Posts

নিমখ বেছি খালে কি হয়

Image
নিমখে নষ্ট কৰিব আপোনাৰ কিডনিঃ-  আমাৰ দৈনন্দিন খাদ্য তালিকাত নিমখ এক অপৰিহাৰ্য উপাদান। যি খাদ্যই নহওক কিয় নিমখৰ অবিহনে যেন সকলোবোৰ অসম্পূৰ্ণ। কিন্তু আপোনি জানেনে যে অত্যধিক নিমখ সেৱনে আপোনাৰ কিডনিৰ গুৰুতৰ ক্ষতি কৰি কিডনি ফেলৰ সমস্যা উ ৎ পন্ন কৰিব পাৰে? লগতে হৃদপিণ্ডক ক্ষতি কৰি উচ্চ ৰক্তচাপৰো সৃষ্টি কৰিব পাৰে। নিমখে নষ্ট কৰিব আপোনাৰ কিডনি         আজি আমি  বিশেষভাৱে আলোচনা কৰিম আমাৰ দেহৰ অত্যন্ত গুৰুত্বপূৰ্ণ অংগ কিডনি, এই কিডনি দুটাৰ ক্ষতি নোহোৱাকৈ কেনেদৰে নিৰাপদ ৰাখিব পাৰিম তাৰ বিষয়ে। মগজু, হৃদপিণ্ড, লিভাৰ যেনে দৰে মানব শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ থিক তেনেদৰে কিডনিও অতি গুৰুত্বপূৰ্ণ অংগ, এই কিডনি অবিহনে মানুহ জীয়াই থকাটো সম্ভৱ নহয়। ভগবানে আমাক দিয়া এই দুই কিডনি কি ? ইয়াৰ মূখ্য কাম কি?... আচলতে আমাৰ কিডনিৰ কাম হল প্ৰস্ৰাৱ উ ৎ পন্ন কৰা আৰু এই প্ৰস্বাৱৰ জৰিয়তে শৰীৰত যিমান বোৰ বিষাক্ত আৱৰ্জনা আছে এই বোৰ বাহিৰ কৰা। গতিকে আমাৰ দেহত যিমান বেচি টকছিন উতপন্ন হব সিমান বেছি সমস্যা সৃষ্টি হব। কিডনিয়ে ও সিমান বেছিকৈ কাম কৰিব লগা হব। কিডনি উপৰত বহুত বেছি চাপৰ ...

কলেষ্টৰল,ট্ৰাইগ্লিচাৰাইডৰ সমস্যা কম কৰা উপায়

Image
কলেষ্টৰল,ট্ৰাইগ্লিচাৰাইডৰ সমস্যা কম কৰা উপায়:-      আজিৰ যুগটো যান্ত্ৰিক যুগ বুলি ক'ব পাৰি। গাড়ী, মটৰ চাইকেল আদিৰ পৰা কাপোৰ ধোৱা মেচিন, অভেন, ঠাই মোচা আহিলা, মিক্সাৰ গ্ৰাইণ্ডাৰ, এয়াৰ কণ্ডিচনাৰ আদি বিভিন্ন প্ৰকাৰৰ মেচিন আবিষ্কাৰ হোৱাৰ লগে লগে আমাৰ দৈনন্দিন জীৱনৰ কামবোৰো কমি গৈছে যাৰ ফলশ্ৰুতিত আমি প্ৰায়বোৰ মানুহেই এক বিলাসী জীৱন কটাইছো। আইতাহঁতৰ দিনৰ ঢেকী, খুন্দনা এতিয়া প্ৰায় বিলুপ্তিৰ পথত। ঠিক তেনেকৈ খেতি পথাৰৰ আহিলা সমূহ আৰু আন বহুতো সামগ্ৰীৰ উদ্ভাৱন হোৱাৰ লগে লগে পুৰুষৰ পৰিশ্ৰম কমি গ'ল। আমাৰ জীৱনশৈলীৰ পৰিৱৰ্তন হ'ল আৰু আধুনিকতাৰ পৰশত আমাৰ খাদ্যভ্যাসৰো সলনি হল। পৰম্পৰাগত থলুৱা খাদ্যৰ সলনি পিজ্জা, বাৰ্গাৰ, ফ্ৰেন্স ফ্ৰাইজ, পেষ্ট্ৰি ( pastries), ক'কা কোলা আদি শীতল পানীয়, আইচক্ৰীম, আদিৰ প্ৰতি আসক্তি বাঢ়িছে। ইয়াৰ ফলত আমি বিভিন্ন ৰোগৰ কৱলত পৰিছো। বৰ্তমান সময়ত দ্ৰুতগতিত বৃদ্ধি পোৱা তেনে সমস্যাবোৰৰ ভিতৰত এক প্ৰধান সমস্যা হৈছে বৰ্ধিত কলেষ্টৰল আৰু ট্ৰাইগ্লিচাৰাইড। এই বৰ্ধিত কলেষ্টৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ বাবে উচ্চ ৰক্তচাপ, কৰোনাৰী আৰ্টাৰি দিজিজ, হাৰ্ট এটেক, স্ট্রোক, ফেতি ...

