰ দৰে নাগামিজটো ই লং নামেৰেই জনাজাত৷ ইংৰাজীত Clove বুলে৷ ইয়াৰ বৈজ্ঞানিক নাম হ'ল Syzygium aromaticum ৷ আৰবী ভাষাত কুৰান ফুল,চীনা ভাষাত ডিং জিয়াং,ৰুচ ভাষাত Gvozdika,হিন্দীত বুলে লৌংগ৷ গুজৰাটীত লভিংগ, মাৰাঠীত লবংগ, তামিলত কিৰাংপু , তেলেগুত লবংগালু ,মলয়ালমত গ্ৰামপু,পঞ্জাবীত মিৰাকা,ওৰিয়াত লবংগ আৰু বাংলাত লবঁগ নামেৰে জনাজাত ৷ অন্যান্য নাম কেইটিমান হ'ল-Caryophylli Flos, Caryophyllum, Caryophyllus aromaticus, Clou de Girofle ৷            কি কি লাগতিয়াল তত্ব ইয়াত থাকে ?              প্ৰতি ১০০গ্ৰাম লঙত ৩৪গ্ৰাম ফাইবাৰ,৬৬গ্ৰাম কাৰ্বোহাইড্ৰেট, ৬গ্ৰাম প্ৰটিন, ১০২০মিলিগ্ৰাম প'টেচিয়াম,২৭৭মিলিগ্ৰাম চ'ডিয়াম,৩%ভিটামিন-এ , ৩%ভিটামিন-চি, ৪%ভিটামিন-কে, ৬৩% কেলচিয়াম, ৬৪%মেগনেচিয়াম, ৬৪% মেংগানিজ আৰু ৬৫%আইৰণ থাকে৷ তদুপৰি কম পৰিমানত ভ...

মাতৃদুগ্ধৰ বিষয়ে জানিবলগীয়া কিছু লাগতিয়াল কথা

মাতৃদুগ্ধৰ বিষয়ে জানিবলগীয়া কিছু লাগতিয়াল কথা          এজন অখ্যাত লোকৰ উক্তিমতে এটি শিশুৰ জন্মৰ লগে লগে এগৰাকী মাতৃৰো জন্ম হয় ৷ সঁচাই মাতৃত্বৰ অনুভৱ হ'ল অনন্য ৷ মাতৃত্বক পূৰ্ণতা প্ৰদান কৰে মাতৃৰ মমতাই ৷ মমতাময়ী মাতৃয়ে নিজ সন্তানক স্তনপান কৰাই অবৰ্ণনীয় সুখানুভূতি অনুভৱ কৰে ৷ এই নিৱন্ধত মাতৃদুগ্ধৰ উপকাৰিতা আৰু যিসকল মাতৃৰ দুগ্ধৰ পৰিমাণ কম তাৰ প্ৰতিকাৰৰ বিষয়ে আলোচনা কৰিম ৷ সন্তানৰ ক্ষেত্ৰত স্তনপানৰ উপকাৰিতা সমূহ হ'ল নিম্নলিখিত : - • Sudden infant death syndrome (SIDS) হ'ল এটি স্বাস্থ্যজনিত পৰিঘটনা, য'ত কিছুমান শিশুৰ জন্মৰ এবছৰৰ ভিতৰত মৃত্যু ঘটা পৰিলক্ষিত হয় ৷ ইয়াৰে ৯০ শতাংশ মৃত্যু ওপজাৰ ৬মাহৰ ভিতৰতে হয় ৷ অনুমানিক কাৰণসমূহৰ ভিতৰত মদ্যপান, ধপাত, নানান সংক্ৰমণ, অপৈণত বয়সত গৰ্ভধাৰণ, সন্তানৰ অযত্ন বিশেষকৈ মাতৃদুগ্ধৰ পৰা বঞ্চিত কৰা আৰু জেনেটিক কাৰণ অন্তৰ্নিহিত থাকিব পাৰে বুলি ভবা হৈছে ৷ এতিয়া দেখা গৈছে যে মাতৃদুগ্ধৰ প্ৰয়োজনীতাৰ সপক্ষে জোৰদাৰ প্ৰচাৰ চলোৱাৰ ফলত আৰু মাতৃ সকলে ইয়াক গ্ৰহণ কৰিবলৈ লোৱাৰ ফলত এই SIDS ত মৃত্যুৰ হাৰ সন্তোষজনকভাবে হ্ৰাস পাইছে ৷ • মাতৃদুগ...

ফলমূল আৰু ষ্টীকাৰ (sticker) ৰহস্য কি জানো আহক

Image
ফলমূল আৰু ষ্টীকাৰ (sticker) ৰহস্য আজিকাতি বজাৰত দেখিবলৈ পোৱা সতেজ, সুস্বাদু আৰু সুগন্ধিযুক্ত ফলমূল সমূহ প্ৰাইবোৰেই আমদানিকৃত। স্থানীয় ফলমূত খুব কমেই দেখা যায়। বৰ্তমান সময়ত আমাৰ মানসিকতা এনেদৰে ঘঢ়লৈ উঠিছে যে আমি বজাৰত সতেজ ফল-মূল দেখিলেই কোনো বাট বিছাৰ নকৰাকৈ কিনিবৰ মন যায় বা কিনি আনো। সেই ফল-মূল বোৰত যে কিছুমান ষ্টীকাৰ লগাই থোৱা থাকে আপোনালোকে মন কৰিছেনে? বোধ হয় মন কৰিছে কিন্তু তাৰ ৰহস্য জানিবলৈ চাগে কোনো দিনেই চেষ্টা কৰা নায়। আজি আপোনা লোকক এই ষ্টীকাৰৰ ৰহস্যৰ বিষয়ে আপোনালোকক অৱগত কৰিম।        এই ষ্টীকাৰ সমূহত উৎপাদনকাৰী সংস্থাৰ কিছু গুৰুত্বপূৰ্ণ তথ্য সন্নিবিষ্ট হৈ থাকে। ষ্টীকাৰৰ PLU (Price look-up) ক'ড কোন দেশত প্ৰস্তুত কৰা হৈছে, কেনেকৈ প্ৰস্তুত কৰা হৈছে আদি তথ্য সমূহ যোগান দিয়াৰ লগতে নিজৰ সংস্থাৰ প্ৰচাৰো আগ বঢ়াই। যদি ষ্টীকাৰত আৰম্ভণিৰ সংখ্যাটো ৩ বা ৪ হয় আৰু চাৰিটা সংখ্যাযুক্ত ক'ড থাকে তেন্তে বুজা উচিত যে ফলবিধ আধুনিক কৃষি প্ৰযুক্তিৰ সহায়ত উৎপাদন কৰা হৈছে আৰু ফলবিধ উৎপাদন কৰাৰ বাবে পৰ্যাপ্ত পৰিমাণে কৃত্ৰিম সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰা হৈছে ষ্টীকা...