ফলমূল আৰু ষ্টীকাৰ (sticker) ৰহস্য কি জানো আহক

ফলমূল আৰু ষ্টীকাৰ (sticker) ৰহস্য
ফলমূল আৰু ষ্টীকাৰ (sticker) ৰহস্য

আজিকাতি বজাৰত দেখিবলৈ পোৱা সতেজ, সুস্বাদু আৰু সুগন্ধিযুক্ত ফলমূল সমূহ প্ৰাইবোৰেই আমদানিকৃত। স্থানীয় ফলমূত খুব কমেই দেখা যায়। বৰ্তমান সময়ত আমাৰ মানসিকতা এনেদৰে ঘঢ়লৈ উঠিছে যে আমি বজাৰত সতেজ ফল-মূল দেখিলেই কোনো বাট বিছাৰ নকৰাকৈ কিনিবৰ মন যায় বা কিনি আনো। সেই ফল-মূল বোৰত যে কিছুমান ষ্টীকাৰ লগাই থোৱা থাকে আপোনালোকে মন কৰিছেনে? বোধ হয় মন কৰিছে কিন্তু তাৰ ৰহস্য জানিবলৈ চাগে কোনো দিনেই চেষ্টা কৰা নায়। আজি আপোনা লোকক এই ষ্টীকাৰৰ ৰহস্যৰ বিষয়ে আপোনালোকক অৱগত কৰিম।

       এই ষ্টীকাৰ সমূহত উৎপাদনকাৰী সংস্থাৰ কিছু গুৰুত্বপূৰ্ণ তথ্য সন্নিবিষ্ট হৈ থাকে। ষ্টীকাৰৰ PLU (Price look-up) ক'ড কোন দেশত প্ৰস্তুত কৰা হৈছে, কেনেকৈ প্ৰস্তুত কৰা হৈছে আদি তথ্য সমূহ যোগান দিয়াৰ লগতে নিজৰ সংস্থাৰ প্ৰচাৰো আগ বঢ়াই।

ফলমূল আৰু ষ্টীকাৰ (sticker) ৰহস্য
  • যদি ষ্টীকাৰত আৰম্ভণিৰ সংখ্যাটো ৩ বা ৪ হয় আৰু চাৰিটা সংখ্যাযুক্ত ক'ড থাকে তেন্তে বুজা উচিত যে ফলবিধ আধুনিক কৃষি প্ৰযুক্তিৰ সহায়ত উৎপাদন কৰা হৈছে আৰু ফলবিধ উৎপাদন কৰাৰ বাবে পৰ্যাপ্ত পৰিমাণে কৃত্ৰিম সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰা হৈছে
  • ষ্টীকাৰৰ ক'ড আৰম্ভণিৰ সংখ্যাটো যদি ৮ আৰু সংখ্যা পাঁচটা সংখ্যাযুক্ত হয় তেতিয়া বুজিব লাগিব যে সেই ফলবিধ জেনেটিক ভাবে সংশোধিত বা পৰিবৰ্তিত কৰা হৈছে যাক ইংৰাজীত GMO (Genetically modified organisms) বুলি কোৱা হয়। পৃথিৱীৰ প্ৰায় ২৬ খন ৰাষ্ট্ৰই ইতিমধ্যে GMO পদ্ধতিৰে উৎপাদিত ফলমূল বা খাদ্য সামগ্ৰীৰ ওপৰত প্ৰতিবন্ধকতা বা কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে।
  • ষ্টীকাৰৰ আৰম্ভণিৰ সংখ্যাটো ৯ হ'লে আৰু পাঁচটা সংখ্যাযুক্ত ষ্টীকাৰ থাকিলে বুজা উচিত যে সেই ফলবিধ আমাৰ পূৰ্বপুৰুষৰ পৰা চলি অহা জৈৱিক পদ্ধতিৰে কোনো ৰাসায়নিক সাৰ ইত্যাদি ব্যৱহাৰ নকৰাকৈ উৎপাদন কৰা হৈছে। এনে ফলমূলৰ দাম অকণমান বেছি হয় যদিও পুষ্টিকৰ গুণেৰে ভৰপূৰ হয়।
  • PLU ক'ড বা ষ্টীকাৰ নথকা আমদানিকৃত ফলমূল কিনোতে সদায় সাবধানতা অৱলম্বন কৰিব লাগে। সাধাৰণতে স্হানীয় ফলমূল আৰু লগতে কিছুমান আমদানিকৃত ফলমূলতো ষ্টীকাৰ নাথাকে। তেনে ফলমূল কিনাৰ সময়ত ফলমূল বিক্ৰী কৰা মানুহজন বা সংস্হাটো যদি আপোনাৰ একেবাৰে বিশ্বাসী নহয় বা মনত যদি সন্দেহ থাকে তেনে ফলমূল ক্ৰয় নকৰাই ভাল। অৱশ্যে PLU ক'ড চৰকাৰৰ ফালৰ পৰা বাধ্যতামূলক কৰা হোৱা নাই। এনে ষ্টীকাৰসমূহ সংস্হাসমূহে নিজেই ভাবে ব্যৱহাৰ কৰে। এই ষ্টীকাৰ সমূহৰ ব্যৱহাৰ ১৯৯০ চনৰ পৰাই চলি আহিছে।
ফলমূল আৰু ষ্টীকাৰ (sticker) ৰহস্য
গতিকে ফলমূল কিনাৰ সময়ত এই ষ্টীকাৰসমূহ ভালদৰে লক্ষ্য কৰি ক্ৰয়ককৰা উচিত।

Comments

Popular posts from this blog

ভৰিত হোৱা জ্বলন পোৰণ বা জিনজিননি

চাইনোচাইটিছ কি? কিয় হয়? কিয় ঘনাই ঘনাই চৰ্দি হয়, হাঁচি হয়, মূৰৰ বিষ হয়?

মুখৰ উজ্জলতা বৃদ্ধি কৰাৰ উপায়।