ভৰিত হোৱা জ্বলন পোৰণ বা জিনজিননি

 

ভৰিত হোৱা জ্বলন পোৰণ বা জিনজিননি বা দাহ-ৰোগ


সাধাৰণতে ভৰিৰ স্নায়ু বিলাকৰ শেষ প্ৰান্ত অঞ্চল আঘাটপ্ৰাপ্ত বা ক্ষতিগ্ৰস্ত হোৱাৰ ফলত মানুহৰ ভৰিৰ জ্বলন পোৰণ বা জিনজিননিযুক্ত ৰোগৰ সৃষ্টি হব পাৰে যাক ইংৰাজীত Neuropathy বুলি কোৱা হয় ।যদিও বহুতো স্বাস্থ্য সম্বন্ধীয় ৰোগ বা সমস্যাৰ ফলত ভৰিৰ জ্বলন পোৰণযুক্ত ৰোগৰ সৃষ্টি হব পাৰে তথাপি ডায়েবেটিছ হ'ল এই সমস্যাটোৰ সৃষ্টিকাৰী স্বাস্থ্য সম্পৰ্কীয় সমস্যা বিলাকৰ ভিতৰত প্ৰধান।

ভৰিৰ জ্বলন পোৰণ বা জিনজিননি সমস্যা সৃষ্টিকাৰী কাৰণ সমূহ :-


Neuropathy বা স্নায়ুৰ শেষ প্ৰান্ত অঞ্চল ক্ষতিগ্ৰস্ত হোৱাৰ ফলতেই এই সমস্যাৰ সৃষ্টি হয়। ক্ষতিগ্ৰস্ত বা ধ্বংসপ্ৰাপ্ত স্নায়ু বিলাক দৰকাৰতকৈ বেছি সক্ৰিয় কিন্তু নিজৰ কাৰ্য্য সম্পাদন কৰাত অপাৰগ হ'লে এনে সমস্যাৰ সৃষ্টি হয়। বেছিভাগ ক্ষেত্ৰতেই Neuropathy যুক্ত ৰোগীৰ ভৰিৰ স্নায়ু বিলাক প্ৰথমে ক্ষতিগ্ৰস্ত হয় আৰু তেনে লোকৰ ভৰিৰ জিনজিননি বা অৱশতা ইত্যাদি লক্ষণ দেখা দিয়ে। বহুতো লোকে অভিযোগ কৰে যে তেওঁলোকৰ ভৰিবিলাক খুব সংবেদনশীল হয় আৰু কম বা বেছি পৰিমাণে জ্বলন যুক্ত বিষ অনুভৱ কৰে। কিছুমানে খোজ কাঢ়িবলৈকেও অপাৰগ হয়। ডায়েবেটিছ বা মদ্যপানৰ অভ্যাস থকা লোকসকলৰ এই সমস্যাটো বেছিকৈ হোৱা দেখা যায় যদিও অন্য বহুতো কাৰণত এনে ধৰণৰ Neuropathy বা ভৰিৰ জ্বলন পোৰণ হব পাৰে ।


ক্ষতিগ্ৰস্ত স্নায়ু বা কোনো ঠাইৰ স্নায়ূ চেপা খোৱাৰ ফলত

 বিভিন্ন কাৰণত শৰীৰৰ স্নায়ু বিলাক ক্ষতিগ্ৰস্ত হব পাৰে। বিভিন্ন বেমাৰ, ৰাজহাড়ত পোৱা আঘাত, বয়সৰ প্ৰভাৱত বা অন্য কোনো কাৰণত ৰাজহাড় বিলাকৰ হোৱা ক্ষয় বা কাৰ্য্যক্ষমতা হ্ৰাস হোৱাৰ ফলত, শৰীৰৰ ওজন বৃদ্ধি বা অন্য কিবা কাৰণত ৰাজহাড় বিলাকৰ মাজৰ ঠাই বিলাক কমি গৈ স্নায়ু চেপা খাই থাকিলে, ৰাজহাড়ৰ অস্ত্ৰোপচাৰ, কেমোথেৰাপী বা অন্য কিছুমান বেমাৰত ব্যৱহৃত ঔষধৰ পাৰ্শ্বক্ৰিয়া ইত্যাদি বা কিছুমান বিষাক্ত পদাৰ্থৰ সংস্পৰ্শতো স্নায়ু বিলাক ক্ষতিগ্ৰস্ত হব পাৰে।

