ইউৰীনেৰী ট্ৰেক্ট ইনফেক্সন (Urinary tract infection)

ঘৰুৱা দিহাঃ ইউৰীনাৰী ট্ৰেক্ট ইনফেক্সন 

ইউৰীনাৰী ট্ৰেক্ট ইনফেক্সন (Urinary tract infection ) বা মূত্ৰনলীৰ সংক্ৰমণ প্ৰায় বোৰ মহিলাৰে হোৱা এটা ৰোগ ।বিশেষকৈ গৰম দিনত মহিলা সকলে প্ৰায়ে এই ৰোগত ভোগে। ছোৱালী অৱস্থাত মই এই ৰোগত ভুগি কষ্ট পাইছিলো । কিছুমান ঘৰুৱা দিহা ব্যৱহাৰ কৰি মই আৰোগ্য লাভ কৰিছিলো । E.coli নামৰ এটা বেক্টেৰিয়াৰ বাবে সাধাৰণতে এই ৰোগ হয়।

Urinary tract infection ৰোগৰ লক্ষণ সমূহ হল:-
Urinary_tract_infection

🌸 প্ৰসাৱ কৰোতে বেদনা বা জলাপোৰা হয়, 
🌸যিমান বেগেৰে প্ৰসাৱ লাগে সেই অনুপাতে প্ৰসাৱ কমকৈ আৰু সঘনাই হয় ।
🌼প্ৰসাৱ খোলোচা নহয় ,কেতিয়াবা ককালৰ বিষ বা তলপেটৰ বিষ হব পাৰে। 
🌸প্ৰসাৱ ৰঙা বা ঘোলা ,কাঢ়া আৰু গন্ধযুক্ত হব পাৰে ।
🌸হঠাৎ জিকাৰ মাৰি ঠাণ্ডা লাগিব পাৰে বা জ্বৰ হব পাৰে ।

Urinary tract infection ৰ দিহা_কেইটা হলঃ-

(১).প্ৰচুৰ পৰিমাণে পানী খাওক। পেচাবৰ বেগ আহিলে ৰখাই নথব। প্ৰসাব কৰি ভালকৈ ধুই লৈ মুচি শুকুৱাই সম্পূৰ্ণ স্বাস্থ্যসন্মত বিধি পালন কৰক। টান বা চেপা মৰা অন্তৰ্বাস পৰিধান নকৰিব। 
(২). প্ৰচুৰ পৰিমাণে ভিটামিন চি থকা বস্তু খাওক।যেনে নেমুটেঙা আদি।
(৩). ৰঙা জবা ফুল কেইটামান পিচি নাভিত ভৰণ দি ওপৰমুৱাকৈ শুই থাকক আধা ঘণ্টা । প্ৰচাব খোলোচা হৈ যাব । 
(৪). চাল কুঁৱৰী বা Aloe vera এক আঙুলি জোখাৰে লৈ ভিতৰৰ সাহ খিনি এগিলাচ পানীত তালমিচিৰি দি এৰাতি তিয়াই ৰাখক। পিছদিনা চেকি লৈ খাওক।
(৫). ডাবৰ পানী, কুহিয়াৰ ৰস, বুটত তালমিচিৰি দি তিয়াই ৰখা পানী আদি খাওক।
(৬). ৰঙা জবা ফুল কেইটামান পিচি এগিলাচ পানীত তালমিচিৰি দি কেইঘণ্টামান তিয়াই থওক। চেকি লৈ তাৰ পানী খাওক।
(৭). টেঙেচি পাত অলপ , দুপৰটেঙা বা পাতেগজা পাত তিনিটা অলপ তালমিচিৰি এগিলাচ পানীত দি চৰবত বনাই খাওক ।
Urinary tract infection
(৮). থেকেৰাৰ চৰবত খাওক। শুকান কুজি থেকেৰা দুচকল মান এগিলাচ পানীত অকণমান তালমিচিৰি দি কেইঘণ্টামান তিয়াই থওক। চেকি লৈ চৰবত হিচাবে খাওক। স্বভাৱত ই শীতল হোৱাৰ বাবে পেটৰ বাবেও উপকাৰী। আমাৰ ককা আইতাৰ দিনত প্ৰচলিত হোৱা summer ড্ৰিংক বুলিও কব পাৰি। আজিৰ দিনৰ শীতল পানীয় যেনে ক'কা ক'লাতকৈ( coca cola) ই বহুগুণে উন্নত।' অতীতক নাযাবা পাহৰি' কথাষাৰ মনত পেলাব এবাৰ।

উপৰোক্ত দিহাকেইটা ব্যৱহাৰ কৰি চাওক কিছুদিন (অন্ততঃ ১৫ দিন )। সুফল পাব । ডায়েবেটিচ থাকিলে মিচিৰি নিদিব আৰু ব্লাড চুগাৰ কণ্ট্ৰোল কৰাত গুৰুত্ব দিয়ক । ইনফেক্সন বা সমস্যা বেছি জটিল হলে কিন্তু চিকিৎসকৰ পৰামৰ্শ লব লাগিব |
বি:দ্ৰ:- এই সমস্যাত ভোগা সকলে ৰোগ হৈ থকা অৱস্থাত কচু, বিলাহী, মাংস, সৰু মাছ,জালুক আদি কমাই খাব।

ডাঃ ৰেইনী দেৱী(আয়ুৰ্বেদিক চিকিৎসক)
ফোন 7399114617
গুৱাহাটী




Comments

Popular posts from this blog

ভৰিত হোৱা জ্বলন পোৰণ বা জিনজিননি

মুখৰ উজ্জলতা বৃদ্ধি কৰাৰ উপায়।

চাইনোচাইটিছ কি? কিয় হয়? কিয় ঘনাই ঘনাই চৰ্দি হয়, হাঁচি হয়, মূৰৰ বিষ হয়?