মাতৃদুগ্ধৰ বিষয়ে জানিবলগীয়া কিছু লাগতিয়াল কথা
মাতৃদুগ্ধৰ বিষয়ে জানিবলগীয়া কিছু লাগতিয়াল কথা
এজন অখ্যাত লোকৰ উক্তিমতে এটি শিশুৰ জন্মৰ লগে লগে এগৰাকী মাতৃৰো জন্ম হয় ৷ সঁচাই মাতৃত্বৰ অনুভৱ হ'ল অনন্য ৷ মাতৃত্বক পূৰ্ণতা প্ৰদান কৰে মাতৃৰ মমতাই ৷ মমতাময়ী মাতৃয়ে নিজ সন্তানক স্তনপান কৰাই অবৰ্ণনীয় সুখানুভূতি অনুভৱ কৰে ৷ এই নিৱন্ধত মাতৃদুগ্ধৰ উপকাৰিতা আৰু যিসকল মাতৃৰ দুগ্ধৰ পৰিমাণ কম তাৰ প্ৰতিকাৰৰ বিষয়ে আলোচনা কৰিম ৷
সন্তানৰ ক্ষেত্ৰত স্তনপানৰ উপকাৰিতা সমূহ হ'ল নিম্নলিখিত : -
• Sudden infant death syndrome (SIDS) হ'ল এটি স্বাস্থ্যজনিত পৰিঘটনা, য'ত কিছুমান শিশুৰ জন্মৰ এবছৰৰ ভিতৰত মৃত্যু ঘটা পৰিলক্ষিত হয় ৷ ইয়াৰে ৯০ শতাংশ মৃত্যু ওপজাৰ ৬মাহৰ ভিতৰতে হয় ৷ অনুমানিক কাৰণসমূহৰ ভিতৰত মদ্যপান, ধপাত, নানান সংক্ৰমণ, অপৈণত বয়সত গৰ্ভধাৰণ, সন্তানৰ অযত্ন বিশেষকৈ মাতৃদুগ্ধৰ পৰা বঞ্চিত কৰা আৰু জেনেটিক কাৰণ অন্তৰ্নিহিত থাকিব পাৰে বুলি ভবা হৈছে ৷ এতিয়া দেখা গৈছে যে মাতৃদুগ্ধৰ প্ৰয়োজনীতাৰ সপক্ষে জোৰদাৰ প্ৰচাৰ চলোৱাৰ ফলত আৰু মাতৃ সকলে ইয়াক গ্ৰহণ কৰিবলৈ লোৱাৰ ফলত এই SIDS ত মৃত্যুৰ হাৰ সন্তোষজনকভাবে হ্ৰাস পাইছে ৷
• মাতৃদুগ্ধ পান কৰা শিশুৰ টাইপ-১ ডায়েবেটিজৰ সম্ভাৱনা হ্ৰাস পায় ৷
• এজমা আৰু আন শ্বাসজনিত ৰোগৰ সম্ভাৱনা হ্ৰাস পায় ৷
• একজিমা জাতীয় চৰ্মৰোগ হোৱাৰ সম্ভাৱনা কমে ৷
• মাতৃদুগ্ধপান কৰা সন্তানৰ দাঁতৰ অসুখ কমকৈ হয় ৷
• এনে শিশুৰ ডায়েৰিয়া কমকৈ হয় ৷
• যি কোনো এলাৰ্জি ,ফুড এলাৰ্জি কম পৰিমাণত হয় ৷
• তথ্যমতে মাতৃদুগ্ধপান কৰা শিশুৰ লিউকেমিয়া হোৱাৰ সম্ভাৱনা ১৮শতাংশ হ্ৰাস পায় ৷
• মাতৃদুগ্ধ পান কৰা শিশু পৰৱৰ্তী সময়ত মেদবহুলতাৰ চিকাৰ নহয় ৷
• মাতৃদুগ্ধ শিশুৰ মস্তিষ্কৰ বিকাশৰ বাবে অতি লাগতিয়াল ৷
স্তনপান কৰোৱা মাতৃগৰাকীৰ ক্ষেত্ৰত হোৱা উপকাৰিতা সমূহ হ'ল : -
• জৰায়ুৰ গৰ্ভৰ আগৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি যোৱাত সহায়ক হোৱা ৷
• প্ৰসৱকালীন ৰক্তস্ৰাৱ বন্ধ হোৱাত সহায়ক হোৱা ৷
• শৰীৰৰ ওজন গৰ্ভৰ পূৰ্বৰ কাললৈ ঘূৰি যোৱাত সহায়ক হোৱা ৷
• বক্ষৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা হ্ৰাস পায় ৷
• এনে মাতৃৰ ডায়েবেটিজৰ সম্ভাৱনা কমে ৷
• মানসিক ৰোগ যেনে ডিপ্ৰেচনৰ সম্ভাৱনা কমে ৷
• বাত বিষ আৰু হৃদৰোগৰ সম্ভাৱনা কমে ৷
• পৰৱৰ্তী গৰ্ভৰ সময় বিলম্ব হয় (Lactational Amenorrhoea ) ৷
• মানসিক পৰিতৃপ্তিৰ অনুভৱ ৷
মাতৃদুগ্ধত কি কি তত্ব থাকে ?
