Posts

জলফাইঃ

Image
জলফাইঃ জলফাইয়ে হাৰ্টৰ বেমাৰ আৰু কেন্সাৰ প্ৰতিৰোধ কৰে! ⇒ জলফাই ⇒ জলফাইৰ পৰিপুষ্টি গুণ ⇒ জলফাই উপকাৰিতা   জলফাই তেঙা, প্ৰচুৰ আঁহ সমৃদ্ধ এবিধ সৰু ফল জলফাই। জলফাই নিয়মিত খালে খাদ্য হজম হোৱাত সহায় কৰে, লগতে জলফাইয়ে আমাৰ পাকস্থলি, ক্ষুদ্ৰান্ত, বৃহদান্ত আৰু কলন কেন্সাৰৰ ৰোগ প্ৰতিৰোধত সহায় কৰে।জলফাইৰ তেলও স্বাস্থ্যৰ পক্ষে অত্যন্ত উপকাৰী।জলফাই আচাৰ কৰি খোৱাতকৈ কেঁছাকৈ খালেহে ইয়াৰ পৰা বেছিকৈ পৰিপুষ্টি পোৱা যায়। জলফাইৰ পুষ্টিগুণঃ জলফাই ভিটামিন চিৰ ভাল উৎস।জলফাই খনিজ, ভিটামিন, ফাইবাৰ আৰু এন্টিঅক্সিডেন্ট সমৃদ্ধ।     প্ৰতি ১০০ গ্ৰাম জলফাইত ১১৫-১৪৫ কিলোকেলৰি, ১১-১৫ % শৰ্কৰা, ৭৫-৮০% পানী, ৪-৬ % কাৰ্বহাইড্ৰেট, ৫৯ মিলিগ্ৰাম কেলচিয়াম আৰু ১৩ মিলিগ্ৰাম ভিটিমিন-চি থাকে। জলফাই উপকাৰীতাঃ ১) জলফাই তেলত ফেটিএচিড আৰু এনিটিঅক্সিডেন্ট থকাৰ বাবে আমাৰ চুলি আৰু চালৰ বাবে অত্যন্ত উপকাৰী। জলফাই তেলে চুলিৰ গুৰি মজবুট কৰি চুলি সৰাত বাধা দিয়ে। জলফাইত থকা ভিটামিন ই এ আমাৰ চাল উজ্বল আৰু মসিন কৰে। ২) জলফাই তেল নিয়মিত সেৱন কৰিলে হাৰ্ট এটেকৰ সম্ভাৱনা কমে।হাড়ৰ ক্ষয় ৰোধ কৰে। ৩) নিয়মিত ...
Image
চেনিয়ে মৃত্যু মুখলৈ ঠেলি দিছে কোটি কোটি ভাৰতীয়ক!! চেনি ই ন্ধন যেনে দৰে যিকোনো যন্ত্ৰৰ চালিকা শক্তি ঠিক তেনেদৰে খাদ্যও মানৱ জীৱনৰ চালিকা শক্তি। দৈনন্দিন জীৱনত সঠিক সময়ত সঠিক খাদ্য গ্ৰহন নকৰি নাখাব লগা খাদ্য গ্ৰহন কৰাৰ বাবেই আজি ১৩৩ কৌটি ভাৰতীয় কিবা নহয় কিবা গুৰুতৰ স্বাস্থ সমস্যাত ভূক্ত ভগী। আগতে মানুহে খাদ্য গ্ৰহন কৰিছিল ভোক নিবাৰণ, বল-বীৰ্য বৃদ্ধিব বাবে, কিন্তু বৰ্তাম সময়ত মানুহৰ মানসিকতা এনেকুৱা হৈছে যে, খাদ্য লাগিলে যিয়েই নহওঁক কিয় দেখাত ধুনীয়া আৰু মুখৰোচক হলেই হল। স্বাস্যৰ বাবে এই বোৰ ক্ষতিকাৰক বুলি জনাৰ পাছতো কিন্তু এইবোৰ খাদ্য খোৱাৰ প্ৰতিযোগিতাৰ পৰা আঁতৰি আহিব নুখোজে। আ মাৰ প্ৰতি ঘৰতে দৈনিক অপৰ্যাপ্ত পৰিমানে ব্যৱহাৰ হোৱা এনে এবিধ খাদ্য হল চেনি। হয় ঠিকেই শুনিচে! চেনি!! কিবা নহয় কিবা প্ৰকাৰে এই বগা বিহ আমাৰ ঘৰত নিতৌ ব্যৱহাৰ হৈয়েই আছে। ইয়াৰ উপৰিও হোটেল, ৰেষ্ট্ৰোৰা, চাহ, মিঠাইৰ দোকানৰ পৰা আৰম্ভকৰি বৃহৎ বৃহৎ কল্ডডিংকচ কোম্পানী, চকলেট কোম্পানী সমূহে এই মিঠা বিহ অপৰ্যপ্ত মাত্ৰাত ব্যৱহাৰ কৰি আছে। আমি এই বগা বিহ দৈনিক মিঠাই, বেকাৰী, আইচক্ৰিম, ব্ৰেভ্ৰাৰেজ (beverage), চকলেট, গাখীৰ,...

