উচ্চ ৰক্তচাপ আৰু ইয়াৰ হোমিঅপেথিক চিকিৎসাঃ


নিৰব ঘাটক উচ্চ ৰক্তচাপ আৰু ইয়াৰ হোমিঅপেথিক চিকিৎসাঃ
নিৰব ঘাটক বুলি এই কাৰণেই কব খুজিছো-এজন ব্যক্তি, কেইমূহুৰ্ত মানৰ আগলৈকে সকলো ঠিকেই আছিল। মানুহৰ লগত কথাবতৰা পাতি হাঁহি ধেমালি কৰি আছিল, সকলো কাম সুকলমে কৰি আছিল, মূহুৰ্তৰ পাছতেই মানুহজন পৰিগল আৰু লগে লগে দেহৰ এটা অংশ পেৰেলাইচ বা জঠৰ হৈ গল আৰু পৰিয়ালৰ লাগিল হাহাকাৰ।
    দ্ৰুত
আধুনীকৰণৰ লগে লগে পৰিৱৰ্তিত জীৱনশৈলিয়ে সৃস্টি কৰা এক ভয়াৱহ সমস্যা উচ্চ ৰক্তচাপ আৰু ষ্ট্ৰোক বা পেৰালিইচিচ। মানুহৰ ব্যস্ততাপূৰ্ণ জীৱন ধাৰণৰ লগে লগে বৃদ্ধি হোৱা মানসিক উদ্বেগ,  ভয়-শংকা আৰু প্ৰদুষিত পৰিবেশত জীৱন যাপন, অখাদ্য গ্ৰহণ আদি কাৰণত দিনক দিনে  নিৰব ঘাটক ৰুপী উচ্চ ৰক্তচাপৰ সমস্যাই ব্যাপক ৰুপ ধাৰণ কৰিছে। ইয়াৰ লগে লগে ষ্ট্ৰোক বা পেৰেলাইচিচত আক্ৰান্ত ৰোগীৰ সংখ্যও দিনক দিনে বৃদ্ধি হব ধৰিছে। গতিকে আজি আলোচনা কৰিম এই উচ্চৰক্তচাপ কি, ইয়াৰ কাৰণ কি, কোন এই উচ্চৰক্তচাপত ভুগাৰ সম্ভাৱনা বেছি থাকে, লগতে ইয়াৰ হোমিঅপেথিক মেডিচিনৰ বিষয়েও আলোচনা কৰিম, যিবোৰ গ্ৰহণকৰি কোনোধৰণৰ পাৰ্শ্বক্ৰিয়া নোহোৱাকে ৰক্ৰ চাপ নিয়ন্ত্ৰন কৰিব পাৰিব।
এজন ব্যক্তি উচ্চ ৰক্তচাপত ভূগা বুলি কেতিয়া কোৱা হয় : -
       এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ ৰক্ত চাপ চিষ্টলিক বা উচ্চ সীমা 120 mm Hg আৰু ডায়েষ্টলিক বা নিম্ন সীমা 80 mm Hg থাকিব লাগে। যদি ৰক্তচাপৰ উচ্চ সীমা 140 আৰু নিম্ন সীমা 90 ত কৈ বেছি হয় তেতিয়া হাইপাৰটেনচন বা উচ্চ ৰক্ত চাপত ভূগা বুলি ধৰা হয়।
উচ্চ ৰক্তচাপ ৰ কাৰণ:-
সৰহ সংখ্যক লোকৰ ক্ষেত্ৰত উচ্চ ৰক্তচাপৰ কাৰণ জনা নাযায় ইয়াৰ ভিতৰত - বংশগত কাৰণ, বেছি পৰিমাণে নিমখ খোৱা, Sleep apnea বা নিদ্ৰাহীনতা, অন্য ৰোগৰ ওপসৰ্গ হিচাপে যেনে- মুত্ৰ অৱৰোধ, Polycystic, Kidney Disease, কিডনিৰ বিনিন্ন ধৰনৰ বেমাৰ, হাৰ্টৰ বিন্ন বেমাৰৰ বাবেও উচ্চৰক্তচাপৰ সমস্যা হব পাৰে।কিছুমান ঔষধৰ ব্যৱহাৰৰ বাবে যেনে:- ষ্টেৰয়েড জাতীয় কিছুমান ঔষধ, উচ্চ মাত্ৰাত estrogens হৰমনৰ ঔষধ গ্ৰহন কৰা, কিচুমান মানসিক চাপ দুৰকৰাৰ ঔষধ গ্ৰহণ কৰা, cocaine জাতীয় ঔষধ, বিষনাশক আদি দৰব ব্যৱহাৰ কৰাৰ ফলতো উচ্চ ৰক্তচাপৰ সমস্যা হব পাৰে।
       
