নৱজাতক শিশুৰ মালিচ [
⇒ নৱজাতক শিশুৰ মালিচ ⇒ মালিচ কি? ⇒ মালিচৰ পৰা শিশুৰ কি লাভ হয়? ⇒ আপোনাৰ শিশুটিক কেতিয়াৰ পৰা মালিচ কৰিব? ⇒ আপোনাৰ শিশুটিক কোন সময়ত মালিচ কৰিব? ⇒ মালিচ কৰোতে কি তেল ব্যৱহাৰ কৰিব? ⇒ পৰ্যায়ক্ৰমে শিশুক মালিচ কেনেকৈ কৰিব? নৱজাতক শিশুৰ মালিচ [ শিশুৰ মালিচ[/caption] ব হু প্ৰতীক্ষাৰ অন্তত নৱজাতক এটি মাতৃৰ কোলালৈ অহাৰ পাছতেই সকলো লোক শিশুটিক লৈ বিশেষ ভাবে ব্যস্ত হৈ পৰে। নিজৰ শিশুটিক সুস্থ-সৱল কৰি ৰাখিবলৈ কেনেদৰে তেল মালিচ কৰি, কি চাবোনেৰে গা ধুৱাব, কি ক্ৰীম গাত লগাব আদি বিষয় সমূহক লৈ চিন্তিত হৈ পৰে। বহুতেই অকৌ নৱজাত শিশু জন্মৰ কিমান দিনৰ পৰা মালিচ কৰিব, কেনেকৈ কৰিব সেই বিষয়েও অজ্ঞ। অন্যহাতে বহু লোকৰ ক্ষেত্ৰত দৃষ্টিকটু ভাবে দেখিবলৈ পোৱা গৈছে যে, নিজৰ নৱজাতকটিক মাচাজ কৰিবৰ বাবে মাহেকীয়া পাৰিশ্ৰমিক দি কোনোধৰণৰ ব্যৱহাৰীক শিক্ষাৰ জ্ঞান নথকা ধাই নিষুক্ত কৰে। ই অত্যন্ত দূৰ্ভাগ্যজনক কথা। নিজৰ শিশুটিক পৰিচৰ্যাৰ বাবে অন্তত ১ ঘন্টা সময় উলিয়াই লওক। ধাই বা তেনে ধৰণৰ বাহিৰা মানুহৰ হতুৱাই মালিচ দিয়াটো একেবাৰে অনুচিত কথা। প্ৰয়োজন সাপেক্ষে শিশু বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব। মালিচ কিঃ শিশু ...