Posts

হাই প্ৰেচাৰ বা উচ্চৰক্ততাপত ভুগিলে কি খাবঃ

Image
হাই প্ৰেচাৰ বা উচ্চৰক্ততাপত ভুগিলে কি খাবঃ  উচ্চৰক্তচাপক নিৰব ঘাটক বুলি কোৱা হয়। কাৰণ দীৰ্ঘ সময় ধৰি কোনো ধৰণৰ লক্ষণ দেখা নিদিয়াকৈয়ে ই দেহৰ গুৰুতৰ ক্ষতি কৰিব পাৰে। ৰক্তচাপৰ উচ্চ সীমা যদি ১২০ পৰা ১২৯ আৰু নিম্ন সীমা যদি ৮০ ত কৈ বেছি থাকে তেনেহলে তাক আমি উচ্চ ৰক্তচাপ বুলিকওঁ।   উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা কাৰ বেছি থাকে?  বংশগতঃ উদাহৰণ স্বৰূপে যদি মাক-দেউতাক বা ককাক-আইতাকৰ উচ্চৰক্তচাপৰ সমস্যা আছে বা আছিল তেনেহলে সতি সন্তিৰো উচ্চ ৰক্তচাপৰ সমস্যা হব পাৰে। ৩৫ বছৰৰ উপৰৰ পুৰুষ-মহিলা, বেছিকৈ নিমখ খোৱা ব্যক্তি, মেদবহুল ব্যক্তি, জন্ম নিৰোধক বড়ী দীৰ্ঘদিনধৰি ব্যৱহাৰ কৰি থকা মহিলা, শাৰীৰিক পৰিশ্ৰম নকৰা এলেহুৱা স্বভাৱৰ ব্যক্তি, মাত্ৰাধিক পৰিমানে মাংস খোৱা লোকৰো উচ্চ ৰক্তচাপত ভোগা সম্ভাৱনা থাকে। অত্যাধিক মানসিক চাপত ভুগা লোকৰো উচ্চৰক্ত চাপৰ সমস্য হব পাৰে।  উচ্চ ৰক্তচাপ কমাই ৰাখিবৰ বাবে কিছুমান খাদ্য নিয়মিত গ্ৰহণ কৰাটো অতি জৰুৰী।  ১) বেৰিঃ বেৰি উচ্চৰক্তচাপৰ বাবে ভাল খাদ্য। ব্লুবেৰি আৰু স্টবেৰিত এন্টি অক্সিডেন্ট থাকে ই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰনত সহায় ক...

লং আৰু ইয়াৰ উপকাৰিতা

সুগন্ধি মছলা লং আৰু ইয়াৰ উপকাৰিতা                  'শব্দ' নামক অনলাইন অভিধানমতে লং হ'ল মুখশুদ্ধিৰূপে বা দৰৱত ব্যৱহাৰ কৰা এবিধ গছৰ শুকান সুগন্ধি  অংকুৰ ৷ অসমীয়াৰ দৰে নাগামিজটো ই লং নামেৰেই জনাজাত৷ ইংৰাজীত Clove বুলে৷ ইয়াৰ বৈজ্ঞানিক নাম হ'ল Syzygium aromaticum ৷ আৰবী ভাষাত কুৰান ফুল,চীনা ভাষাত ডিং জিয়াং,ৰুচ ভাষাত Gvozdika,হিন্দীত বুলে লৌংগ৷ গুজৰাটীত লভিংগ, মাৰাঠীত লবংগ, তামিলত কিৰাংপু , তেলেগুত লবংগালু ,মলয়ালমত গ্ৰামপু,পঞ্জাবীত মিৰাকা,ওৰিয়াত লবংগ আৰু বাংলাত লবঁগ নামেৰে জনাজাত ৷ অন্যান্য নাম কেইটিমান হ'ল-Caryophylli Flos, Caryophyllum, Caryophyllus aromaticus, Clou de Girofle ৷            কি কি লাগতিয়াল তত্ব ইয়াত থাকে ?              প্ৰতি ১০০গ্ৰাম লঙত ৩৪গ্ৰাম ফাইবাৰ,৬৬গ্ৰাম কাৰ্বোহাইড্ৰেট, ৬গ্ৰাম প্ৰটিন, ১০২০মিলিগ্ৰাম প'টেচিয়াম,২৭৭মিলিগ্ৰাম চ'ডিয়াম,৩%ভিটামিন-এ , ৩%ভিটামিন-চি, ৪%ভিটামিন-কে, ৬৩% কেলচিয়াম, ৬৪%মেগনেচিয়াম, ৬৪% মেংগানিজ আৰু ৬৫%আইৰণ থাকে৷ তদুপৰি কম পৰিমানত ভ...

