মৰমৰ মেকুৰীয়ে পত্নীক কৰিব পাৰে সন্তানহীনা
মেকুৰীয়ে মহিলাক কৰিব পাৰে সন্তানহীনা
আমাৰ বহুতৰ অতি মৰমৰ পোহনীয়া প্ৰাণী মেকুৰী। কেতিয়াবা আপোনাৰ সন্তানে মনে মনে গাখীৰ এগিলাচ বা ভাজি থৈ দিয়া মাগুৰ মাছ দুটা খালে খং কৰিব। কিন্তু মেকুৰীয়ে খালে নিশ্চুপ হৈ থাকিব।
আপোনাৰ মৰমৰ সন্তানে কামূৰিলে চিন্তা কৰিব লগীয়া নহয়। কিন্তু মেকুৰীয়ে কামূৰিলে জলাতঙ্ক হোৱাৰ ভয় , এটা কামোৰতেই লব লগীয়া হয় ৫ টা পৰ্যন্ত বেজী । মেকুৰীয়ে কামোৰোতে লেলাউতীত থকা জলাতঙ্ক ৰোগৰ বীজাণু সুস্থ ব্যক্তিৰ তেজৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰে । অৱশ্যে নখৰে আচুৰিলে চিন্তা কৰিব নালাগে, কাৰণ নখত এই ৰোগৰ বীজাণু নাথাকে । তাৰোপৰি জলাতঙ্ক ৰোগৰ বীজাণু আমাৰ পেটলৈ গলেও এই ৰোগ নহয়। আমাৰ পাকস্হলীত থকা হাইড্ৰক্লৰিক এচিডৰ সংস্পৰ্শত এই বীজাণু মৰি যায়। নহলে মেকুৰীয়ে মনে মনে মুখ লগাই খোৱা খাদ্য মানুহে খোৱাৰ ফলত এই ৰোগত আক্ৰান্ত হৈ গৃহস্থ এজনো জীয়াই নাথাকিল হেতেন।
আপোনাৰ নতুন বোৱাৰীৰ হঠাতে ৰাতিপুৱা ওকালি বা বমি হল, পেচাব পৰীক্ষা কৰোঁতে ভাল খবৰটো পালে। আপুনি ককা হ'বলৈওলাইছে। কিন্ত মৰমৰ মেকুৰী জনীয়েহে বিপদ ঘটাব পা্ৰে । মেকুৰীয়ে নিগনি খাই ভাল পায়। নিগনিৰ দেহত "টকসোপ্লাজমোচিচ্" নামৰ এবিধ ৰোগৰ বীজাণু থাকে। নিগনি খোৱাৰ কাৰণে এই বীজাণু মেকুৰীৰ দেহত প্ৰৱেশ কৰে। শেষত মেকুৰীৰ বিষ্ঠাৰ সৈতে এই বীজাণু নিৰ্গত হয়। মেকুৰীৰ বিষ্ঠাত থকা "টকসোপ্লাজমোচিচ্" গৰ্ভৱতীৰ শৰীৰৰলৈ সংক্ৰমণিত হোৱাৰ পৰিপ্ৰেক্ষিতত গৰ্ভৱতীৰ গৰ্ভপাত হয়। এতিয়া ভাবি চাওঁক , ঘৰশত্ৰু বিভীষণ মেকুৰী হয়নে নহয়। সেয়েহে ককা হোৱাৰ আগতে মেকুৰী আতৰ কৰক আৰু ককা বা দেউতাক হওঁক।
ডা:মনোজ কুমাৰ শইকীয়া
মবাইল- 9435209704
SWASTHYA--THE HEALTH SOLUTION
Facebook Group
Comments
Post a Comment