নেজেল পলিপ কি, কিয় হয়? ইয়াৰ চিকিৎসাঃ

Image
নেজেল পলিপ কি, কিয় হয়? ইয়াৰ চিকিৎসাঃ নেজেল পলিপ আ মি আজি কথা পাতিম নেজেল পলিপচ বা পলিপাচৰ বিষয়ে। কেতিয়াবা ৰাতিপূৱা শুই উঠাৰ পাছত কোনো কোনো ব্যক্তিৰ ইমানেই হাঁচি হয়, হাঁচিয়াই হাঁচিয়াই অৱস্থা কাহিল হৈ যায়। কেতিয়াবা ঠাণ্ডাপানীত গাধুৱাৰ পাছত, কেতিয়াবা অলপমান ধুলি-বালি থকা ঠাইত গলেই নাকৰ পানী চকুৰ পানী একাকাৰ হোৱা হাঁচি যেন অন্তই নপৰিব। লগে লগে চৰ্দি, জ্বৰ জ্বৰ ভাব, মাথাৰ বিষ আদিয়ে ব্যক্তিজনৰ অৱস্থা কাহিল কৰি দিয়ে, আৰু কেতিয়াবা পূৱা শুইউঠাৰ পাছৰে পৰা ইমানেই হাঁচি হয়, হাঁচিয়াই হাঁচিয়াই একেবাৰে দূৰ্বল লেবেযান হৈ যায়। এই সমস্যাটোক লৈ যেতিয়া ব্যক্তি এজন ডাক্তৰৰ কায চাপে তেতিয়া ডাক্তৰে পৰীক্ষা নিৰীক্ষা কৰি কয় যে, ব্যক্তিজনৰ পলিপাচ হৈছে বা পলিপচ হৈছে। আৰু কোনো কোনো ডাক্তৰে ইয়াক লগে লগে অস্ত্ৰোপ্ৰচাৰ বাবে উপদেশ দিয়ে। মই এনেকুৱা কেইবাজনো ৰোগী পাইছো যি নেজেল পলিপচ অস্তোপ্ৰচাৰ কৰি ইতিমধ্য উঠাই দিয়া বুলি জনাইছে। তাৰ পিছতো কিন্তু একে সমস্যাকে লৈ মোৰ ওচৰত চিকিৎসা গ্ৰহন কৰিবলৈ আহিছে। যাৰ নেকি অপাৰেচন কৰিব লগা কোনো কাৰণেই নাছিল। আজি কালি কি কাৰণত নাজানো, কিছুমান ডাক্তৰে ৰোগীক নাকৰ পলিপচ বা পলিপাচ হো...