প্ৰথম দুই বা তিনিদিন মাকৰ গাখীৰ হয় ডাঠ আৰু সোণালী-হালধীয়া বৰণৰ ৷ এই গাখীৰক ফেঁহু বা ক'লষ্টাম (Colostrum) বোলে ৷ এনে গাখীৰ কেঁচুৱাৰ বাবে অতি লাগতিয়াল ৷ কিয়নো ইয়াত এন্টিবডি ইমিউনোগ্লবিন-জি প্ৰচুৰ থাকে ৷ এই ক'লষ্টাম পাক প্ৰণালীত ব্যাপ্ত হৈ পৰে আৰু শৰীৰৰ ইমিনিটি বঢ়ায় ৷ ক'লষ্টামৰ প্ৰভাৱত কেঁচুৱাৰ পেটলৈ যোৱা মেকনিয়াম (মাতৃগৰ্ভৰ পৰা গিলা এমনিয়'টিক ফ্ল'ইড, পিত্তৰ ৰস আদি) ওলোৱাত সহায়ক হয় ৷
৪৷৫দিনৰ পৰা মাতৃদুগ্ধৰ বৰণ আৰু প্ৰকৃতি সলনি হয় ৷ ইয়াত থাকে প্ৰটিন, কাৰ্বোহাইড্ৰেট, ফেট, ভিটামিন,মিনাৰেল, এন্টিবডি,হৰমোন আৰু লেক্টফেৰিন ৷ ৷ ৬মাহত শিশুৰ লিভাৰত থকা কেঁচুৱাৰ জমা লৌহ পদাৰ্থ উদং হব ধৰে ৷ সেয়ে ৬মাহৰ পিছৰ পৰা মাতৃদুগ্ধৰ ওপৰিও বাহিৰৰ পৰা অন্যান্য খাদ্য সন্তানক ক্ৰমশ: যোগান ধৰাটো বাঞ্চনীয় ৷
মাতৃদুগ্ধ কেনেকৈ নিৰ্গত হয় ?
মহিলাৰ স্তন হ'ল চৰ্বিযুক্ত আৰু কনেক'টিভ কোষেৰে গঠিত গ্ৰন্থি ৷ ইয়াত থকা এলভিঅ'লাইত হৰমোনৰ (অক্সিট'চিন আৰু প্ৰলেকটিন) প্ৰভাৱত গাখীৰ উৎপন্ন হয় ৷ সেই গাখীৰ স্তনাগ্ৰ (Nipple) যোগেদি বাহিৰ হয় ৷ স্তনাগ্ৰত ১৫৷২০টা সৰু সৰু ছিদ্ৰ থাকে ৷ স্তনৰ অগ্ৰভাগত থকা Montgomery gland ৰ পৰা নিৰ্গত হোৱা এনজাইম হ'ল বেক্টেৰিয়াৰোধক ৷
কেঁচুৱাক দুগ্ধপান কেনেকৈ কৰাব ?
কোৱা হয় মাতৃ আৰু কেঁচুৱাৰ দেহৰ স্পৰ্শ কেংগাৰুৰ দৰে হব লাগে ৷ এই স্পৰ্শসুখ মাতৃ আৰু সন্তান উভয়ে অনুভৱ কৰে আৰু পৰস্পৰৰ মাজত এক অব্যক্ত বান্ধোন গঢ়লৈ উঠে ৷ মাতৃয়ে লক্ষ্য কৰিব যাতে কেঁচুৱাৰ তলৰ ওঁঠটো চেপা খাই নাথাকে বৰঞ্চ দুয়োটা ওঁঠৰ ভিতৰত নিপলটো যাতে সোমাই থাকে ৷
কেইটিমান লাগতিয়াল খুটি-নাতি কথা : -
• কেঁচুৱাক প্ৰথম মাকৰ গাখীৰ ওপজাৰ পৰা এঘন্টাৰ ভিতৰত অৱশ্য কৰাব ৷
জন্মৰ পৰা ৬মাহলৈ মাতৃদুগ্ধৰ বাহিৰে আন একো নোখুৱাব ৷ আনকি মৌজোল, গ্ৰাইপ ৱাটাৰ, চেনি পানীও নিদিব ৷
• অৱশ্যে ভিটামিন-ডিৰ খোৰাক নৱজাতকক দিব পাৰি ৷
• বিশ্ব স্বাস্থ্য সংস্থা আৰু ইউনিচেফ আদি সংস্থাই কেঁচুৱাৰ প্ৰথম ৬মাহত মাতৃদুগ্ধৰ যি কোনো বিকল্পৰ সদায় বিৰোধিতা কৰি আহিছে ৷
• কেঁচুৱাক দিনটোত ৮ৰ পৰা ১২বাৰ মাতৃদুগ্ধ পান কৰাব ৷
• এবাৰত ১৫৷২০ মিনিট কেঁচুৱাক স্তনপান কৰাব (স্তন সলাই সলাই) ৷
• মাতৃদুগ্ধত খাদ্যৰ প্ৰভাৱ পৰে ৷ সদায় পুষ্টিকৰ খাদ্য খাব ৷ পানী বেচিকৈ খাব ৷ তলৰ তালিকাত দিয়া দুগ্ধবৰ্ধক খাদ্যসমূহ গ্ৰহণ কৰিব ৷ পৰিহাৰ কৰিব তীব্ৰ মছলাযুক্ত খাদ্য, চকলেট, অতিমাত্ৰ টেঙা আৰু জলকীয়া, কাঢ়া কফি ৷
কিমান দিনলৈ মাতৃদুগ্ধ পান কৰাব ?
