Posts

চুলিৰ যতন কেলেকৈ কৰিব

Image
থলুৱা পদ্ধতিৰে চুলিৰ যতন  একোচা ঘন, উজ্জ্বল , ক'লা চুলিয়ে এগৰাকী নাৰীৰ সৌন্দৰ্য্য বৃদ্ধি কৰে। সেয়েহে অতি প্ৰাচীন কালৰে পৰা নাৰীয়ে বিভিন্ন প্ৰাকৃতিক উপায়েৰে নিজৰ চুলিকোচাৰ যত্ন লৈ আহিছে। পুৰুষ সকলো এইক্ষেত্ৰত পিছ পৰা থকা নাছিল। চুলিৰ পৰিচৰ্যাত বিভিন্ন প্ৰকাৰৰ বনৌষধিৰ প্ৰয়োগ হৈছিল । এই বনৌষধিসমূহে চুলিৰ সৌন্দৰ্য্য বৰ্ধন কৰাৰ উপৰিও চুলিৰ বিভিন্ন সমস্যা নিৰ্মূল কৰিছিল। কোনো কৃত্ৰিম দ্ৰব্যৰ প্ৰয়োগ নাছিল বাবে সেই সময়ত চুলিৰ সমস্যাও কম আছিল। চুলিত হেনা বা জেতুকাৰ পাত লগাইছিল, মনিছালৰ বাকলিৰে চুলি ধুইছিল নাইবা ঔটেঙা বীজ বা কল খাৰণিৰে চুলি ধুইছিল। চাউল ধোৱা পানীখিনিৰেও চুলিৰ যত্ন লৈছিল। জবাফুল বা পাত পিচি লগাইছিল যাৰ বাবে চুলিৰ সৌন্দৰ্য্য বৃদ্ধি হৈছিল। যুগৰ পৰিৱৰ্তন হ'লেও নাৰীৰ এই সৌন্দৰ্য্য চৰ্চাৰ স্পৃহা কিন্তু এতিয়াও আছে , মাত্ৰ সাধন সমূহহে সলনি হ'ল। বনৌষধিৰ ঠাইত স্থান ললে বিভিন্ন প্ৰকাৰৰ শ্বেম্পু, কণ্ডিচনাৰ , চেৰাম আদিয়ে। লগতে ফেশ্যন গঢ়ি উঠিল হেয়াৰ ষ্ট্ৰেইটেনিং, হেয়াৰ কালাৰিং আদিয়ে। এইবোৰ প্ৰয়োগ কৰাৰ পিছত চুলিৰ বিশেষ ধৰণে যত্ন ল'ব লগীয়া হয় যিটো বহুতে কৰিব নোৱাৰে। তাৰ ফ...

স্তন কেন্সাৰ ধৰাপেলাবলৈ নিজেই কেনে্দৰে পৰীক্ষাকৰিবঃ

Image
মহিলাই নিজে কৰিব পাৰে স্তন পৰীক্ষা আমাৰ সন্মানীয় বহুত মহিলাৰ স্তনৰোগ পৰীক্ষা সম্বন্ধে অভিজ্ঞতা কম , যাৰ ফলত স্তন টিউমাৰ বা কেন্চাৰ আদি ৰোগ ধৰা পেলাওতে পলম হয় । সেয়েহে এই লিখনি পোষ্ট কৰিছো কোনেও যাতে ভূল নুবুজে। যুৱতী আৰু মহিলাৰ ভালেমান স্তন ৰোগ হয় । ইয়াৰ ভিতৰত স্তন টিউমাৰ আৰু কেন্চাৰ অন্যতম ভয়ানক ৰোগ । এই ৰোগ সমূহ আৰম্ভণি অৱস্থাত ধৰা পেলাই উপযুক্ত চিকিৎসা কৰিলে ভাল হয় ।স্তনৰ স্বাভাৱিক আৰু অস্বাভাৱিকতা পৰীক্ষা কৰা পদ্ধতি তলত উল্লেখ কৰা হ'ল । (১) মাহেকীয়া ঋতুস্ৰাৱৰ ছয় দিনৰ পিছত নিয়মীয়াকৈ দুয়োটা স্তন পৰীক্ষা কৰিব। নিপল ভিতৰলৈ সোমাই থকা অথবা কোনো ধৰণৰ অস্বাভাৱিক ৰস ওলোৱা । নিপল বা স্তনৰ ছাল কোচ খোৱা আদি অস্বাভাৱিক লক্ষণ। (২) আইনাৰ সন্মুখত ঠিয় হৈ দুয়োটা নিপলৰ ওপৰত এডাল ৰূলমাৰী ৰাখিব । এনে অৱস্থাত ৰূলমাৰীডাল সমান্তৰালভাৱে আছে নে নাই চাব । স্বাভাৱিক স্থনৰ ক্ষেত্ৰত ৰূলমাৰীডাল সমান্তৰাল ভাবে থাকে। (৩) সেইদৰে দুয়োটা স্তনৰ তলত ৰূলমাৰীডাল ৰাখিব আৰু স্তন দুটা সমান স্তৰত আছে নে নাই চাওক।এনে অৱস্থাত স্বাভাৱিক স্তন যূগল সমান স্তৰত থাকে। (৪) দুয়োটা স্তনৰ আকৃতিৰ পাৰ্থক্য আছে নেকি চাওক।...