গেষ্ট্ৰাইটিচ এচিডিটি পৰিত্ৰাণৰ আয়ুৰ্বেদিক উপায়

গেষ্ট্ৰাইটিচ এচিডিটি পৰিত্ৰাণৰ আয়ুৰ্বেদিক উপায় অম্লপিত্তক আয়ুৰ্বেদত অন্নবহ স্ৰোতত হোৱা এবিধ ৰোগ হিচাপে বৰ্ণনা কৰা হৈছে। সাধাৰণ ভাষাত কবলৈ হলে যেতিয়া শৰীৰৰ পাচক ৰস(পিত্ত) টেঙা হৈ পৰে আৰু তাৰফলত যেতিয়া খাদ্য সঠিকভাৱে হজম নহয়, ভোক নলগা হয়, মুখৰ ভিতৰত তিতা বা টেঙা অনুভৱেৰে বমিৰ ভাৱ হয়, ডিঙি আৰু বুকুত জ্বলা পোৰা অনুভৱ হয়, কোনো পৰিশ্ৰম নকৰাকৈ ভাগৰ লাগে, শৰীৰ গধুৰ অনুভৱ হয়; তেতিয়া অম্লপিত্ত ৰোগত আক্ৰান্ত হোৱা বুলি গণ্য কৰা হয়। আয়ুৰ্বেদত বৰ্ণিত এই ৰোগটোৰ লগত পোনপটীয়াকৈ আধুনিক চিকিৎসা বিজ্ঞানৰ কোনো এটা ৰোগক তুলনা কৰিব নোৱাৰি যদিও গেষ্ট্র এছফেজেল ৰীফলেক্স ডিজিছ (GERD), গেষ্ট্ৰাইটিছ, হাইপাৰ এচিডিটি, এচিড পেপ্তিক ডিছৰ্দাৰ, ডিছপেপচিয়া আদি ৰোগৰ লক্ষণৰ বহু সাদৃশ্য দেখা যায়।  আয়ুৰ্বেদৰ মতে প্ৰধানকৈ বিভিন্ন কাৰণত হোৱা মানসিক চাপ তথা অস্থিৰতা আৰু অহিতকৰ আহাৰ বিহাৰৰ ফলত শৰীৰৰ ত্ৰিদোষ দূষিত হৈ পাচক অগ্নিৰ কাম বাধা প্ৰাপ্ত হয়। ফলস্বৰূপে অম্লপিত্ত ৰোগৰ উৎপত্তি হয়। গেষ্ট্ৰাইটিচ এচিডিটি সাধাৰণ লক্ষণ সমূহ:  বুকু জ্বলা পুৰা কৰা, টেঙা বা তিতা উগাৰ অহা, ডিঙি জ্বলা অনুভৱ কৰা, বমিৰ ভাৱ অহা,...

কেচুমূৰীয়া, অৰ্শ বা পাইলচ ৰোগৰ চিকিৎসা | piles treatment | Dr Haris Well...

