গেষ্ট্ৰাইটিচ এচিডিটি পৰিত্ৰাণৰ আয়ুৰ্বেদিক উপায়
গেষ্ট্ৰাইটিচ এচিডিটি পৰিত্ৰাণৰ আয়ুৰ্বেদিক উপায় অম্লপিত্তক আয়ুৰ্বেদত অন্নবহ স্ৰোতত হোৱা এবিধ ৰোগ হিচাপে বৰ্ণনা কৰা হৈছে। সাধাৰণ ভাষাত কবলৈ হলে যেতিয়া শৰীৰৰ পাচক ৰস(পিত্ত) টেঙা হৈ পৰে আৰু তাৰফলত যেতিয়া খাদ্য সঠিকভাৱে হজম নহয়, ভোক নলগা হয়, মুখৰ ভিতৰত তিতা বা টেঙা অনুভৱেৰে বমিৰ ভাৱ হয়, ডিঙি আৰু বুকুত জ্বলা পোৰা অনুভৱ হয়, কোনো পৰিশ্ৰম নকৰাকৈ ভাগৰ লাগে, শৰীৰ গধুৰ অনুভৱ হয়; তেতিয়া অম্লপিত্ত ৰোগত আক্ৰান্ত হোৱা বুলি গণ্য কৰা হয়। আয়ুৰ্বেদত বৰ্ণিত এই ৰোগটোৰ লগত পোনপটীয়াকৈ আধুনিক চিকিৎসা বিজ্ঞানৰ কোনো এটা ৰোগক তুলনা কৰিব নোৱাৰি যদিও গেষ্ট্র এছফেজেল ৰীফলেক্স ডিজিছ (GERD), গেষ্ট্ৰাইটিছ, হাইপাৰ এচিডিটি, এচিড পেপ্তিক ডিছৰ্দাৰ, ডিছপেপচিয়া আদি ৰোগৰ লক্ষণৰ বহু সাদৃশ্য দেখা যায়। আয়ুৰ্বেদৰ মতে প্ৰধানকৈ বিভিন্ন কাৰণত হোৱা মানসিক চাপ তথা অস্থিৰতা আৰু অহিতকৰ আহাৰ বিহাৰৰ ফলত শৰীৰৰ ত্ৰিদোষ দূষিত হৈ পাচক অগ্নিৰ কাম বাধা প্ৰাপ্ত হয়। ফলস্বৰূপে অম্লপিত্ত ৰোগৰ উৎপত্তি হয়। গেষ্ট্ৰাইটিচ এচিডিটি সাধাৰণ লক্ষণ সমূহ: বুকু জ্বলা পুৰা কৰা, টেঙা বা তিতা উগাৰ অহা, ডিঙি জ্বলা অনুভৱ কৰা, বমিৰ ভাৱ অহা,...