ইউৰিক এচিড কি? কিয় দেহত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হয়? (Uric Acid)

Image
ইউৰিক এচিড কি? কিয় দেহত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হয়?     বৰ্তমান সময়ত সচৰাচৰ দেখিবলৈ পোৱা এটা সমস্যা- সমস্যাটো হল ইউৰিক এচিড বৃদ্ধি। কেতিয়াবা ভৰিৰৰ বুঢ়া আঙুলিৰ পোৰনি, বিষ, হাতৰ আঙুলি বা কিলাকুটিৰ বিষ, আঠুঁৰ বিষ, শৰীৰৰ গাঁঠি গাঁঠি বিষ আদি সমস্যাই কিছুমান মানুহক বাৰুকৈ অশান্তি দিয়া পৰিলক্ষিত হৈছে। আৰু যেতিয়া এই সমস্যাবোৰ লৈ ব্যক্তিজন ডাক্তৰৰ কাষ চাপে তেতিয়া পৰিক্ষা নিৰীক্ষা কৰা পাছত গম পোৱা যায় যে ব্যক্তিজনৰ ইউৰিক এছিডৰ সমস্যা হৈছে। অৰ্থাত দেহত ইউৰিক এছিডৰ পৰিমান বৃদ্ধি হৈছে। আছলতে এই ইউৰিক এচিড নো কি? কিয় দেহত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হয়? এই ইউৰিক এচিডৰ মাত্ৰা বাঢ়িলে কেনেকুৱা ধৰনৰ খাদ্য বৰ্জন কৰিব লাগিব, কি কি হোমিঅপেথিক ঔষধ গ্ৰহন কৰিলে দেহত ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰনত ৰাখিব পাৰিব। সেই বিষয়েও আমি আলোচনা কৰিম।       আমাৰ দেহত পটাছিয়াম, ছডিয়াম কাৰ্বনেট, বা এলকালিন অৰ্থাত ইলেক্টো লাইটৰ ভাৰসাম্য ৰক্ষাত ইউৰিক এচিদৰ গুৰুত্বপূৰ্ন ভূমিকা আছে। আমাৰ তেজত এই ইউৰিক এচিদ খুউব কম পৰিমানে থাকে। যিটো সাধাৰনতে দেহৰ মৃত কোষ আৰু খাদ্যৰ উপাদানত থকা পিউৰিন নামৰ প...

ডায়েবেটিচ ৰোগীৰ খাদ্য সময় সূচী

Image
ডায়েবেটিচ ৰোগীৰ খাদ্য সময় সূচী           ডায়েবেটিচ, বহু মূত্ৰ বা মধুমেহ। বৰ্তমান সময়ত আতংকৰ যেন অন্য এটা নাম হৈ পৰিছে এই ডায়েবেটিচ। পৃথিৱী বৃহৎ সংখ্যক লোক এই ডায়েবেটিচ ৰোগত আক্ৰান্ত। ভাৰতবৰ্ষ বৰ্তমান বিশ্বৰ ডায়েবেটিচ capital হিচাপে গন্য কৰা হৈছে। কেতিয়া কোন এই ৰোগত আক্ৰান্ত হয় সেয়া কোনো নিশ্বয়তা নাই। দেশৰ জনসংখ্যা প্ৰায় ৮/১০% লোক আজি এই ৰোগত আক্ৰান্ত। গতিকে এই ৰোগৰ প্ৰয়োজনীয় ঔষধ গ্ৰহন কৰাৰ লগতে ৰোগীয়ে খাীদ্য নিয়ন্ত্ৰন কৰাটো বা খাদ্যৰ সময় সূচী মানি চলাটো অতি জৰুৰী। সেয়ে এজন চিকিতসক হিচাপে ডায়েবেটিচ ৰোগীয়ে কেতিয়া কি খাদ্য খাব সম্পূৰ্ণ সময় সূচীৰ বিষয়ে জনোৱাটো আমাৰ কতব্য বুলি ভাবি আজি এই লিখাটো প্ৰস্তুত কৰিছো।          যদি আপোনি ডায়েবেটিচত আক্ৰান্ত হৈছে- প্ৰথম কথা হল আপোনি চেনি যুক্ত যিকোনো খাদ্য নাখাব। মিঠাই চাহ, কফি আদি চেনি যুক্ত সকলো খাদ্যই সমূলী পৰিহাৰ কৰক। কফিটো নাখাবই যদি চাহ খায় তেনেহলে চেনি নিদিয়াকৈ খাব।          দ্বিতীয় কথা হল খাদ্য খোৱাৰ পৰিমান কমাওঁক। আৰু প্ৰতি ২/৩ ঘন্টাৰ মূৰে মূৰে অলপ ...

