Posts

Showing posts from January, 2020

বাত বিষৰ হোমিঅপেথিক চিকিৎসাঃ

Image
বাত বিষৰ হোমিঅপেথিক চিকি ৎ সাঃ        বৰ্তমান বিশ্বৰ সৰ্বমুঠ জনসংখ্যাৰ ১ শতাংশ লোক বাত ৰোগত আক্ৰান্ত। অতি যান্ত্ৰনা দায়ক এই ৰোগত পুৰুষৰ তুলনাত মহিলা সকল বেছিকৈ আক্ৰান্ত হোৱা দেখাযায়। প্ৰতি জন পুৰুষৰ বিপৰীতে ৩ গৰাকী মহিলা এই ৰোগত আক্ৰান্ত হোৱা পৰিলক্ষিত হয়।         বাত বিষ বা ৰিমিউটিজিম বুলি কলে বহু সমস্যাৰ সমষ্টিক বুজোৱা হয়। যত দেহৰ হাত-ভৰি আদি কৰি দেহৰ অন্যান্য গাঁঠি সমুহ ফুলি উঠা বা অস্থি সন্ধি সমূহৰ আশে পাশে গৰম হৈ ৰঙাপৰি বিষ হোৱা, সকলো সময়তে ভয়ানক বিষ হোৱা বা সময়ে সমে অশান্তিদায়ক বিষ হোৱা, খোজকঢ়া বা লৰচৰ কৰিবলৈ অসুবিধা হোৱা আদি লক্ষণ সমূহ দেখাদিয়ে।         সাধাৰণতে বাট বিষক ক্ৰনিক বা পোৰণা আৰু একিউট বা নতুন এই দুই ভাগত বিভক্ত কৰা হয়।         নতুন বাত বেমাৰত প্ৰথমে অস্থি সন্ধি সমুহ ফুলে, ৰঙা পৰে, অসহ্যকৰ বিষ হয়, বিষৰ প্ৰকোপত জ্বৰ হয়। দেহৰ যিটো অংগতেই বিষ হয়-ভৰিত হলে গোটেই ভৰি জঠৰ হৈ যোৱাৰ দৰে হয়, জ্বলা-পোৰা বিষ হয়, সন্ধিবোৰ ঢাকি ৰখা চালখনৰ তলত প্ৰথমে...

ডায়েবেটিচ ৰোগীৰ যৌন দূৰ্বলতাৰ হোমিঅপেথিক চিকিৎসা

মধুমেহ বা ডায়েবেটিচ ৰোগীৰ যৌন দূৰ্বলতাৰ হোমিঅপেথিক চিকিৎসা বৰ্তমান সময়ত অতী ব্যাপকতাৰে বৃদ্ধি হোৱা এক ভয়াৱহ সমস্যা ডায়েবেটিচ। বৰ্তমান দেশৰ প্ৰায় ৫ কোটি লোক এই ডায়েবেটিচ বা মধুমেহ ৰোগত আক্ৰান্ত। এই ডায়েবেটিচত ভূগা বহু সংখ্যক ৰোগীয়েই যৌন দূৰ্বলতা ভূগা বুলি অভিযোগ কৰে। গতিকে এই সমস্যাৰ পৰা সহজে পৰিত্ৰাণ পাবৰ বাবে খুব ফলপসু হোমিঅপেথিক দৰব আছে, আমি এই দৰব সমূহৰ বিষয়ে আপোনালোকক অৱগত কৰিম। ১) অধ্যয়নৰ পৰা দেখা গৈছে যে, ডায়েবেটিচে টেষ্ট্ৰটেৰণ হৰমনৰ পৰিমান কমায় যাৰ ফলত ডায়েবেটিচ ৰোগীৰ যৌন স্বাস্থ্যত প্ৰভাৱ পৰে। ২)দৈনিক উচ্চৰক্তচাপ, ডিপ্ৰেচন আদি সমস্যাৰ ঔষধ গ্ৰহণ কৰাৰ বাবেও ডায়েবেটিচ ৰোগীৰ যৌন দূৰ্বলতাৰ সমস্যা হব পাৰে। ৩) দূৰ্বলতা বা শক্তি হীনতাৰ বাবেও ডায়েবেটিচ ৰোগীৰ যৌন দূৰ্বলতাৰ সমস্যা হব পাৰে। ৪) ডায়েবেটিচ নিউৰপেথি- এক প্ৰকাৰৰ নাৰ্ভৰ সমস্যা, ডায়েবেটিচৰ বাবে সিৰা উপসিৰা বা কৌষিক জালিকা সমূহ নষ্ট হোৱাৰ বাবে ডায়েবেটিচ ৰোগীৰ যৌন দূৰ্বলতা বা যৌন অক্ষমতাৰ সমস্যা হব পাৰে। ৫) যৌন সম্পৰ্কৰ সময়ত যৌনাংগত বিষ হব পাৰে আৰু ওত্তেজনাৰ অভাৱ ঘটিব পাৰে যাৰ বাবে Erectile dysfunction বা যৌন অক্ষমতাৰ...

ডায়েবেটিচ নিয়ন্ত্ৰনত মেথিৰ চমৎকাৰী প্ৰয়োগৰ বিষয়ে জানো আহকঃ

Image
বিভিন্ন ৰোগৰ লগতে ডায়েবেটিচ নিয়ন্ত্ৰনত মেথিৰ চমৎকাৰী প্ৰয়োগৰ বিষয়ে জানো আহকঃ( Health Benefits of Fenugreek Seeds in Assamese) মেথি সকলোৰে পৰিচিত এবিধ মচলা জাতীয় বীজ মেথি। মেথি কেৱল মচলাই নহয় ঔষধী ৰূপেও ইয়াৰ ব্যাপক ব্যৱহাৰ আছে। ডায়েবেটিছ বা ব্লাডচুগাৰ নিয়ন্ত্ৰন কৰা, শৰীৰৰ ওজন কম কৰা বা মেডবহুলতা নিয়ন্ত্ৰন কৰা, কলেষ্ট্ৰৰেল কমোৱা, চুলি সৰা সমস্যা দূৰকৰা, বাধক্য দূৰকৰি শৰীৰৰ সতেজতা বৰ্তাই ৰখা আদি গুৰুত্ব পূৰ্ণ ভুমিকা পালন কৰে এই মচলাৰূপী মেথিয়ে। মেথিত থিয়ামিল (thiamine), ফলিক এচিড(Folic Acid), ৰিবোফ্লাভিন (riboflavin deficiency), নিয়াচিন(niacin), ভইটামিন এ(vitamin A), বি ৬ (vitamin B 6) আৰু চি (vitamin C) থাকে। নানা প্ৰকাৰৰ মিনাৰেল যেনে, কপাৰ (copper), পটাচিয়াম (potassium), কেলচিয়াম (Calcium), আইৰণ (Iron), চেলেনিয়াম (selenium), জিং (Zink), মেংগানিজ (Magnesium), মেগনেচিয়াম প্ৰচুৰ পৰিমানে থাকে। মেথিগছৰ পাততো প্ৰচুৰ পৰিমানে ভিটামিন কে থকাৰ তথ্য পোৱা গৈছে। মেথিৰ স্বাস্থ্য উৰকাৰিতা(Health Benefits of Fenugreek Seeds in Assamese) ১) মেথিয়ে ডায়েবেটিচ নিয়ন্ত্ৰ কৰেঃ মেথিগুটিত প্ৰচুৰ প...