       উচ্চ ৰক্তচাপত ভুগাৰ সম্ভাৱনা কাৰ বেছি থাকে:-
অত্যাধিক মদ্যপান কৰা, ধূমপান কৰা ব্যক্তি, মেদবহুল বা আত্যাধিক শৰীৰৰ উজন বৃদ্ধি হোৱা লোক, ৩৫ উদ্ধৰ লোক-যাৰ বয়স ৩৫ বছৰতকৈও বেছি হৈছে, বংশগত ইতিহাস থকা লোক- মাক-দেউতাকৰ উচ্চ ৰক্তচাপ থাকিলে তেওঁলোকৰ সতি সন্ততিৰো উচ্চৰক্তচাপৰ সমস্যা হব পাৰে। ডায়েবেটিচ, লিপিদ বিসংগতি, হৃদৰোগ, ক্ৰনিক কিডনি ডিজিজ, শাৰীৰীক পৰিশ্ৰম নকৰি এলেহুৱা জীবন যাপন কৰা লোক, ষ্টেৰয়েড জাতীয় কিছুমান ঔষধ, উচ্চ মাত্ৰাত estrogens হৰমনৰ ঔষধ গ্ৰহন কৰা, কিচুমান মানসিক চাপ দুৰকৰাৰ ঔষধ গ্ৰহণ কৰা, cocaine জাতীয় ঔষধ, বিষনাশক আদি দৰব, গৰ্ভনিৰোধক বড়ি দীৰ্ঘদিন ধৰি ব্যৱবাৰ কৰা লোকৰ উচ্চ ৰক্তচাপৰ সমস্যা হোৱাৰ সম্ভাৱনা বেছি থাকে
উচ্চ ৰক্তচাপ ৰ লক্ষণ সমূহ:- যেতিয়ালৈকে টাৰ্গেট অৰগেন যেনে কিডনী, হাৰ্ট, অথবা মগজুৰ ক্ষতিগ্ৰস্ত নহয় তেতিয়া লৈকে উচ্চৰক্ত চাপৰ কোনো লক্ষণ দেখা নিদিবও পাৰে। সেইবাবেই উচ্চ ৰক্তচাপক নিৰব ঘাটক বুলি কোৱা হয়। কেতিয়াবা আকৌ কিছুমান ৰোগীৰ ষ্ট্ৰোক হোৱাৰ পিছত হে উচ্চ ৰক্তচাপ হোৱা বুলি ধৰিব পৰা যায়। উচ্চ ৰক্ত চাপত মূৰ ঘূৰুৱা, মূৰ বিষ, মূৰ গধূৰ লগা, টোপনি কম হোৱা, সহজতে ভাগৰ লগা, কানত গু গু শব্দ অনুভৱ কৰা, হাৰ্টৰ ধপধপনি বৃদ্ধি পোৱা, স‌ংজ্ঞাহীনতা, বুকুৰ বিষ, মূৰ আচন্দ্ৰাই কৰা, বুকু ধপধপোৱা আদি লক্ষণ সমূহ প্ৰকাশ পাব পাৰে।
উচ্চ ৰক্তচাপ ৰ ক্ষেত্ৰত দেখা দিব পৰা সমস্যা ( complications if not treated):-
আচলতে কোনো এজন ব্যক্তিৰ যদি বেলেগ কোনোধৰণৰ সমস্যা নাথাকে তেতিয়া উচ্চ ৰক্ত চাপত ভূগা ব্যক্তি এজনক নিৰোগী বুলিয়েই গণ্য কৰা হয়। উচ্চ ৰক্ত চাপৰ বাবে ব্যক্তি জনৰ যাতে হাৰ্ট, কিডনী আদিৰ ক্ষতি নহয় আৰু ব্যক্তি জনে জাতে সূচল জীৱন যাপন কৰিব পাৰে তাৰ বাবে