এলাৰ্জী(Allergies)
এলাৰ্জী আপোনাৰ সঘনাই চৰ্দী, পানী-লগা হৈ থাকে নেকি? অকমান ঠাণ্ডা লাগিলেই নাক বন্ধ হৈ যায় বা নাকৰ পৰা পানী ওলাবলৈ ধৰে নেকি? ঋতু পৰিবৰ্তন বা ঠাণ্ডা গৰম পৰিবেশ সলনি হোৱাৰ ফলত বা অকমান ধুলি, বালিৰ সংস্পৰ্শত শ্বাস-প্ৰস্বাস লোৱাত অসুবিধাৰ সৃষ্টি হয় নেকি নে নেৰানেপেৰাকৈ হাঁচিয়াবলৈ ধৰে? কিবা খাদ্য বস্তুৰ সেৱনৰ ফলত গা বিজবিজাই আৰু খজুৱতি হয় নেকি? এই সকলোবিলাক প্ৰশ্নৰ উত্তৰ যদি '' হয়'' বুলি কয় তেন্তে ইয়াৰ মূখ্য কাৰণ হব পাৰে এলাৰ্জী। এলাৰ্জী হ'ল আমাৰ শৰীৰৰ ঘটা এক ধৰণৰ বিৰূপ প্ৰতিক্ৰিয়া। কোনো এলাৰ্জেন (allergen) যেনে - ধুলি, বালি, ঠাণ্ডা, ঋতু পৰিবৰ্তন, কোনো খাদ্যবস্তু, ঔষধ ইত্যাদিৰ প্ৰভাৱ শৰীৰে সহ্য কৰিব নোৱাৰিলে কিছুমান বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু শৰীৰে এই এলাৰ্জেন বিলাক শৰীৰৰ পৰা আতৰাই পঠাবলৈ বা ধ্বংস কৰিবলৈ কিছুমান সহাঁৰি জনাই যাক allergic reaction বুলি কোৱা হয় ।আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতাই আমাক নিয়মিত ভাবে এই এলাৰ্জেন বিলাকৰ পৰা সুৰক্ষা দি আছে। শৰীৰত allergic reaction সৃষ্টিকাৰী এই এলাৰ্জেন বিলাকক antige...