Peripherial Neuropathy (শৰীৰৰ প্ৰান্তীয় অঞ্চলৰ স্নায়ু ক্ষতিগ্ৰস্ত হোৱাৰ ফলত) - 

সচৰাচৰ ভৰিৰ জ্বলন পোৰণ সমস্যা সৃষ্টিকাৰী কাৰণ সমূহৰ ভিতৰত ই প্ৰধান। শৰীৰৰ স্নায়ু ৰজ্জু বা spinal cord ৰ পৰা ভৰি হাতলৈ যোগাযোগ স্থাপন কৰা সংবেদী স্নায়ু বিলাকত হোৱা ক্ষতিগ্ৰস্ততাৰ ফলত ইয়াৰ সৃষ্টি হয়। যিবিলাক লোক ডায়েবেটিছৰ দ্বাৰা আক্ৰান্ত বা যিবিলাক লোকে নিজৰ শৰীৰৰ শৰ্কৰাৰ মাত্ৰা সথিকভাৱে নিয়ন্ত্ৰণ নকৰে তেনে লোক ইয়াৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি। ডায়েবেটিছৰ পৰা হোৱা Peripherial Neuropathy লাহে লাহে বৃদ্ধি পায় আৰু সময়ত এই সমস্যাটো অধিক অৱনমিত হয়। অন্য কিছুমান কাৰণতো মানুহ এজন Peripherial Neuropathy ৰ দ্বাৰা আক্ৰান্ত হব পাৰে। যেনে - কেমোথেৰাপীৰ ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ ফলত, বংশগত বেমাৰৰ প্ৰভাৱত, Auto immune disease (যেনে- ৰিউমেটইড আৰ্থাইটিছ) , বিষাক্ত দ্ৰব্যৰ প্ৰভাৱত, সংক্ৰমণ, কিডনি ফেইলৰ, এলকহলৰ প্ৰভাৱত, পৰিপুষ্টি জনিত বিসংগতি (যেনে- ভিটামিন বি বা ফলেটৰ অভাৱত (mal absorption syndrome) ইত্যাদি।

Tarsal tunnel syndrome - 

Tarsal tunnel হ'ল ভৰিৰ মনিবন্ধৰ (ankle) ভিতৰত থকা এটা ঠেক ঠাই। ভৰিৰ আটাইতকৈ দীঘল হাড়ডাল যাক টিবিয়া বুলি জনা যায় সেই হাড়ডালৰ পিছপিনে tarsal tunnel ত থকা টিবিয়েল নাৰ্ভত পৰা হেঁচা বা চাপৰ ফলত ভৰিৰ জ্বলন পোৰণ বা ভৰিৰ কিছু অংশত বিষো অনুভৱ হব পাৰে।

Morton's Neuroma- 

ভৰিৰ বুঢ়া আঙুলি যৰ পৰা আৰম্ভ হয় সেই ঠাইৰ হাড়বিলাকৰ মাজত থকা স্নায়ুকলা বিলাক ডাঠ হৈ যোৱাৰ ফলতো বিষৰ উৎপত্তি হব পাৰে। সাধাৰণতে টান জোতা আদি পিন্ধাৰ ফলত এনে ধৰণৰ ডাঠ স্নায়ুকলা বা neuroma ৰ সৃষ্টি হব পাৰে। খেলা ধুলাৰ সময়ত ভৰিত পোৱা আঘাত, খোজ কঢ়াৰ সময়ত ভৰিৰ অস্বাভাৱিক অৱস্থান ইত্যাদিৰ ফলতো তেনে হব পাৰে।

Complex regional pain syndrome

ই হ'ল এক ধৰণৰ অতি দুৰ্লভ কিন্তু অতিকে বিষযুক্ত স্নায়ুৰ সমস্যা। সাধাৰণতে কোনো আঘাত বা অস্ত্ৰোপচাৰৰ পিছত এনে ধৰণৰ সমস্যাৰ সৃষ্টি হব পাৰে।

