চুলিৰ যতন কেলেকৈ কৰিব
থলুৱা পদ্ধতিৰে চুলিৰ যতন একোচা ঘন, উজ্জ্বল , ক'লা চুলিয়ে এগৰাকী নাৰীৰ সৌন্দৰ্য্য বৃদ্ধি কৰে। সেয়েহে অতি প্ৰাচীন কালৰে পৰা নাৰীয়ে বিভিন্ন প্ৰাকৃতিক উপায়েৰে নিজৰ চুলিকোচাৰ যত্ন লৈ আহিছে। পুৰুষ সকলো এইক্ষেত্ৰত পিছ পৰা থকা নাছিল। চুলিৰ পৰিচৰ্যাত বিভিন্ন প্ৰকাৰৰ বনৌষধিৰ প্ৰয়োগ হৈছিল । এই বনৌষধিসমূহে চুলিৰ সৌন্দৰ্য্য বৰ্ধন কৰাৰ উপৰিও চুলিৰ বিভিন্ন সমস্যা নিৰ্মূল কৰিছিল। কোনো কৃত্ৰিম দ্ৰব্যৰ প্ৰয়োগ নাছিল বাবে সেই সময়ত চুলিৰ সমস্যাও কম আছিল। চুলিত হেনা বা জেতুকাৰ পাত লগাইছিল, মনিছালৰ বাকলিৰে চুলি ধুইছিল নাইবা ঔটেঙা বীজ বা কল খাৰণিৰে চুলি ধুইছিল। চাউল ধোৱা পানীখিনিৰেও চুলিৰ যত্ন লৈছিল। জবাফুল বা পাত পিচি লগাইছিল যাৰ বাবে চুলিৰ সৌন্দৰ্য্য বৃদ্ধি হৈছিল। যুগৰ পৰিৱৰ্তন হ'লেও নাৰীৰ এই সৌন্দৰ্য্য চৰ্চাৰ স্পৃহা কিন্তু এতিয়াও আছে , মাত্ৰ সাধন সমূহহে সলনি হ'ল। বনৌষধিৰ ঠাইত স্থান ললে বিভিন্ন প্ৰকাৰৰ শ্বেম্পু, কণ্ডিচনাৰ , চেৰাম আদিয়ে। লগতে ফেশ্যন গঢ়ি উঠিল হেয়াৰ ষ্ট্ৰেইটেনিং, হেয়াৰ কালাৰিং আদিয়ে। এইবোৰ প্ৰয়োগ কৰাৰ পিছত চুলিৰ বিশেষ ধৰণে যত্ন ল'ব লগীয়া হয় যিটো বহুতে কৰিব নোৱাৰে। তাৰ ফ...