লেতেকুৰ উপকাৰীতা

Image
পুষ্টিকৰ   ফল   লেতেকুৰ   বিষয়ে   কিছু   কথা আঙুৰৰ থোপাৰ দৰে ডাল ভৰি লগা টেঙা মিঠা সোৱাদৰ লেতেকুৰ নাম শুনি হয়তো আপোনালোকৰ বহুতৰে নিজৰ শৈশৱলৈ মনত পৰিছে। কিন্তু দুখৰ বিষয় যে আজিৰ প্ৰজন্মৰ বাবে ই এবিধ অচিনাকি ফল। লেতেকু ,পনিয়ল আদি এইবোৰ আমাৰ অসমৰ থলুৱা ফল। বৈজ্ঞানিক নাম Baccaurea ramiflora। ইংৰাজীত ইয়াক বার্মীজ গ্ৰেপছ ( Burmese grapes) বুলিও কোৱা হয়। গৰমত লেতেকুৰ চৰবত গিলাছে গা শাত পেলাই দিয়ে আৰু শৰীৰত তৎক্ষণাত শক্তি যোগায়। সৰুতে লেতেকুৰ ফুটাবোৰ কেতিয়াবা আমি গিলি দিছিলো যাৰ বাবে বয়োজ্যেষ্ঠ সকলৰ টান মাত শুনিবলৈ পাইছিলো। তেওঁলোকে লেতেকু বেছি খাবলৈও মানা কৰিছিল । লেতেকুৰ বাসস্থান বুলি কবলৈ গ'লে ভাৰত (বিশেষকৈ অসম), নেপাল, ম্যানমাৰ, দক্ষিণ চিনদেশ, ইণ্ডোনেছিয়া, থাইলেণ্ড, ভিয়েটনাম, মালয়ছিয়া আদি দেশৰ কথাই কব লাগিব কাৰণ এইবোৰ দেশৰ জলবায়ু লেতেকুৰ বাবে উপযোগী। মালয়ছিয়া আদি দেশত লেতেকুৰ পৰা বিশেষ প্ৰকাৰৰ সুৰা ( wine) ও বনোৱা হয় যি বহু ঔষধি গুণসম্পন্ন। অসমতো লেতেকু স্কোৱাছ ( squash) বা চৰবত হিচাবে সংৰক্ষণ কৰা হয়। কিন্তু অসমত আজিৰ দিনত ইয়াৰ উৎপাদন আৰু চাহিদা বহুত কম। স্বাস্থ...

