Posts

পাকঘৰৰইটো সিটো খুটিনাটি আৰু আমাৰ স্বাস্থ্য

Image
পাকঘৰৰইটো সিটো খুটিনাটি আৰু আমাৰ স্বাস্থ্য  পাকঘৰ বা ৰান্ধনিশাল প্ৰতিখন ঘৰৰে এক বিশেষ স্থান। ঠিক তেনেকৈ এখন ঘৰৰ সকলোৰে সুস্বাস্থ্যৰ চাবিকাঠি ঘৰখনৰ গৃহিনীগৰাকীৰ হাতত। প্ৰতিগৰাকী গৃহিনীয়ে সুস্বাদু, পুষ্টিকৰ আৰু স্বাস্থ্যসন্মত ব্যঞ্জন বনাই সকলোৰে স্বাস্থ্যৰ যত্ন লবলৈ বিচাৰে। কিন্তু কেতিয়াবা অজানিতে কৰা কিছুমান সৰু সুৰা খুটিনাটি বা ভুলে আমাৰ স্বাস্থ্যৰ ক্ষতিসাধন কৰিব পাৰে। গতিকে চাওঁচোন আহক পাকঘৰৰ এই খুটিনাটি বোৰনো কি বাৰু :-  কাঁহী বাতি, বাচন বৰ্তন ধুবলৈ ব্যৱহাৰ কৰা স্পঞ্জবোৰ কিমান দিনৰ মূৰে মূৰে সলায় বাৰু? একেৰাহে ব্যৱহাৰ কৰি থাকিলে এইবোৰত অপকাৰী বেক্টেৰিয়া বা অন্য বীজাণুৰ আক্ৰমণ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। সেয়েহে মাজে মাজে বাচন ধোৱা স্পঞ্জবোৰ সলাব লাগে। পাকঘৰত ব্যৱহাৰ কৰা কীটচেন টাৱেল বোৰো মাজে সময়ে বদলি কৰি নতুন টাৱেল ব্যৱহাৰ কৰক। বহুতো বেমাৰৰ কাৰক পাকঘৰত একেৰাহে বহুতদিন ব্যৱহাৰ কৰা এই টাৱেল বা কাপোৰসমূহ।  প্ৰত্যেক দিনাই পাকঘৰৰ চিংকটো ( sink)ও ভালকৈ চাবোন বা দিতাৰজেণ্টেৰে ধুই পেলাব লাগে। কাৰণ চিংকত দিনটো লেতেৰা বাচন ধুই থকাৰ উপৰিও মাছ, মাংস আৰু অন্য বস্তুও ধোৱা হয়...

ফলমূল আৰু ষ্টীকাৰ (sticker) ৰহস্য কি জানো আহক

Image
ফলমূল আৰু ষ্টীকাৰ (sticker) ৰহস্য আজিকাতি বজাৰত দেখিবলৈ পোৱা সতেজ, সুস্বাদু আৰু সুগন্ধিযুক্ত ফলমূল সমূহ প্ৰাইবোৰেই আমদানিকৃত। স্থানীয় ফলমূত খুব কমেই দেখা যায়। বৰ্তমান সময়ত আমাৰ মানসিকতা এনেদৰে ঘঢ়লৈ উঠিছে যে আমি বজাৰত সতেজ ফল-মূল দেখিলেই কোনো বাট বিছাৰ নকৰাকৈ কিনিবৰ মন যায় বা কিনি আনো। সেই ফল-মূল বোৰত যে কিছুমান ষ্টীকাৰ লগাই থোৱা থাকে আপোনালোকে মন কৰিছেনে? বোধ হয় মন কৰিছে কিন্তু তাৰ ৰহস্য জানিবলৈ চাগে কোনো দিনেই চেষ্টা কৰা নায়। আজি আপোনা লোকক এই ষ্টীকাৰৰ ৰহস্যৰ বিষয়ে আপোনালোকক অৱগত কৰিম।        এই ষ্টীকাৰ সমূহত উৎপাদনকাৰী সংস্থাৰ কিছু গুৰুত্বপূৰ্ণ তথ্য সন্নিবিষ্ট হৈ থাকে। ষ্টীকাৰৰ PLU (Price look-up) ক'ড কোন দেশত প্ৰস্তুত কৰা হৈছে, কেনেকৈ প্ৰস্তুত কৰা হৈছে আদি তথ্য সমূহ যোগান দিয়াৰ লগতে নিজৰ সংস্থাৰ প্ৰচাৰো আগ বঢ়াই। যদি ষ্টীকাৰত আৰম্ভণিৰ সংখ্যাটো ৩ বা ৪ হয় আৰু চাৰিটা সংখ্যাযুক্ত ক'ড থাকে তেন্তে বুজা উচিত যে ফলবিধ আধুনিক কৃষি প্ৰযুক্তিৰ সহায়ত উৎপাদন কৰা হৈছে আৰু ফলবিধ উৎপাদন কৰাৰ বাবে পৰ্যাপ্ত পৰিমাণে কৃত্ৰিম সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰা হৈছে ষ্টীকা...