হাই প্ৰেচাৰ বা উচ্চৰক্ততাপত ভুগিলে কি খাবঃ
হাই প্ৰেচাৰ বা উচ্চৰক্ততাপত ভুগিলে কি খাবঃ উচ্চৰক্তচাপক নিৰব ঘাটক বুলি কোৱা হয়। কাৰণ দীৰ্ঘ সময় ধৰি কোনো ধৰণৰ লক্ষণ দেখা নিদিয়াকৈয়ে ই দেহৰ গুৰুতৰ ক্ষতি কৰিব পাৰে। ৰক্তচাপৰ উচ্চ সীমা যদি ১২০ পৰা ১২৯ আৰু নিম্ন সীমা যদি ৮০ ত কৈ বেছি থাকে তেনেহলে তাক আমি উচ্চ ৰক্তচাপ বুলিকওঁ। উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা কাৰ বেছি থাকে? বংশগতঃ উদাহৰণ স্বৰূপে যদি মাক-দেউতাক বা ককাক-আইতাকৰ উচ্চৰক্তচাপৰ সমস্যা আছে বা আছিল তেনেহলে সতি সন্তিৰো উচ্চ ৰক্তচাপৰ সমস্যা হব পাৰে। ৩৫ বছৰৰ উপৰৰ পুৰুষ-মহিলা, বেছিকৈ নিমখ খোৱা ব্যক্তি, মেদবহুল ব্যক্তি, জন্ম নিৰোধক বড়ী দীৰ্ঘদিনধৰি ব্যৱহাৰ কৰি থকা মহিলা, শাৰীৰিক পৰিশ্ৰম নকৰা এলেহুৱা স্বভাৱৰ ব্যক্তি, মাত্ৰাধিক পৰিমানে মাংস খোৱা লোকৰো উচ্চ ৰক্তচাপত ভোগা সম্ভাৱনা থাকে। অত্যাধিক মানসিক চাপত ভুগা লোকৰো উচ্চৰক্ত চাপৰ সমস্য হব পাৰে। উচ্চ ৰক্তচাপ কমাই ৰাখিবৰ বাবে কিছুমান খাদ্য নিয়মিত গ্ৰহণ কৰাটো অতি জৰুৰী। ১) বেৰিঃ বেৰি উচ্চৰক্তচাপৰ বাবে ভাল খাদ্য। ব্লুবেৰি আৰু স্টবেৰিত এন্টি অক্সিডেন্ট থাকে ই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰনত সহায় ক...