ভিটামিন ডিৰ অভাবত ৯০ শতাংশ ভাৰতীয়ঃ সাৱধান ! এই ৯০ জনৰ ভিতৰত আপোনিও হব পাৰে!
ভিটামিন ডিৰ অভাবত ৯০ শতাংশ ভাৰতীয়ঃ সাৱধান ! এই ৯০ জনৰ ভিতৰত আপোনিও হব পাৰে ! মা নুহৰ শৰীৰত ভিটামিন ডিৰ অভাৱ আজিৰ বিশ্বৰ অন্যতম স্বাস্থ্য সমস্যা ৰুপে পৰিগনিত হৈছে যদিও উপযুক্ত জন সজাগতাৰ অভাৱৰ বাবে এই সমস্যা আজি গুৰুত্বহীন হৈ পৰা দেখা গৈছে। এক সমীক্ষা অনুসৰি বৰ্তমান ভাৰত বৰ্ষৰ ৯০ শতাংশ মানুহ এই ভিটামিন ডিৰ অভাৱত ভূগি আছে। অন্তঃৰাষ্ট্ৰীয় অষ্টিয়পৰোছিছ ফাউণ্ডেচনৰ প্ৰতিবেদন অনুসৰি উত্তৰ ভাৰতত ৯৬ শতাংশ সদ্যজাত কেচুঁৱা, ৯১ শতাংশ স্বাস্যৱান স্কুলীয়া ছাত্ৰী আৰু ৮৪ শতাংশ গৰ্ভৱতী মহিলা ভিটামিন ডিৰ অভাৱত ভূগাবুলি প্ৰকাশ কৰিছে। কি এই ভিটামিন ডি? আমাৰ শৰীৰত থকা চৰ্বী দ্ৰৱীভূত (fat soluble) চাৰিবিধ ভিটামিনৰ ভিতৰত ডি অন্যতম। ভিটামিন ডি আকৌ দুই প্ৰকাৰৰ- ভিটামিন ডি-২ (D2) আৰু ভিটামিন ডি-৩ (D3) তেজত ভিটামিন ডিৰ মাত্ৰা কিমান থাকিব লাগে? এজন সুস্থমানুহৰ তেজত ৩০-৬০ ng/mL থাকিব লাগে। ২০ ng/mL ৰ তলত থাকিলে ভিটামিন ডিৰ অভাৱ হোৱা বুলি কোৱা হয়। ২১-২৯ ng/mL ভিটামিন দি থাকিলে পৰ্য্যাপ্ততকৈ কম আৰু ৬০ ng/mL তকৈ অধিক থাকিলে মাত্ৰাধিক বুলি কোৱা হয়। সাধাৰণতে স্বাভাৱিক অৱস্থাত মানুহ এজন...