এণ্ডক্ৰাইন বা বিপাক সম্পৰ্কীয় সমস্যা 


*ডায়েবেটিছ মেলাইটাছ- ডায়েবেটিছ ৰোগৰ ফলত শৰীৰৰ পাৰ্শ্চৱতী স্নায়ু বিলাক বিশেষকৈ হাত আৰু ভৰিৰ সংবেদী স্নায়ু সমূহ আক্ৰান্ত হয়। দীৰ্ঘ দিন ধৰি ডায়েবেটিছ ৰোগত ভূগি থাকিলে বা তেজৰ শৰ্কৰা সঠিকভাবে নিয়ন্ত্ৰণ নকৰিলে সময়ত গৈ শৰীৰৰ পাৰ্শ্ববতী স্নায়ু সমূহৰ অনিষ্ট সাধন কৰে আৰু ফলত ৰোগী গৰাকীয়ে হাত ভৰিৰ জ্বলন পোৰণ বা জিনজিননি অনুভৱ কৰিব পাৰে। বৰ্ধিত গ্লুক'জে এই স্নায়ু সমূহৰ মাজেৰে সংকেত পৰিবহনত বাধা প্ৰদান কৰে আৰু লগতে তেজৰ নলিকাবিলাকৰ বেৰসমূহ দুৰ্বল কৰি পেলায়।


হাইপোথাইৰয়ডিজম - 

থাইৰয়ড গ্ৰন্থিয়ে থিক মতে কাম নকৰিলে (যাক আমি হাইপোথাইৰয়ডিজম বুলি কওঁ) ভৰিৰ জ্বলন পোৰণৰ উপৰিও শৰীৰৰ ওজন বৃদ্ধি, শুকান ৰুক্ষ চৰ্ম, ভাগৰুৱা ইত্যাদি লক্ষণ দেখা দিব পাৰে।


সংক্ৰমনৰ বাবে -

Athlet's foot ( Tinea pedis) বা ভৰিৰ আঙুলি বিলাকৰ মাজত হোৱা ভেঁকুৰৰ সংক্ৰমণ - সাধাৰণতে শৰীৰৰ ছালৰ ভিজি বা তিঁটি থকা আৰু বেছিকৈ গৰম হৈ থকা ঠাইবিলাকত এনে ধৰণৰ ভেঁকুৰৰ সংক্ৰমণ বেছিকৈ হোৱা দেখা যায়। সেমেকা জোতা বা মৌজা আৰু আৰ্দ্ৰ বাতাবৰণত এই ভেঁকুৰ বিলাকৰ সংখ্যা বৃদ্ধি পায় আৰু প্ৰসাৰিত হয়। আমাৰ ভৰিৰ আঙুলি বিলাকৰ মাজত উৎপন্ন হোৱা ভেঁকুৰৰ সংক্ৰমণ যাক আমি Athlet's foot বা Tinea pedis বুলি কওঁ সেই সংক্ৰমণৰ ফলত খঁজুৱতি, ভৰিৰ আঙুলি বিলাকৰ মাজত জ্বলন পোৰণ, শুঙে বিন্ধাৰ নিচিনা বিন্ধন আৰু লগতে ভৰি ফুলা ইত্যাদি লক্ষণ দেখা দিব পাৰে।


অন্য কাৰণ-

Erythromelalgin

Erythermalgin- ই এবিধ অগতানুগতিক বা বিৰল ধৰণৰ সমস্যা আৰু এই সমস্যাটোৰ ফলত ভৰি হাতৰ জলনি, ছালৰ উষ্ণতা বৃদ্ধি, ভৰিৰ আঙুলি আৰু তলুৱা ৰঙা পৰি যোৱা ইত্যাদি লক্ষণ দেখা যায়। ইয়াৰ কাৰণ সম্পৰ্কে জনা নাযায়। এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰেহে এই লক্ষণসমূহ দেখা যাব পাৰে আৰু লক্ষণ সমূহ কেবা মিনিটৰ পৰা কেবাদিন পৰ্যন্ত থাকিব পাৰে কিন্তু জ্বলন পোৰণযুক্ত বিষ ধাৰাবাহিক ভাৱে থাকিব পাৰে।

