Posts

কেচুমূৰীয়া, অৰ্শ বা পাইলচ ৰোগৰ চিকিৎসা | piles treatment | Dr Haris Well...

Image

গলব্লাডাৰ ষ্টন

গলব্লাডাৰ ষ্টনৰ পৰা ৰক্ষা পোৱাৰ কিটিপ বৰ্তমান সময়ত গলব্লাডাৰ ষ্টন ৰোগৰ ব্যাপকতা অসমত দিনক দিনে বৃদ্ধি পাব ধৰিছে। পুৰুষৰ তুলনাত মহিলা এই ৰোগত অধিক আক্ৰান্ত হয়। সাধাৰণতে বয়সস্থ সকলৰ এই ৰোগ হয় যদিও আজিকালি অসমত যথেষ্ট পৰিমাণে সৰু সৰু ল'ৰা-ছোৱালীৰ গলব্লাডাৰ ষ্টন হোৱা দেখা যায়। ইয়াৰ মূলকাৰণ খাদ্যাভ্যাসৰ পৰিৱৰ্তন আৰু পৰিশ্ৰম বিহীন জীৱন নিৰ্বাহ। আজি এই সম্পৰ্কে কিছু অৱগত কৰিব বিছাৰিছো। মানুহৰ ওপৰৰ পেটত সোঁফালে যকৃতৰ তলত পিত্তাশয় বা গলব্লাডাৰ অৱস্থিত। ই দেখাত সাইলাখ জাতিলাওটোৰ দৰে। তিনি তৰপীয়া পাতল মাংসপেশী আৰু শ্লেষ্মিক কলাৰে পিত্তাশয় গঠিত । ই দীঘলে প্ৰায় ৩-৪ ইঞ্চি,ইয়াৰ এমূৰৰ পৰা চিষ্টিক ডাক্ট (Cystic duct) নামৰ এডাল ডেৰ ইঞ্চি দীঘল সৰু নলী ওলাই যকৃত নলীত (Hepatic duct) সংযোগ হৈছে। পিছত দুয়োডাল নলী একহৈ পিত্তনলী (Bile duct) নামেৰ বৃহৎ অন্ত্ৰৰ ডিওডেনামত মুকলি হৈছে। পিত্তাশয়ত পিত্তৰস সঞ্চিত হৈ থাকে। পিত্তৰস ক্ষাৰকীয় আৰু ইয়াত ৮৬% পানী বাকী ১৪% কলেষ্টৰল, পিত্ত লৱন (bile salt) পিত্ত ৰঞ্জক (bile pigments) , মিউচিন ইত্যাদি পদাৰ্থ থাকে। আহাৰ খোৱাৰ আধাঘন্টাৰ ভিতৰত জুলীয়া খাদ্য বৃহৎ অন্ত্ৰৰ ডিওডে...

টনছিলাইটিছ

Image
টনছিলাইটিছ  টনছিলাইটিছ টনছিলাইটিছ শব্দটো নুশুনা ব্যক্তি খুউব কমেই উলাব। এই টনছিল শব্দটোৰ সৈতে আমি প্ৰত্যকেই কম বেছি পৰিমাণে পৰিচিত। আমি প্ৰত্যকেই জীৱন কালত কম বেছি পৰিমণে হলেও টনছিলৰ সমস্যাত ভুগিছো। টনছিলৰ সম্পৰ্কে আকৌ কোনো কোনোৱে ধাৰনা কৰে যে টনছিল এনেকুৱা এটা বস্তু যিটো আমাৰ প্ৰতিজন ব্যক্তিৰে ডিঙিত থাকে আৰু ঠাণ্ডা পানী খালে বা ঠাণ্ডা খাদ্য খালে, কলডিং খালে, বা ঠাণ্ড বতাহ লাগিলে সমস্যা বৃদ্ধি হয় আৰু অপাৰেচন কৰি কাটি পেলাই দিলেই যেন সকলো সমস্যা শেষ। আচলতে ই এটা অতি ভুল ধাৰনা।  টনছিল কি?  জিভাৰ শেষ প্ৰান্তৰ তলত বাওঁ আৰু সোঁ ফালে দুই কাষে বাদাম গুটিৰ দৰে প্ৰায় ১.৫ চেন্টিমিটাৰ আকাৰৰ ৰঙা ৰঙৰ মাংস পিণ্ডকে টনছিলন বুলি কোৱা হয়। ইয়াক দেখাত মাংস পিণ্ডৰ দৰে লাগিলেও ই লসিকা কলা বা লিম্ফনোড কলাৰ দ্বাৰা গঠিত হয়। মুখগহ্বৰ দুয়ো কাষে দুইটা টনচিলৰ অবস্হান। ই মুখ, ডিঙি, নাক অথবা চাইনাচৰ দ্বাৰা ৰোগৰ জীৱানু অন্তঃত বা পেটত প্ৰৱেশ কৰা বাধা দিয়ে অৰ্থাৎ ৰেগৰ প্ৰতিৰোধী ক্ষমতা তৈয়াৰ কৰে  টনছিলাইটিছত যেতিয়া আমাৰ দেহত প্ৰৱ্শ কৰা বেক্টেৰিয়া, ভাইৰাচ, পেৰাচাইট আদি বোৰ ধংস কৰি...