ভজা তেলৰ পুনৰ ব্যৱহাৰ কৰিৰাতো আমাৰ শৰীৰৰ বাবে হানিকাৰক।

Image
ভজা তেলৰ পুনৰব্যৱহাৰ আৰু আমাৰস্বাস্থ্য গৰম গৰম পকৰি, চিংৰা, পিয়াঁজী, জেলেপী, ফ্ৰেন্স ফ্ৰাই খাই বেয়া পোৱা লোক নোলাব কিজানি । হোটেল বা ৰাস্তাৰ কাষৰ সৰু সৰু ফুডষ্টল বোৰৰ পৰা গৰম চিংৰা, পকৰি, পিয়াঁজী কিনি আনি সন্ধিয়া চাহৰ জুতি লৈ সঁচাই মজা লাগে নহয়নে? বেকাৰী বিস্কুট, পেটিছ আৰু তেলত ডুবাই বনোৱা নিমকি আদি আমাৰ বহুতৰে পছন্দৰ খাদ্য। ঠিক তেনেকৈ সপ্তাহত এদিন বা মাহেকত এদিন গৈ ৰেষ্টুৰেণ্টত এসাজ খাই অহাৰ ফেশ্যন টোও গঢ়ি উঠিছে আমাৰ মাজত। কিন্তু এবাৰ ভাবি চাইছেনে সেইবোৰ হোটেল বা ৰেস্তোৰাঁত কি তেল ব্যৱহাৰ হয়? আচলতে প্ৰায়বোৰ হোটেল , ৰেস্তোৰাঁত বিশেষকৈ ৰাস্তাৰ কাষৰ ফুডষ্টল বোৰত বনোৱা ব্যঞ্জন সমূহত আগতে ব্যৱহাৰ কৰি ৰৈ যোৱা একেখিনি ভজা তেলকে বাৰম্বাৰ ব্যৱহাৰ কৰা হয়। ই আমাৰ স্বাস্থ্যত কিদৰে প্ৰভাৱ পেলাব পাৰে এবাৰ ভাবি চাইছেনে? গৰম গৰম চিংৰা, কচৰিৰ জুতি লৈ থাকোতে এইবোৰ কথা মনলৈয়ে নাহে আমাৰ। মনতে ভাবো এদিন খালেনো কি হ'ব, একো নাই। কিন্তু জিভাখনে নামানে যে, এবাৰ জুতি লোৱাৰ পিছত সেয়া লাহে লাহে অভ্যাসত পৰিণত হয়গৈ। হোষ্টেলত থকা ল'ৰা ছোৱালীবোৰে সন্ধিয়া পৰৰ আড্ডাৰ সময়ত হোটেলৰ চিংৰা, কচৰি, গজা আদি খা...

হেপাটাইটিছ-বি

হেপাটাইটিছ-বি হেপাটাইটিছ-বি হ'ল এবিধ ভাইৰাছৰ সংক্ৰমণৰ ফলত হোৱা লিভাৰৰ প্ৰদাহ বা inflammation । হেপাটাইটিছ-বি নামৰ ভাইৰাছৰ দ্বাৰা এই সংক্ৰমণ হয় আৰু বেমাৰ পুৰণি হ'লে মানুহৰ মৃত্যু পৰ্য্যন্ত হব পাৰে। ই গোটেই বিশ্বৰ বাবে এটা ডাঙৰ স্বাস্থ্য সমস্যা হিচাপে উত্থান ঘটিছে। সাধাৰণতে এই সংক্ৰমণ জীৰ্ণ বা chronic অৱস্থা লাভ কৰাৰ পিছত লিভাৰৰ চিৰ'ছিচ বা কৰ্কট ৰোগৰ সৃষ্টি কৰিব পাৰে যাৰ ফলত মানুহৰ মৃত্যু ঘটে।  বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষা মতে গোটেই পৃথিৱীত সৰ্বমুঠ ২৫৭ মিলিয়ন হেপাটাইটিছ-বিৰ দ্বাৰা সংক্ৰমিত লোক আছে আৰু ২০১৫ চনত ৮৮, ৮৭, ০০০ সংখ্যক মানুহ এই বেমাৰটোৰ কাৰণে মৃত্যু মুখত পৰিছে। হেপাটাইটিছ-বি ৰ সৰ্বাধিক সংক্ৰমণ পশ্চিম প্ৰশান্তীয় আৰু আফ্ৰিকীয় ভূমণ্ডলত দেখা যায়। তাত ক্ৰমে ৬.২% আৰু ৬.১% প্ৰাপ্তবয়স্ক মানুহৰ শৰীৰত এই সংক্ৰমণ পোৱা যায়। পূব ভূমধ্যসাগৰীয় অঞ্চল, দক্ষিণ পূব এছিয়া আৰু ইউৰোপত মুঠ জনসংখ্যাৰ ক্ৰমে ৩.৩%,২% আৰু ১.৬% মানুহৰ শৰীৰত এই সংক্ৰমণ দেখা যায় আৰু আমেৰিকা মহাদেশৰ মুঠ জনসংখ্যাৰ .৭% লোক ইয়াৰ দ্বাৰা আক্ৰান্ত।  বেমাৰৰ সঞ্চাৰণ :-  হেপাটাইটিছ-বি ভাইৰাছ মানুহৰ...