চাইনোচাইটিছ কি? কিয় হয়? কিয় ঘনাই ঘনাই চৰ্দি হয়, হাঁচি হয়, মূৰৰ বিষ হয়?

Image
চাইনোচাইটিছঃ          চাইনোচাইটিছ কি? কিয় হয়? কিয় ঘনাই ঘনাই চৰ্দি হয়, হাঁচি হয়, মূৰৰ বিষ হয়? অলপ ধুলিমাকতি চাইনোচাইটিছ থকা থাইত গলেই কিয় মাথাৰ বিষ হয়? চৰ্দি, কাহ, হাচি আদি হৈ অৱস্থা কাহিল হয় আদি সকলো বিষয় আজি আমি আলোচনাকৰিম। লগতে কম এই চাইনোচাইটিছৰ পৰা কেনে ধৰণৰ বিপদ হব পাৰে আৰু এই ৰোগৰ পৰা কেনেকৈ বাছি থাকিব পাৰিব তাৰ বিষয়েও আমি আলোচলা কৰিম।  আমাৰ মুখমণ্ডলৰ হাড়বিলাকৰ মাজত কিছুমান সৰু সৰু গাঁতৰ দৰে ফুটা থাকে এইবোৰক চাইনাচ বুলি কোৱা হয়। আমাৰ মাথাৰ দুই অংশত চাইনাছ আছে। ইয়াক ফন্টেল চাইনাছ বুলি কোৱা হয়। মুখৰ উপৰৰ অংশৰ দুই ফালে মেকজিলাৰি চাইনাচ, চকুৰ দুই ফালে দুই অংশত ইথমইড চাইনাচ থাকে। এইবোৰ আমাৰ নাকৰ ফোটাৰ লগত সংযোজিত হৈ থাকে। এই ফুটাবোৰ বায়ুৰে পৰিপূৰ্ণ হৈ থাকে যাৰ বাবে আমাৰ ইমান ডাঙৰ লাউখোলাটো কঢ়িয়াই লৈ ফুৰাৰ পাছতো ঘধুৰ অনুভৱ নকৰো। লগতে যেতিয়া আমি নাকেৰে উশাহ লওঁ আমাৰ নাকৰ গহ্বৰৰ লগত সংলগ্ন এই মোনাবোৰ বা চাইনাছ বোৰে আমাৰ হাঁওফাওলৈ খোমোৱাৰ আগতেই বায়ুখিনিক আদ্ৰতা প্ৰদান কৰে। নাক গহ্বৰৰ বায়ুমোনা বা চাইনাছবোৰ আমি যেতিয়া অত্যাধিক ধূলিমাকতি থকা থাইত...