টনছিল কি? || টনছিলাইটিছৰ চিকিৎসা || Dr Haris Well future

Image

ইউৰিক এচিদৰ পৰা পৰিত্ৰান পোৱাৰ সহজ ওপায় :

  ইউৰিক এচিড বেছি থকা ৰোগীয়ে কি খাব আৰু কি নাখাব এক চমু আভাস শাক পাচলিত প্ৰয়োজনতকৈ অধিক মত্ৰাত ৰাসায়নিক সাৰ ব্যবহাৰ, আৰু ভেজল খাদ্যৰ দব্যৰ লগতে দিনে দিনে খাদ্যভাসৰ পৰিবৰ্তনৰ ববে বৃদ্ধি পাব ধৰিছে ইউৰিক এচিদ বৃদ্ধি পোৱা ৰুগীৰ সংখ্যাা। ইউৰিক এচিদ বৃদ্ধি হোৱা কাৰণ অয়ুৰ্ৱেদিক ত বৰ্ণিত বাতৰক্তৰ লগত তুলনা কৰিব পাৰি | ইউৰিক এচিদ নো কি ? ইউৰিক এচিদ হৈচে পিউৰিন নামৰ নিউক্লিয়তাইদ ৰ বিপাকিয় ক্ৰিয়াৰ অন্তিম পদাৰ্থ | এই নিউক্লিয়তাইদৰ একত্ৰিকৰনৰ দ্বাৰাই ডনএ DNA আৰু ৰনএ RNA গঠন হয়| নিউক্লিয়তাইদ পিউৰিনে শৰীৰৰ কোষৰ বহুতু অত্যাবশ্যকীয় কাৰ্য্য সম্পদন কৰে | ইয়াৰ উপৰিও পিছপিনে প্লেটিলেট ( platelet), মাংসপেশী, স্নায়ু সংচাৰণ ( neurotransmission), ইত্যাদি ৰ বাবে আৱশ্যক | আমি খোৱা বহুতো খাদ্য ত পিউৰিণ যথেষ্ট পৰিমাণে পোৱা যায় | এই খাদ্য ত থকা পিউৰিণ ৰ পৰা বিপাকৰ ফলত, নতুবা আমাৰ শৰীৰৰ যকৃত, অন্ত্ৰ, মাংসপেশী, কিডনি আদিৰ পৰা ইউৰিক এচিডৰ উৎপাদন হয় | ইউৰিক এচিডৰ স্বাভাৱিক পৰিমাণ মহিলাৰ ক্ষেত্ৰত 1.5 মিলিগ্ৰাম পৰা 6 মিলিগ্ৰাম আৰু প্ৰাপ্তবয়স্ক পুৰুষৰ ক্ষেত্ৰত 2 মিলিগ্ৰামৰ পৰা 7 মিলিগ্ৰাম প্ৰতি ডেছি...

মুখৰ কলাদাগ আতৰাব কেনেকৈ

মুখৰ কলা দাগ, ব্যংগ ৰোগ, melasma, আয়ুৰ্বেদিক_চিকিৎসাঃ মুখত ক'লা দাগ পৰা সমস্যাৰ সৈতে আমি সকলোৱে চিনাকি। বিশেষকৈ মহিলা সকলৰ ক্ষেত্ৰত এনে ধৰণৰ সমস্যা প্ৰায়ে দেখা যায়। আজি প্ৰায়ে সন্মুখীন হোৱা এইবিধ ছালৰ সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ বিচাৰিছোঁ। সাধাৰণতে পুৰুষ মহিলা সকলোৰে এই সমস্যা হয় যদিও মহিলাসকলৰ এই সমস্যা বেছি হোৱা দেখা যায়।বৰ গুৰুতৰ শাৰীৰিক ৰোগ বুলি গণ্য কৰা নহয় যদিও মানুহৰ ৰূপ সৌন্দৰ্য্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় বাবে ই এক মানসিক অশান্তিৰ কাৰক হৈ পৰে।          আমাৰ শৰীৰৰ ছালৰ ৰং কিছুমান অংশত স্বভাৱিকতকৈ যদি বেছি গাঢ় হৈ মুগা বা ক'লা পৰে তেতিয়াই এনে সমস্যাৰ সৃষ্টি হয় যাক হাইপাৰপিগমেন্টেচন(Hyperpigmentation) বুলি কোৱা হয়। আধুনিক ভাষাত মুখমণ্ডলত হলে ইয়াক মেলাজমা, melasma(ফেচিয়েল মেলানোছিছ-facial melanosis)আৰু আয়ুৰ্বেদত ব্যংগ ৰোগ বুলি কোৱা হৈছে। প্ৰায়ে মুখমণ্ডলত নাকৰ দুয়ো কাষে, কপাল, গালৰ উপৰ অংশ, মুখৰ মাজ অংশ আদিত দেখা যায় যদিও কেতিয়াবা ডিঙি আৰু হাতৰ কিলাকুটিৰ তলৰ অংশতো হোৱা দেখা যায়। মেলানিন নামৰএবিধ ৰঞ্জক পদাৰ্থ আমাৰ শৰীৰত থাকে যিয়ে ছালৰ, চুলিৰ আৰু আনকি চকু...

বিলাহী

Image
বিলাহী ঘৰতে টাবত লগোৱা বিলাহী। কোনো ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ উতপাদন কৰা।