এন্টিঅক্সিডেন্ট

এন্টিঅক্সিডেন্ট ,স্বাস্হ্য আৰু আয়ুৰ্বেদ ভূ শৈশৱ, কৌশোৰ,যৌৱন আৰু বৃদ্ধাৱস্হা হৈছে মানৱ জীৱনৰ স্বাভাৱিক প্ৰক্ৰিয়া ৷মানুহৰ জন্মৰ পৰা মৃত্যুলৈ দেহত বিভিন্ন শাৰীৰিক আৰু মানসিক পৰিৱৰ্তন ঘটে ৷এই পৰিৱৰ্তন সমূহ কিছুমান বাহ্যিক আৰু কিছুমান আভ্যন্তৰীণ ৷বাহ্যিকভাৱে চাল শোতোঁৰা শোঁতোৰ পৰা,চুলি দাৰি পকা ,কথা পাহৰি যোৱা,স্বভাৱ বা চাল- চালনৰ পৰিৱৰ্তন আদি দেখা পালে আমি মানুহৰ দেহত বয়সৰ চাপ পৰা বুলি কওঁ ৷ ইয়াৰ উপৰিও বয়স বঢ়াৰ লগে লগে দেহত বিভিন্ন ৰোগে দেখা দিবলৈ আৰম্ভ কৰে ৷ইয়াৰে অধিকাংশ ৰোগে ক্ষয়জনিত (degenarative diseases) যাক বাৰ্ধক্যজনিত ৰোগ বুলিও ক’ব পাৰো ৷ এই বাৰ্ধক্যজনিত ৰোগ বা লক্ষণৰ অন্যতম কাৰন হ’ল দেহত উৎপন্ন হোৱা ’ফ্ৰি ৰেডিকেল’ ৷এই ফ্ৰি ৰেডিকেল সমূহ হ’ল বিযোৰ বা অযুগ্ম ইলেকট্ৰন যুক্ত পৰমাণু (যেনে superoxide anion O2-, Peroxide H2O2) ৷ এই ৰেডিকেলবোৰ আমাৰ দেহৰ কোষত ঘটা বিভিন্ন জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াৰ পৰিণিতি স্বৰূপে সৃষ্টি হয় ৷ সাধাৰনতে এই ৰেডিকেলসমূহ এটা নিৰ্দ্দিষ্ট হাৰত উৎপন্ন হয় যদিও কিছুমান বাহ্যিক কাৰকে এই প্ৰক্ৰিয়া খৰটকীয়া কৰে আৰু প্ৰয়োজনতকৈ অধিক ফ্ৰি ৰেডিকেল সৃষ্টি কৰে৷ এই বাহ্যিক কা...

এলাৰ্জীৰ আয়ুৰ্বেদিক চিকিৎসা

এটি পৰিচিত সমস্যা '' এলাৰ্জী ''   আপোনাৰ সঘনাই চৰ্দী, পানী-লগা হৈ থাকে নেকি? অকমান ঠাণ্ডা লাগিলেই নাক বন্ধ হৈ যায় বা নাকৰ পৰা পানী ওলাবলৈ ধৰে নেকি? ঋতু পৰিবৰ্তন বা ঠাণ্ডা গৰম পৰিবেশ সলনি হোৱাৰ ফলত বা অকমান ধুলি, বালিৰ সংস্পৰ্শত শ্বাস-প্ৰস্বাস লোৱাত অসুবিধাৰ সৃষ্টি হয় নেকি নে নেৰানেপেৰাকৈ হাঁচিয়াবলৈ ধৰে? কিবা খাদ্য বস্তুৰ সেৱনৰ ফলত গা বিজবিজাই আৰু খজুৱতি হয় নেকি? এই সকলোবিলাক প্ৰশ্নৰ উত্তৰ যদি '' হয়'' বুলি কয় তেন্তে ইয়াৰ মূখ্য কাৰণ হব পাৰে এলাৰ্জী। এলাৰ্জী হ'ল আমাৰ শৰীৰৰ ঘটা এক ধৰণৰ বিৰূপ প্ৰতিক্ৰিয়া। কোনো এলাৰ্জেন (allergen) যেনে - ধুলি, বালি, ঠাণ্ডা, ঋতু পৰিবৰ্তন, কোনো খাদ্যবস্তু, ঔষধ ইত্যাদিৰ প্ৰভাৱ শৰীৰে সহ্য কৰিব নোৱাৰিলে কিছুমান বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু শৰীৰে এই এলাৰ্জেন বিলাক শৰীৰৰ পৰা আতৰাই পঠাবলৈ বা ধ্বংস কৰিবলৈ কিছুমান সহাঁৰি জনাই যাক allergic reaction বুলি কোৱা হয় ।আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতাই আমাক নিয়মিত ভাবে এই এলাৰ্জেন বিলাকৰ পৰা সুৰক্ষা দি আছে। শৰীৰত allergic reaction সৃষ্টিকাৰী এই এলাৰ্জেন বিলাকক antigen বুলিও কোৱা হ...