• মাতৃদুগ্ধ কমেও ২বছৰলৈ সন্তানক পান কৰাব লাগে ৷ কিছুমান শিশুৱে ৩বছৰ বা ততোধিক কাল স্তনপান কৰে ৷ তেনে কৰাত মাতৃ আৰু শিশু কাৰো একো শাৰীৰিক ক্ষতি নহয় ৷ মাথো লক্ষ্য ৰাখিব যাতে শিশুক অন্যন্য খাদ্যও যাতে সময়ে সময়ে দিয়া হয় ৷ ভাতৰ সৈতে ফুল বইল কণী,মাছ, মাংস,সেউজীয়া শাক-পাচলিৰ চুপ, কমলা, মৌচম্বীৰ ৰস,বিলাহীৰ মিঠা চুপ, দাইলৰ পানী, ডাবৰ পানী, আলু-ৰঙালাউৰ পিটিকা,পকা ভীমকল পিচা খোৱাই থাকিব লাগে ৷ বলপূৰ্বক সন্তানক স্তনপানৰ অধিকাৰৰ পৰা বঞ্চিত নকৰিব ৷
• আনহাতে আগতীয়াকৈ গাখীৰ খাব এৰা সন্তানৰ পৰিপুষ্টিত মনোযোগ দিয়াৰ আৱশ্যক ৷
• কিছুমান মাতৃয়ে অসুখৰ বাবে ঔষধ সেৱন কৰিবলগীয়া হয় ৷ প্ৰায় সকলো ঔষধ মাতৃদুগ্ধই দি নিৰ্গত হৈ সন্তানলৈ যাব পাৰে ৷ সেয়ে আপোনাক চিকিৎসা কৰা ডাক্তৰক কথাটো অৱগত কৰাব আৰু প্ৰয়োজন হলে শিশু বিশেষজ্ঞৰ লগতো পৰামৰ্শ কৰিব ৷
• বিশ্বৰ কিছুমান উন্নত দেশত গৰ্ভৱতী মহিলাক নিৰাপদ মাতৃত্ব আৰু শিশুৰ যতন সম্পৰ্কে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে ৷ আমাৰ দেশতো স্বাস্থ্য বিভাগে তেনে আঁচনি বাস্তবায়িত কৰা উচিত ৷
• মাতৃগৰাকীয়ে নিজৰ বক্ষৰ পৰিচ্ছন্নতাৰ যতন লব লাগে ৷ কেতিয়াবা দুগ্ধৰ প্ৰবাহী নলী বা স্তনাগ্ৰৰ প্ৰবাহ বাধাপ্ৰাপ্ত (ব্লক) হলে নিজে সামান্য মালিচ কৰিলেই দুগ্ধপ্ৰবাহ সুগমহৈ পৰিব ৷
মাতৃদুগ্ধ কমাৰ লক্ষণ :
• স্তনপান কৰোৱাৰ সময়ত বিষ অনুভৱ হোৱা
• শিশুৰ আচৰণত অসন্তুষ্টি
• শিশুৱে স্তনপান কৰোতে চুপাৰ শব্দ নোহোৱা
• স্তনত মাতৃৰ নিজা উদং অনুভূতি
শিশুৰ ভোক লগাৰ লক্ষণ :
• মূৰ বেকা কৰা আৰু মুখখন মেলা
• আঙুলি চুপা
• এক বিশেষ ধৰণৰ শব্দ কৰা
• চটফটনি আৰু কান্দোনেৰে অভিব্যক্তি
কম মাতৃদুগ্ধৰ চিকিৎসা : -
কিছুমান মাতৃৰ কমকৈ দুগ্ধ উৎপন্ন হয় ৷ যাৰ সম্ভাব্য কাৰণ হ'ল- ডিপ্ৰেচন, দু:চিন্তা, অনিদ্ৰা,আভোক,পুষ্টিকৰ খাদ্যৰ অভাব ৷ খুব কম সংখকৰ হৰমোনজনিত কাৰণত মাতৃদুগ্ধ কম হব পাৰে ৷ প্ৰলেক্টিন হৰমোনৰ অভাৱ ঘটা এবিধ দূৰ্লভ ৰোগ হ'ল- Sheehan’s syndrome ৷ গৰ্ভনিৰোধক পিলত থকা হৰমোনৰ প্ৰভাৱতো মাতৃদুগ্ধৰ পৰিমান হ্ৰাস হব পাৰে ৷