কি কি খাদ্য খালে থাইৰয়েড কমেঃ

Image
কি কি খাদ্য খালে থাইৰয়েড কমেঃ থাইৰয়েড অ জি আমি কেইবিধমান খাদ্যৰ বিষয়ে আলোচনা কৰিম যিবোৰৰ নিয়মিত গ্ৰহণ কৰি আমি থাইৰয়েডৰ সমস্যাৰ পৰা বাছি থাকিব পাৰো। এই ৰোগ হলে কেৱল ঔষধৰ ওপৰতে নিৰ্ভৰ নকৰি সঠিক খাদ্য সঠিক সময়ত গ্ৰহন কৰে তেনে হলে এই ৰোগৰ পৰা পৰিত্ৰান পোৱা সম্ভৱ। আপোনালোকে কেৱল ঔষধৰ উপৰত কেতিয়াও নিৰ্ভৰ নকৰিব। কৰণ থাইৰক্সিন হৰমনৰ ঔষধৰ ষথেষ্ট পাৰ্শ্বক্ৰিয়া আছে। এইবোৰ দৈনিক গ্ৰহণ কৰাৰ ফলত অত্যাধিক ভাগৰ লগা, হাত-ভৰি কঁপনি উঠা, চুলিসৰা, বুকুৰ ধপধপনি বৃদ্ধি হোৱা আদি সমস্যা হয়। স্বাভাৱিক অৱস্থাত আমাৰ থাইৰয়েড গ্ৰন্থীয়ে সঠিক মাত্ৰাত থাইৰয়েড হৰমন উতপন্ন কৰে কিন্তু যেতিয়া আমি এই থাইৰয়েডৰ ঔষধ গ্ৰহণ কৰো তেতিয়া এই হৰমন নিসৰণত বিসংগতি আহিবলৈ ধৰে। যাৰ বাবে আমাৰ বিভিন্ন সমস্যা হবলৈ ধৰে।           গতিকে আমি এইবোৰ খাদ্য গ্ৰহণ কৰাৰ লগে লগে খাদ্য সামগ্ৰীৰ প্ৰতিও সচেতন হব লাগে। যাতে ঔষধ অবিহনেই আমি এই থাইৰয়েড নিয়ন্ত্ৰন কৰিব পাৰো। তাৰ বাবে আমি কেনেকুৱা ধৰণৰ খাদ্য খালে আমিৰ থাইৰয়েড নিয়ন্ত্ৰন হব সেই বিষয়ে আমি জানিব লাগিব।       ...

ভিটামিন ডিৰ অভাবত ৯০ শতাংশ ভাৰতীয়ঃ সাৱধান ! এই ৯০ জনৰ ভিতৰত আপোনিও হব পাৰে!

ভিটামিন ডিৰ অভাবত ৯০ শতাংশ ভাৰতীয়ঃ সাৱধান ! এই ৯০ জনৰ ভিতৰত আপোনিও হব পাৰে ! মা নুহৰ শৰীৰত ভিটামিন ডিৰ অভাৱ আজিৰ বিশ্বৰ অন্যতম স্বাস্থ্য সমস্যা ৰুপে পৰিগনিত হৈছে যদিও উপযুক্ত জন সজাগতাৰ অভাৱৰ বাবে এই সমস্যা আজি গুৰুত্বহীন হৈ পৰা দেখা গৈছে। এক সমীক্ষা অনুসৰি বৰ্তমান ভাৰত বৰ্ষৰ ৯০ শতাংশ মানুহ এই ভিটামিন ডিৰ অভাৱত ভূগি আছে। অন্তঃৰাষ্ট্ৰীয় অষ্টিয়পৰোছিছ ফাউণ্ডেচনৰ প্ৰতিবেদন অনুসৰি উত্তৰ ভাৰতত ৯৬ শতাংশ সদ্যজাত কেচুঁৱা, ৯১ শতাংশ স্বাস্যৱান স্কুলীয়া ছাত্ৰী আৰু ৮৪ শতাংশ গৰ্ভৱতী মহিলা ভিটামিন ডিৰ অভাৱত ভূগাবুলি প্ৰকাশ কৰিছে। কি এই ভিটামিন ডি?  আমাৰ শৰীৰত থকা চৰ্বী দ্ৰৱীভূত (fat soluble)  চাৰিবিধ ভিটামিনৰ ভিতৰত ডি অন্যতম। ভিটামিন ডি আকৌ দুই প্ৰকাৰৰ- ভিটামিন ডি-২ (D2) আৰু ভিটামিন ডি-৩ (D3) তেজত ভিটামিন ডিৰ মাত্ৰা কিমান থাকিব লাগে? এজন সুস্থমানুহৰ তেজত ৩০-৬০ ng/mL থাকিব লাগে। ২০ ng/mL ৰ তলত থাকিলে ভিটামিন ডিৰ অভাৱ হোৱা বুলি কোৱা হয়। ২১-২৯ ng/mL ভিটামিন দি থাকিলে পৰ্য্যাপ্ততকৈ কম আৰু ৬০ ng/mL তকৈ অধিক থাকিলে মাত্ৰাধিক বুলি কোৱা হয়। সাধাৰণতে স্বাভাৱিক অৱস্থাত মানুহ এজন...