ভৰিত খুৱ টান বা লিপিত খাই ধৰা জোতা পিন্ধিলে বা পিন্ধা জোতা সঠিকভাবে ভৰিত খাপ নাখালে ভৰিৰ কোনো কোনো অংশত হেঁচা বা চাপ পৰাৰ ফলত ভৰিৰ জিনজিননি বা ভৰিৰ বিজবিজনি সৃষ্টি হব পাৰে।


এলাৰ্জী - 

জোতা বা ছেণ্ডেল বনোৱা পদাৰ্থৰ পৰা কোনো মানুহৰ যদি এলাৰ্জীৰ সৃষ্টি হয় তেন্তে তাৰ ফলতো এনেকুৱা লক্ষণৰ সৃষ্টি হব পাৰে।

Contact dermatitis - 

জোতা বা মৌজাত ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থ বা ৰংৰ পৰাও ভৰিৰ ছালত বিজবিজনি হব পাৰে।


কিছুমান ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ ফলত - 

কৰ্কট ৰোগীৰ বাবে কেমোথেৰাপীত ব্যৱহাৰ কৰা কিছুমান ঔষধ, ভিটামিন বি ৬ ৰ অত্যধিক মাত্ৰাৰ ফলত, এইচ্ আই ভিত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা কিছুমান ঔষধৰ ফলত, যক্ষ্মা ৰোগীৰ ক্ষেত্ৰত ব্যবহৃত হোৱা aminodarone, isoniazide ইত্যাদি ঔষধৰ ফলত, ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত ব্যৱহৃত Metformin নামৰ ঔষধৰ প্ৰভাৱত ইত্যাদি। 

কিছুমান ধাতু (metal) যেনে- মাৰ্কাৰী, আৰ্ছেনিক ইত্যাদিৰ বিষক্ৰিয়াৰ ফলত। 


ভৰিলৈ তেজ পৰিবাহী ধমনীবিলাকৰ ৰোগ (Peripherial Artery disease) ৰ ফলত ভৰিলৈ তেজ চলাচল কমি যোৱাৰ ফলতো ভৰিৰ জ্বলা পোৰাৰ সমস্যা সৃষ্টি হব পাৰে।
 
পাকস্থলীৰ বাইপাছ অপাৰেচন কৰাৰ কিছু সপ্তাহ বা মাহ পিছতো কিছুমান লোকে ভৰিৰ জ্বলন পোৰণ সমস্যাত আক্ৰান্ত হোৱা দেখা যায়। পাকস্থলীৰ বাইপাছ চাৰ্জাৰীৰ পিছত ভিটামিন বিৰ অৱশোষন (absorption) প্ৰক্ৰিয়া ব্যাহত হোৱাৰ ফলত তেনে হব পাৰে।

অন্য কিছুমান স্বাস্থ্য জনিত সমস্যা - অন্য কিছুমান স্বাস্থ্য জনিত সমস্যা যেনে- chronic mountain sickness, Gitelman syndrome, Leishmaniasis, Multiple sclerosis, কিছুমান মানসিক বেমাৰ, বংশগত কিবা সমস্যা বা অজ্ঞাত কাৰণতো এনেকুৱা ভৰিৰ জ্বলন পোৰণৰ লক্ষণ দেখা দিব পাৰে।

আয়ুৰ্বেদিক দৃষ্টিভংগী - 

আয়ুৰ্বেদত এই ৰোগক '' দাহ'' ৰোগৰ লগত তুলনা কৰা হয় আৰু বিশেষকৈ পিত্ত দোষক ইয়াৰ বাবে জগৰীয়া বুলি কোৱা হয়। 

