কিডনী স্তন কেনেকৈ বাধা দিব?

 কিডনী ষ্টন কেনেকৈ বাধা দিব?

 আজিকালি মানুহৰ কিডনী সমস্যা ইমান দ্ৰুত গতিত বৃদ্ধি পাব ধৰিছে ই সৰ্বসাধাৰণ মানুহৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। সমগ্ৰ বিশ্বৰ প্ৰায় ১২% মানুহ কিডনী পাথৰৰ সমস্যাত ভূক্ত ভুগী। উত্তৰভাৰতত ১৫% শতাংশ মানুহ কিডনী ষ্টনৰ সমস্যাৰ স্বীকাৰ হৈছে। মহিলাৰ তুলনাত পুৰুষ সকলৰ কিডনী পাথৰৰ সমস্যা অধিক হোৱা দেখা যায়। ৬% মহিলাৰ বিপৰীতে ১১% পুৰুষ কিডনী ষ্টনৰ সমস্যাত ভুগা দেখা যায়।

 বহো সময়ত দেখা যায় বিভিন্ন কাৰণত মানুহৰ কিডনী পাথৰৰ সৃষ্টি হয় আৰু এইবোৰ প্ৰস্ৰাৱৰ ৰাস্তাৰে বাহিৰ হৈ যায়। কেতিয়াবা প্ৰস্ৰাৱথলী লৈ যোৱা নলী দাল যাক ইউৰেথৰ বুলি কোৱা হয়। কিডনী পৰা প্ৰস্ৰাৱ ইউৰিনেৰীব্লাডাৰ লৈ যোৱা নলী দালৰ মুখত অথবা নলী দালৰ মাজত কেতিয়াবা পাথৰ লাগি ধৰি নলীদাল পাতল হৈ যায় বা বহু সময়ত পাথৰ ব্লক হৈ কিডনীত বেক প্ৰেছাৰ সৃষ্টি কৰি কিডনীত পানী জমা হোৱা সমস্যা উদ্ভৱ হয় যাক আমি হাইড্ৰনেফ্ৰচিচ বুলি কওঁ। দীৰ্ঘদিন ধৰি এনে সমস্যা হৈ থাকি কেতিয়াবা কিডনীতো নষ্ট (damage) হোৱা দেখা যায়।

কিডনী পাথৰ কেইবা প্ৰকাৰৰো হয় কিন্ত একেবাৰে কমন হ'ল -কেলচিয়াম অকজিলেট। সাধাৰণতে আমি কেলচিয়াম অকজিলেট পাথৰেই বেছি দেখিবলৈ পাওঁ। তাৰ পিছত ইউৰিক এচিড ষ্টন আৰু ৩ নম্বৰতো হ'ল কেলচিয়াম ফচফেট ষ্টন বাকী আৰু কেইপ্ৰকাৰ মানৰ ষ্টন হোৱাৰ কেতিয়াবা কঠচিত দেখা যায়।

প্ৰথম আমি কথা পাতিম কেলচিয়াম অকজিলেটএতিয়া বহু মানুহে  আমাক সুধে যে কিডনী পাথৰ হ'লে কেলচিয়াম খাব নালাগে নেকি? আচলতে তেনেকোৱা কথা নাই বৰঞ্চ আমাৰ খাদ্যত কেলচিয়াম থাতো অতি জৰুৰী  বা কেলচিয়াম যুক্ত খাদ্য খাব লাগে। যি সকল লোকে কেলচিয়াম যুক্ত খাদ্য নাখায় বা কমকৈ খাই , তেনে লোকৰ পাথৰ বেছি হোৱাহে সম্ভাৱনা থাকে।