Image

গলব্লাডাৰ ষ্টন

গলব্লাডাৰ ষ্টনৰ পৰা ৰক্ষা পোৱাৰ কিটিপ বৰ্তমান সময়ত গলব্লাডাৰ ষ্টন ৰোগৰ ব্যাপকতা অসমত দিনক দিনে বৃদ্ধি পাব ধৰিছে। পুৰুষৰ তুলনাত মহিলা এই ৰোগত অধিক আক্ৰান্ত হয়। সাধাৰণতে বয়সস্থ সকলৰ এই ৰোগ হয় যদিও আজিকালি অসমত যথেষ্ট পৰিমাণে সৰু সৰু ল'ৰা-ছোৱালীৰ গলব্লাডাৰ ষ্টন হোৱা দেখা যায়। ইয়াৰ মূলকাৰণ খাদ্যাভ্যাসৰ পৰিৱৰ্তন আৰু পৰিশ্ৰম বিহীন জীৱন নিৰ্বাহ। আজি এই সম্পৰ্কে কিছু অৱগত কৰিব বিছাৰিছো। মানুহৰ ওপৰৰ পেটত সোঁফালে যকৃতৰ তলত পিত্তাশয় বা গলব্লাডাৰ অৱস্থিত। ই দেখাত সাইলাখ জাতিলাওটোৰ দৰে। তিনি তৰপীয়া পাতল মাংসপেশী আৰু শ্লেষ্মিক কলাৰে পিত্তাশয় গঠিত । ই দীঘলে প্ৰায় ৩-৪ ইঞ্চি,ইয়াৰ এমূৰৰ পৰা চিষ্টিক ডাক্ট (Cystic duct) নামৰ এডাল ডেৰ ইঞ্চি দীঘল সৰু নলী ওলাই যকৃত নলীত (Hepatic duct) সংযোগ হৈছে। পিছত দুয়োডাল নলী একহৈ পিত্তনলী (Bile duct) নামেৰ বৃহৎ অন্ত্ৰৰ ডিওডেনামত মুকলি হৈছে। পিত্তাশয়ত পিত্তৰস সঞ্চিত হৈ থাকে। পিত্তৰস ক্ষাৰকীয় আৰু ইয়াত ৮৬% পানী বাকী ১৪% কলেষ্টৰল, পিত্ত লৱন (bile salt) পিত্ত ৰঞ্জক (bile pigments) , মিউচিন ইত্যাদি পদাৰ্থ থাকে। আহাৰ খোৱাৰ আধাঘন্টাৰ ভিতৰত জুলীয়া খাদ্য বৃহৎ অন্ত্ৰৰ ডিওডে...

টনছিলাইটিছ

Image
টনছিলাইটিছ  টনছিলাইটিছ টনছিলাইটিছ শব্দটো নুশুনা ব্যক্তি খুউব কমেই উলাব। এই টনছিল শব্দটোৰ সৈতে আমি প্ৰত্যকেই কম বেছি পৰিমাণে পৰিচিত। আমি প্ৰত্যকেই জীৱন কালত কম বেছি পৰিমণে হলেও টনছিলৰ সমস্যাত ভুগিছো। টনছিলৰ সম্পৰ্কে আকৌ কোনো কোনোৱে ধাৰনা কৰে যে টনছিল এনেকুৱা এটা বস্তু যিটো আমাৰ প্ৰতিজন ব্যক্তিৰে ডিঙিত থাকে আৰু ঠাণ্ডা পানী খালে বা ঠাণ্ডা খাদ্য খালে, কলডিং খালে, বা ঠাণ্ড বতাহ লাগিলে সমস্যা বৃদ্ধি হয় আৰু অপাৰেচন কৰি কাটি পেলাই দিলেই যেন সকলো সমস্যা শেষ। আচলতে ই এটা অতি ভুল ধাৰনা।  টনছিল কি?  জিভাৰ শেষ প্ৰান্তৰ তলত বাওঁ আৰু সোঁ ফালে দুই কাষে বাদাম গুটিৰ দৰে প্ৰায় ১.৫ চেন্টিমিটাৰ আকাৰৰ ৰঙা ৰঙৰ মাংস পিণ্ডকে টনছিলন বুলি কোৱা হয়। ইয়াক দেখাত মাংস পিণ্ডৰ দৰে লাগিলেও ই লসিকা কলা বা লিম্ফনোড কলাৰ দ্বাৰা গঠিত হয়। মুখগহ্বৰ দুয়ো কাষে দুইটা টনচিলৰ অবস্হান। ই মুখ, ডিঙি, নাক অথবা চাইনাচৰ দ্বাৰা ৰোগৰ জীৱানু অন্তঃত বা পেটত প্ৰৱেশ কৰা বাধা দিয়ে অৰ্থাৎ ৰেগৰ প্ৰতিৰোধী ক্ষমতা তৈয়াৰ কৰে  টনছিলাইটিছত যেতিয়া আমাৰ দেহত প্ৰৱ্শ কৰা বেক্টেৰিয়া, ভাইৰাচ, পেৰাচাইট আদি বোৰ ধংস কৰি...

টনছিল কি? || টনছিলাইটিছৰ চিকিৎসা || Dr Haris Well future

Image