আমাৰ অসমীয়া এটি পৰম্পৰা অতি প্ৰাচীন কালৰ পৰা চলি আহিছে সেইটো হ'ল সদ্যপ্ৰসৱা মাতৃক কচু আঞ্জাৰ জালুকীয়া খুওৱা ৷ মাগুৰ-কাৱৈ-শিঙৰাজাতীয় জীয়া মাছৰ নৰসিংহৰ জোলো মাতৃক দিয়া হয় ৷ এইবিলাক খাদ্যৰ ঘাই উপকাৰিতা হ'ল মাতৃদুগ্ধৰ পৰিমাণ বঢ়োৱাত সহায় কৰা ৷
আন আন অতি উপকাৰী খাদ্যৰ নাম তলত উল্লেখ কৰিলোঁ ৷
• তুলসী+মৌজোল
• কেঁচা অমিতাৰ তৰকাৰী
• জাতিলাউ
• ছজিনা
• সৰিয়হ শাক
• নহৰু
• মেথি
• চফ
• জিৰা
• ডালচেনি
• ক'লাতিল
• গাজৰ
• সকলো ধৰণৰ দাইল, বিশেষকৈ মচুৰ দাইল
ওপৰত উল্লেখিত খাদ্যসমূহত থকা ভিটামিন-এ, ভিটামিন-বি গোট, প্ৰটিন, আইৰণ, কেলচিয়াম, ফাইবাৰ আৰু নানাবিধ খনিজ পদাৰ্থই দুগ্ধৰ পৰিমাণ বৃদ্ধিত সহায় কৰে ৷
কি কি দৰব মাতৃদুগ্ধ বঢ়োৱাত সহায়ক হব পাৰে ? (Galactagogue drugs)
১- ডমপেৰিডন (১০মিলিগ্ৰাম) - এটাকৈ দিনে ৩বাৰ ৩৷৪ সপ্তাহ খাব পাৰে ৷ এবিধ সৰ্বাধিক প্ৰচলিত ঔষধ-বিশেষকৈ বমি ওকালি এচিডিটিৰ বাবে ৷
২-মেটক্লপামাইড (এটা প্ৰচলিত ব্ৰেণ্ডৰ নাম হ'ল-ৰেগলান)৷ পাৰ্শ্বক্ৰিয়াৰ সম্ভাৱনাৰ হেতু কমকৈ ব্যৱহৃত ৷
৩-চালপিৰাইড (Sulpiride) আৰু এনে কেইবিধমান মানসিক ৰোগত ব্যৱহৃত দৰবে মাতৃদুগ্ধৰ উৎপাদন বঢ়াব পাৰে ৷ কিন্তু চিকিৎসকে ইয়াৰ ব্যৱহাৰত সম্ভাব্য পাৰ্শ্বক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব ৷
৪- অন্যান্য মাতৃদুগ্ধ বৃদ্ধি কৰিব পৰা কেইবিধমান দৰবৰ নাম হ'ল – Chloropromazine, Resperidone - এই দুয়োবিধ ঔষধ সাধাৰণতে মানসিক ৰোগৰ চিকিৎসাত ব্যৱহৃত হয় ৷
(* উচৰ্গা - কেইবাগৰাকী মাতৃৰ অনুৰোধত এই নিবন্ধটো যুগুতালোঁ ৷ সকলো নৱজাতকৰ জন্ম দিয়া মাতৃক অভিনন্দন জনাই এই লেখাটো সেই সৌভাগ্যবান মাতৃসকললৈ উচৰ্গা কৰিলোঁ ৷)
লিখক-ডা০ ভূপেন শইকীয়া
২০ অক্টোবৰ ২০১৭
ডোহা, কাটাৰৰ পৰা
যোগাযোগ : drbksaikia@gmail.com
ৱেবচাইট www.drbhupensaikia.com
ৱাটচএপ আৰু ম'বাইল +৯৭৪৩৩৭৩৮৭২২
Comments
Post a Comment