নিমখ বেছি খালে কি হয়

Image
নিমখে নষ্ট কৰিব আপোনাৰ কিডনিঃ-  আমাৰ দৈনন্দিন খাদ্য তালিকাত নিমখ এক অপৰিহাৰ্য উপাদান। যি খাদ্যই নহওক কিয় নিমখৰ অবিহনে যেন সকলোবোৰ অসম্পূৰ্ণ। কিন্তু আপোনি জানেনে যে অত্যধিক নিমখ সেৱনে আপোনাৰ কিডনিৰ গুৰুতৰ ক্ষতি কৰি কিডনি ফেলৰ সমস্যা উ ৎ পন্ন কৰিব পাৰে? লগতে হৃদপিণ্ডক ক্ষতি কৰি উচ্চ ৰক্তচাপৰো সৃষ্টি কৰিব পাৰে। নিমখে নষ্ট কৰিব আপোনাৰ কিডনি         আজি আমি  বিশেষভাৱে আলোচনা কৰিম আমাৰ দেহৰ অত্যন্ত গুৰুত্বপূৰ্ণ অংগ কিডনি, এই কিডনি দুটাৰ ক্ষতি নোহোৱাকৈ কেনেদৰে নিৰাপদ ৰাখিব পাৰিম তাৰ বিষয়ে। মগজু, হৃদপিণ্ড, লিভাৰ যেনে দৰে মানব শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ থিক তেনেদৰে কিডনিও অতি গুৰুত্বপূৰ্ণ অংগ, এই কিডনি অবিহনে মানুহ জীয়াই থকাটো সম্ভৱ নহয়। ভগবানে আমাক দিয়া এই দুই কিডনি কি ? ইয়াৰ মূখ্য কাম কি?... আচলতে আমাৰ কিডনিৰ কাম হল প্ৰস্ৰাৱ উ ৎ পন্ন কৰা আৰু এই প্ৰস্বাৱৰ জৰিয়তে শৰীৰত যিমান বোৰ বিষাক্ত আৱৰ্জনা আছে এই বোৰ বাহিৰ কৰা। গতিকে আমাৰ দেহত যিমান বেচি টকছিন উতপন্ন হব সিমান বেছি সমস্যা সৃষ্টি হব। কিডনিয়ে ও সিমান বেছিকৈ কাম কৰিব লগা হব। কিডনি উপৰত বহুত বেছি চাপৰ ...

কলেষ্টৰল,ট্ৰাইগ্লিচাৰাইডৰ সমস্যা কম কৰা উপায়

Image
কলেষ্টৰল,ট্ৰাইগ্লিচাৰাইডৰ সমস্যা কম কৰা উপায়:-      আজিৰ যুগটো যান্ত্ৰিক যুগ বুলি ক'ব পাৰি। গাড়ী, মটৰ চাইকেল আদিৰ পৰা কাপোৰ ধোৱা মেচিন, অভেন, ঠাই মোচা আহিলা, মিক্সাৰ গ্ৰাইণ্ডাৰ, এয়াৰ কণ্ডিচনাৰ আদি বিভিন্ন প্ৰকাৰৰ মেচিন আবিষ্কাৰ হোৱাৰ লগে লগে আমাৰ দৈনন্দিন জীৱনৰ কামবোৰো কমি গৈছে যাৰ ফলশ্ৰুতিত আমি প্ৰায়বোৰ মানুহেই এক বিলাসী জীৱন কটাইছো। আইতাহঁতৰ দিনৰ ঢেকী, খুন্দনা এতিয়া প্ৰায় বিলুপ্তিৰ পথত। ঠিক তেনেকৈ খেতি পথাৰৰ আহিলা সমূহ আৰু আন বহুতো সামগ্ৰীৰ উদ্ভাৱন হোৱাৰ লগে লগে পুৰুষৰ পৰিশ্ৰম কমি গ'ল। আমাৰ জীৱনশৈলীৰ পৰিৱৰ্তন হ'ল আৰু আধুনিকতাৰ পৰশত আমাৰ খাদ্যভ্যাসৰো সলনি হল। পৰম্পৰাগত থলুৱা খাদ্যৰ সলনি পিজ্জা, বাৰ্গাৰ, ফ্ৰেন্স ফ্ৰাইজ, পেষ্ট্ৰি ( pastries), ক'কা কোলা আদি শীতল পানীয়, আইচক্ৰীম, আদিৰ প্ৰতি আসক্তি বাঢ়িছে। ইয়াৰ ফলত আমি বিভিন্ন ৰোগৰ কৱলত পৰিছো। বৰ্তমান সময়ত দ্ৰুতগতিত বৃদ্ধি পোৱা তেনে সমস্যাবোৰৰ ভিতৰত এক প্ৰধান সমস্যা হৈছে বৰ্ধিত কলেষ্টৰল আৰু ট্ৰাইগ্লিচাৰাইড। এই বৰ্ধিত কলেষ্টৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ বাবে উচ্চ ৰক্তচাপ, কৰোনাৰী আৰ্টাৰি দিজিজ, হাৰ্ট এটেক, স্ট্রোক, ফেতি ...