নিয়মীয়াকৈ ডাক্তৰৰ পৰামৰ্শ গ্ৰহম কৰি ঔষধ সেৱন কৰিব লাগে। সময়মতে ব্যক্তি জনে ঔষধ সেৱন নকৰিলে কিছুমান জটিলতাত ভূগাৰ সম্ভাৱনা থাকেয়েনে-হাৰ্ট ফেইলাৰ, ষ্ট্ৰোক, হাৰ্টএটেক, মগজুৰ ক্ষতি সাধন কৰে,বুকুত কফ অথবা পানী জমা হোৱা, চকুৰ ৰেটিনাৰ ক্ষতি সাধন কৰে, কিডনিৰ ৰোগ, নাকৰ পৰা তেজ ওলাব পাৰে, নপুংসতাৰ সমস্যাতো ভূগিব পাৰে
উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ বাবে কৰনীয় :-
    প্ৰথম কথাহল ব্যক্তজনে সুশৃংখলিত জীৱন যাপন কৰিব লাগিব। মানসিক দুশ্চিন্তা পৰিহাৰ কৰি চিন্তামুক্ত জীৱন যাপন কৰিব লাগিব। ফাচফুড, জাংফোড, অত্যাধিক তেল মচলা, ভজা পোৰা আদি খাদ্য পৰিহাৰ কৰিব লাগিব। যদি ওজন বেছি আছে তেন্তে ওজন হ্ৰাস কৰিবৰ বাবে চেষ্টা কৰিব লাগিব
    নিমখ কমাই খাব। নিমখ দিনত 4.4 - 7.4 gm / ৰ বেছি নাখাব।
    নিৰামিষ খাদ্য ফল - শাক পাচলি, কম চৰ্বি যুক্ত গাখীৰ বা স্কিম মিল্ক খাব পাৰে। ফল, শাক পাচলি ত পটেচিয়াম, মেগনেচিয়াম, আহযুক্ত পদাৰ্থ থাকে গতিকে এইবোৰে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰনত সহায় কৰে।
    নিতৌ শাৰীৰিকস ব্যায়াম কৰক, দিনত অন্তত ৩০ মিনিট সময় খোজ কঢ়াৰ অভ্যাস কৰক।
    মদ্যাপান, ধূম্ৰপান আদি ৰাগিয়াল বস্তুৰ ব্যৱহাৰ পৰিত্যাগ কৰক।
    খং ৰাগ, উদ্দেগ, উত্তেজনাৰ পৰা বিৰত থাকিব লাগিব
   উচ্চ ৰক্ত চাপত ব্যৱহাৰ হোৱা হোমিঅপেথিক ঔষধ:-
উচ্চ ৰক্তচাপ যদি বহুত বেছি হৈ যায় তেনে হলে তাক্ষনিক মেনেজমেন্তৰ বাবে গ্লনইনাম Q ঔষধটো ১ টোপাল ১ কাপ পানীৰ লগত খুৱাব আৰু ১০-১৫ মিনিট মানৰ পাছত পূণৰ প্ৰেচাৰ জুখিব, যদি নিয়ন্ত্ৰণলৈ নাহে পূণৰ ১ ঘন্টাৰ পাছত ১ টোপাল খোৱাব। এইখিনিতে আপোনালোকক বিশেষ সতৰ্কীকৰণৰ বাবে এটা কথাকৈথওঁ- এই ঔযধ ব্যৱহাৰ কৰোতে হোমিঅপেথিক চিকিৎসকৰ পৰামৰ্শ নিশ্চিতভাবে গ্ৰহণ কৰিব। কাৰণ এই ঔষধ সঠিক মাত্ৰাত ব্যৱহাৰ কৰিব নোৱাৰীলে প্ৰেচাৰ কমিগৈ অসুবিধাৰ সৃস্টি কৰিব পাৰে।