ভৰি বিষ বা দাহ ৰোগৰ কাৰণসমূহ তলত দিয়া ধৰণে কোৱা হৈছে -


👉 পিত্ত বৰ্দ্ধক খাদ্য তথা পানীয়ৰ অত্যধিক সেৱন।

👉 অত্যধিক মদ্যপান

👉 শুকান আৰু মছলাযুক্ত খাদ্যৰ অধিক সেৱন

👉 ভোঁক আৰু পিয়াহৰ বেগ দমন কৰি ৰখা

👉 কোনো কাৰণ বশতঃ শৰীৰ অত্যধিক পৰিমাণে ক্ষীণাই যোৱা।

👉 বহু পুৰণি বেমাৰ আজাৰ

👉 শৰীৰত পোৱা কিবা আঘাতৰ ফলত

👉 বহু দিনৰ পৰা ব্যৱহাৰ কৰি থকা কিছুমান ঔষধৰ প্ৰভাৱত

👉 বিষক্ৰিয়া

👉 মানসিক চাপ

👉 পিত্ত বৃদ্ধিৰ ফলত হোৱা যিকোনো বেমাৰ, যেনে- পিত্তজ জ্বৰ ইত্যাদি।

ভৰিৰ জ্বলন পোৰণ চিনাক্তকৰণৰ বাবে পৰীক্ষা নিৰীক্ষা - 

যিহেতু ভৰিৰ বিষ বা জ্বলন পোৰণ জুখিব পৰা কোনো পৰীক্ষা নিৰীক্ষা সম্ভৱপৰ নহয় এই বিষ বা জ্বলন পোৰণৰ কাৰণটো নিৰ্বাচন কৰিবলৈ কিছুমান পৰীক্ষা নিৰীক্ষাৰ দৰকাৰ হব পাৰে। 


শাৰীৰিক পৰীক্ষা- 

ৰোগীজনৰ ভৰিৰ জ্বলন পোৰণৰ কাৰণ জানিবলৈ প্ৰথমতে ৰোগীজনৰ দেহত আগৰে পৰা কিবা স্বাস্থ্য সম্বন্ধীয় সমস্যা বা বেমাৰ আছে নেকি বা অন্য কোনো শাৰীৰিক লক্ষণ আছে নেকি, ইতিমধ্যে কিবা ঔষধ ব্যৱহাৰ কৰি আছে নেকি ইত্যাদি কথাবোৰ জানি লোৱা দৰকাৰ। তাৰোপৰি ভৰিত কোনো উদ্দীপনাৰ প্ৰতি সঁহাৰি (reflex test) পৰীক্ষা, ভৰিত কিবা সংক্ৰমণ বা আঘাত বা অন্য কিবা সমস্যা আছে নেকি পৰীক্ষা কৰা হয়। 

তেজৰ পৰীক্ষা - 

তেজৰ গ্লুক'জৰ মাত্ৰা, পৰিপুষ্টি জনিত কিবা অভাৱ যেনে- ভিটামিনৰ অভাৱ, কিবা এণ্ডক্ৰাইন জনিত সমস্যা, যেনে- থাইৰয়ড ইত্যাদিৰ পৰীক্ষা নিৰীক্ষাৰ দৰকাৰ হব পাৰে। কেতিয়াবা তেজৰ ইলেকট্ৰলাইট যেনে- মেগনেছিয়াম, ছডিয়াম ইত্যাদিৰ পৰীক্ষা কৰিবলগীয়া হব পাৰে বা ৰাজহাড়ৰ মাজত থকা তৰল পদাৰ্থ যাক ইংৰাজীত cerebro spinal fluid বুলি কোৱা হয়, তাৰো পৰীক্ষাৰ দৰকাৰ হব পাৰে। অন্য নগন্য সংখ্যক পৰিস্থিতিত নাৰ্ভ বায়প্সিৰ দৰকাৰ হব পাৰে। 


স্নায়ুৰ কাৰ্য্যকাৰিতা পৰীক্ষা (Nerve function test) - 

স্নায়ু বিনষ্ট হোৱা বুলি সন্দেহ হ'লে বৈদ্যুতিক মাধ্যমৰ সহায়ত কিছুমান পৰীক্ষা নিৰীক্ষা কৰিবলৈ দিয়া হয়। যেনে - 
👉 Electromyopathy 
👉 Nerve conduction velocity test 