এই যি কেলচিয়াম অকজিলেট, যি কিডনীত পাথৰ সৃষ্টি কৰে, এই অকজিলেট বিভিন্ন ধৰণৰ খাদ্যত পোৱা যায়। বিশেষকৈ ইয়াক সেউজীয়া পাত শাকত পোৱা যায়। নাটচ- যেনে কাজু , বাদাম আদিৰ লগতে সেউজীয়া মটৰ, তিল, ফ্লেকচিদ, সেউজীয়া পাত চবজি, মিঠা আলু, চকলেট আদিত বেছিকৈ থাকে। আপোনি যদি এইবোৰ বেছিকৈ খাই থাকে, লগতে কেলচীয়াম জাতীয় খাদ্য যদি নাখায়- তেতিয়া কিডনীত পাথৰ হ'ব পাৰে।

আমাৰ এটা ভুল ধাৰণা থাকে, যে কেলচিয়াম খালে কিডনী পাথৰ হয়কিন্তু সেই কথাতো ভুল হয়। কোনো কোনো কিডনী পাথৰ হোৱা ৰোগীয়ে কেলচিয়াম খাবলৈ একেবাৰেই বন্ধ কৰি দিয়া দেখা যায়।

কেলচিয়াম যেতিয়া সঠিক মাত্ৰাত খাব, তেতিয়া কেলচিয়ামে অকজিলেট নিস্ক্ৰিয় কৰি তেজত প্ৰবেশ ঘটাত বাধাদিয়ে দিয়ে। যদি কেলচিয়াম কম খায় তেতিয়াৰ অকজিলেট খিনিৰ পোনে পোনে আমাৰ তেজত প্ৰৱেশ কৰিব আৰু  কিডনীত ষ্টন গঠনত সহায় কৰিব।

এটা কথা কিন্তু ঠিক, যদি আপোনি অধিক পৰিমাণে কেলচিয়াম পৰিপূৰক  টেবলেট পাউডাৰ গ্ৰহণ কৰে তেনে হ'ল এইবোৰ ষ্টন ডাঙৰ হোৱাত  অৰিহনা যোগাব পাৰে। কিন্তু কেলচিয়াম যুক্ত খাদ্যই আমাৰ কিডনী ষ্টনৰ সমস্যা উৎপত্তি নকৰে।

এই যে সেউজীয়া পাত জাতীয় শাক এইবোৰ, এইবোৰ অকজিলেটৰ ভাল উৎস । এই পাত শাক বোৰৰ পৰা কিন্তু আমি সহজতে অকজিলেট আতৰ কৰিব পাৰো। কাৰণ অকজিলেট পানীত দ্ৰৱীভূত। গতিকে আমি খাবৰ বাবে যিবোৰ পাত শাক আনো সেইবোৰ প্ৰথমে পানীত ডুৱাই ৰাখিব লাগে  যদি পাত শাক বোৰ ৩০/৪০ মিনিট পানীত ডুবাই ৰখা হয় আৰু ইয়াৰ অকজিলেট বোৰ পানীৰ লগত উতি যায়, আমি এইবোৰ নিৰ্ভয়ে খাব পাৰো

যি সকল লোকৰ ইউৰিক এচিড ষ্টন হয়, তেওঁলোকে মাছ, মাংস আদি কম খাব। যিসকল লোকৰ কেলচিয়াম ফচফেট স্তন হয়, তেওঁলোকে নিমখ বেছি খাব নালাগে। বেছি নিমখ খোৱা মানেই কেলচিয়াম ফচফেট পাথৰ গঠনত উদ্গনি যোগাযৱা লগতে আমি গ্ৰহন কৰি থকা শীতল পনীয়বোৰতো অত্যাধিক চৌদাৰ বাবে কেলচিয়াম ফচফেট ষ্টন হোৱাত সহায়ক হয়।

যদি স্তন  হৈ যায় তেতিয়া আমি হোমিঅ পেথিক চিকিৎসা কৰিম।

 DR HARIKANTA DAS

9954340102

Comments

Popular posts from this blog

ভৰিত হোৱা জ্বলন পোৰণ বা জিনজিননি

মুখৰ উজ্জলতা বৃদ্ধি কৰাৰ উপায়।

চাইনোচাইটিছ কি? কিয় হয়? কিয় ঘনাই ঘনাই চৰ্দি হয়, হাঁচি হয়, মূৰৰ বিষ হয়?