    উচ্চৰক্তচাপত ভোগা লোকে নিয়মিত ভাবে হোমিঅপেথিক মেডিচিন RauwalfiaQ আৰু Categu OxiQ এই ঔষধ দুটা দুইটাৰ পৰা ১০ টোপালকৈ ১ কাপ পানীৰ লগত ৰোগৰ প্ৰ্যাবল্য অনুসৰি দিনে ২-৩ বাৰ কৈ খালে ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰন হয়।
Cephalandra IndicaQ: ডায়েবেটিছ ৰোগী সকলৰ উচ্চ ৰক্ত চাপত এই ঔষধে অত্যন্ত সুফল দিয়ে। ৰোগীৰ মাথাৰ বিষ, মাথা ঘুৰুৱাৰ লগতে হাত, ভৰি, চকু, মুখ জুইয়ে পোৰাৰ দৰে জ্বলে আৰু ঠাণ্ডা প্ৰয়োগকৰিলে সেই জ্বলা পোৰা উপশম হলে এই ঔষধৰ Q ৩-৪ টোপালকৈ ঠাণ্ডা পানীৰ সৈতে দিনে ৩-৪ বাৰকৈ খাব।
Viskam Alb: উচ্চ ৰক্ত চাপৰ লগতে অত্যন্ত বুকু ধপধপনী, উশাহ লবলৈ অত্যন্ত কষ্ট, বাওঁফালে কাটিহৈ শুব নোৱাৰে, বুকু অত্যন্ত গধুৰ অনুভব কৰে, ৰোগীয়ে একে ঠাইতে স্থিৰে থাকিব নোৱাৰে আদি লক্ষণ থাকিলে এই ঔষধে ভাল ফল দিয়ে। এই ঔষধৰ Q ১০ টোপালকৈ আধাকাপ থাণ্ডা পানীৰ লগত দিনে ২-৩ বাৰকৈ ব্যৱহাৰ কৰিব।
Ambra Gresea: ৰক্তচাপ বেছি হোৱাৰ বাবে মূৰৰ তালুত বিষ হয়, বুকু ধৰফৰণি, কানে কম শুনা, বুকুত গধুৰ অনুভৱ কৰা, টোপনি নোযোৱা আদি লক্ষণ থাকিলে এই ঔষধে ভাল ফল দিয়ে। এই ঔষধৰ ৩০ শক্তিৰ দিনে ৩ বাৰ কৈ ব্যৱহাৰ কৰিব লাগে। ইয়াৰ উপৰিও হোমিঅপেথিকত
Argentum nitricum, Calcarea Carb, Natrum Mur, Phosphorus আদি বহু মেডিচিন আছে এইবোৰ গ্ৰহণ কৰি আপোনালোকে উচ্চ ৰক্ত চাপৰ সমস্যাৰ পৰা মুক্ত হব পাৰিব।
  

Comments

Popular posts from this blog

ভৰিত হোৱা জ্বলন পোৰণ বা জিনজিননি

মুখৰ উজ্জলতা বৃদ্ধি কৰাৰ উপায়।

চাইনোচাইটিছ কি? কিয় হয়? কিয় ঘনাই ঘনাই চৰ্দি হয়, হাঁচি হয়, মূৰৰ বিষ হয়?