শৰীৰত বা ভৰিত হোৱা জ্বলন পোৰণৰ আয়ুৰ্বেদিক চিকিৎসা :- 

আয়ুৰ্বেদিক চিকিৎসাত এই সমস্যাটোৰ প্ৰথমে কাৰণটো নিৰ্ধাৰণ কৰা হয় আৰু সেই কাৰণটোৰ পৰা আতৰি থাকিবলৈ পৰামৰ্শ দিয়া হয় যাক কোৱা হয় '' নিদানং পৰিবৰ্জনম্'' বা প্ৰত্যক্ষ চিকিৎসা নকৰি কাৰণটোৰ চিকিৎসা কৰা হয়। যেনে- ডায়েবেটিছৰ বাবে হ'লে তেজৰ শৰ্কৰা নিয়ন্ত্ৰণত ৰখাৰ পৰামৰ্শ দিয়া হয়, থাইৰয়ডৰ সমস্যাৰ বাবে হ'লে থাইৰয়ড ৰোগৰ চিকিৎসা কৰিবলৈ পৰামৰ্শ দিয়া হয়।ইয়াৰ উপৰিও বহুতো একক তথা যৌগিক শাস্ত্ৰীয় ঔষধৰ বৰ্ণনা আয়ুৰ্বেদত উল্লেখ আছে। 

👉 একক ঔষধী সমূহ হ'ল = 

চন্দন, উশীৰ, শতাৱৰী, কৰ্পূৰ, আমলখি, কুষ্মাণ্ড, দুৰ্বা, কমল, দ্ৰাক্ষা, ধন্যক ইত্যাদি ।

👉 যৌগিক শাস্ত্ৰীয় ঔষধ সমূহ হ'ল

মুক্তাপিষ্টি, প্ৰবাল পিষ্টি, চন্দ্ৰকলা ৰস, কামদূধা ৰস, উসীৰাসৱ, সাৰিবাদ্যাসৱ, চন্দনাসৱ, শতাৱৰী লেহ্য, শতাৱৰ্যাদি চূৰ্ণ, আমলখি ৰসায়ন ইত্যাদি ।

ঔষধী গুণযুক্ত তেল- 

কিছুমান ঔষধী গুণযুক্ত তেলেৰে আক্ৰান্ত ভৰি বা ঠাইৰ মালিচ কৰিবলৈ ৰোগীক পৰামৰ্শ দিয়া হয়। এই মালিচৰ ফলত সেই ঠাইৰ ৰক্তসঞ্চালন বৃদ্ধি পায় তথা আঘাতপ্ৰাপ্ত স্নায়ু বিলাকৰ স্নায়ুকোষ বিলাক সুস্থ অৱস্থালৈ ঘূৰি অহাত সহায়ক হয়। এই তেলবিলাকৰ ভিতৰত মহামাশ তেল, মহা নাৰায়ন তেল, পাৰা লিটল তেল, ধন্বনত্বৰী তেল, সৈন্ধৱাদি তেল ইত্যাদি প্ৰধান।

ওপৰোক্ত ঔষধ সমূহ এজন অৰ্হতাসম্পন্ন আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ অনুসৰি হে সেৱন কৰা উচিত। 


দেহৰ বা ভৰিৰ জ্বলন পোৰণ থকা ৰোগীৰ বাবে পথ্যাপথ্য 


🖛অপথ্য - 

মদ্য, হিংগু, নহৰু, কটুৰসযুক্ত খাদ্য, ক্ৰোধ, অত্যধিক ব্যায়াম, বিৰুদ্ধ আহাৰ, অত্যধিক সূৰ্য্যৰ ৰ'দ ইত্যাদি ।

🖛পথ্য - 

পুৰণি শালি ধানৰ চাউল, খিচমিচ, আমলখি, ক্ষীৰ, মূগ দাইল, কল, তিতা খাদ্য, শীতল বা ঠাণ্ডা পদাৰ্থ, পিত্ত প্ৰশমক খাদ্য ইত্যাদি। 
ডাঃ মুকুল শৰ্মা (আয়ুৰ্বেদাচাৰ্য্য) 
যোগাযোগৰ ঠিকনা - মেচাৰ্চ নৱজীৱন ফাৰ্মাচী, কৰ্ণেল জে আলি ৰোড, লাখটকীয়া, গুৱাহাটী, ১নং মছজিদৰ কাষত আৰু মেচাৰ্চ আয়ুষ্মাণ, বৰবাজাৰ, বঙাইগাঁও ।যোগাযোগৰ নম্বৰ 9508026825 (হোৱাটচ্এপ)

Comments

Popular posts from this blog

মুখৰ উজ্জলতা বৃদ্ধি কৰাৰ উপায়।

চাইনোচাইটিছ কি? কিয় হয়? কিয় ঘনাই ঘনাই চৰ্দি হয়, হাঁচি হয়, মূৰৰ বিষ হয়?