বগা দাগ বা ভিটিলিগৰ চিকিৎসা

Image
⇒ বগা দাগ বা ভিটিলিগ কি? ⇒কিয় হয়? ⇒কাৰ হোৱা সম্ভাৱনা থাকে?  ⇒ ইয়াৰ ফলপসু চিকিৎসা কি? বগা দাগ বা ভিটিলিগৰ চিকিৎসা আ জি অমি আলোচনা কৰিম বৰ্তমান সময়ত ব্যাপক ভাবে দেখাদিয়া এক সমস্যা, গাত হোৱা বগা দাগৰ বিষয়ে। যাক আমি লিউকডাৰ্মা, ভিটিলিগ বা শ্বেতকোষ্ঠ বুলি কওঁ। দি টাইমচ অফ ইণ্ডিয়াৰ এ সমীক্ষা অনুসৰি বৰ্তমান ভাৰতবৰ্ষৰ ২ ৰ পৰা ৫ শতাংশ মানুহক আক্ৰান্ত কৰা এই ভিটিলিগ কি? কিয় হয় এই বগা দাগ বা ভিটিলিগ, কাৰ হোৱা সম্ভাৱনা থাকে? আৰু ইয়াক সহজতে নিৰাময় কৰিব পৰা ফলপসু মেডিচিনৰ বিষয়ে আলোচনা কৰিম।         আমাৰ শৰীৰৰ চালৰ ভিতৰত মেলানোচাইত নামৰ কোষ থাকে আৰু এই কোষবোৰে মেলানিন নামৰ এক প্ৰকাৰৰ ৰঞ্জক পদাৰ্থ নিসৰণ কৰে। এই মেলানিনৰ বাবে [caption id="attachment_979" align="alignright" width="400"] বগাদাগ[/caption] আমাৰ চালখনৰ ৰং স্বাভাৱিক হয়।  যদি আমাৰ শৰীৰত এই মেলানিন নিসৰণ বেছি হয় তেতিয়া আমাৰ ছালখনৰ ৰং বেছি গাঢ় বা ডাৰ্ক হয়। আমি সাধাৰনতে যিটো কলা হোৱা বুলি কওঁ। আৰু যিমান কমকৈ মেলানিন নিসৰণ হব ছালখনৰ ৰং সিমানেই উজ্জল বা বগা হব। ইয়াৰ প্ৰধান কাম হল ছালৰ ৰং ...

ভিটামিন চি কত কিমান পোৱা যায়

ভিটামিন চি কত কিমান পোৱা যায় আমাৰ শৰীৰক পুষ্টিযোগানৰ বাবে ভিটামিন অত্যাৱস্যকীয়। বিভিন্ন ৰোগৰ পৰা মুক্ত কৰি শৰীৰটোক নিৰোগী কৰি ৰাখিবৰ বাবে অন্যান্য ভিটামিন সমূহৰ লগতে প্ৰয়োজন হয় ভিটামিন-চি। এজন প্ৰাপ্ত বয়স্কৰ ব্যক্তিক দৈনিক ৫০ মিলি গ্ৰাম ভিটামিন-চি প্ৰয়োজন হয়। শিশুক ৩০-৫০ মিলি গ্ৰাম আৰু পসুতি মাতৃক ৮০ মিলি গ্ৰাম ভিটামিন চিৰ প্ৰয়োজন হয়।  গতিকে প্ৰাকৃতিক ভাবে কত কিমান চি ভিটামিন পোৱাযায় জানো আহক। (১) প্ৰতি ১০০ গ্ৰাম আমলখিত-৬০০ মিলি গ্ৰাম ভিটামিন চি পোৱাযায়। (২) প্ৰতি ১০০ গ্ৰাম নেমুটেঙাত -৬৩ মিলি গ্ৰাম ভিটামিন চি পোৱাযায়। (৩) মিলি গ্ৰাম প্ৰতি ১০০ গ্ৰাম মধুৰিয়ামত - ২০০ মিলি গ্ৰাম ভিটামিন চি পোৱাযায়। (৪)প্ৰতি ১০০ গ্ৰাম বিলাহীত - ২৫-২৭ মিলি গ্ৰাম ভিটামিন চি পোৱাযায়। (৫)প্ৰতি ১০০ গ্ৰাম সুমথিৰাত -৩০ মিলি গ্ৰাম ভিটামিন চি পোৱাযায়। শাক-পাচলি (১)প্ৰতি১০০ গ্ৰাম লাইশাকত-২৮ মিলি গ্ৰাম ভিটামিন চি পোৱাযায়। (২)প্ৰতি ১০০ গ্ৰাম বন্ধাকবিত -১২৫ মিলি গ্ৰাম ভিটামিন চি পোৱাযায়। (৩)প্ৰতি ১০০ গ্ৰাম ফুলকবিত -৫৫ মিলি গ্ৰাম ভিটামিন চি পোৱাযায়। (৪)প্ৰতি ১০০ গ্ৰাম বেঙেনাত -১০-১২মিলি গ্ৰাম ভিটামি...