গেষ্ট্ৰিক বা এচিডিটিৰ হোমিঅ চিকিৎসা
গেষ্ট্ৰিক বা এচিডিটিৰ হোমিঅ চিকিৎসা কেতিয়াবা বুকুত জ্বলা পোৰা, টোঙা উগাৰ, বমি বমি ভাৱ, পেটত ভূট ভূট শব্দ কৰা, বমি হোৱা আদি লক্ষণে প্ৰায় সকলো মানুহকে আমনি কৰা পৰিলক্ষিত হয়। পেট, বুকু আৰু ডিঙিত জ্বলা পোৰা, তেঙা, তিতা পানিৰে বমি হোৱা, পেটত তীব্ৰ বিষ অনুভৱ কৰা, ভোক নলগা আদি লক্ষণ সমুহে দেখা দিলেই আমি গ্ৰেষ্ট্ৰিক হোৱা বুলি কওঁ। পৃথিৱীত জনসংখ্যাৰ প্ৰায় আধাতকৈয়ো বেছি মানুহ এই গেষ্ট্ৰিক বা এচিডিটিৰ সমস্যাত ভূগা বুলি বিশ্ব স্বাস্থ্য সন্থাই(WHO)প্ৰকাশ কৰিছে। গতিকে প্ৰতি ১০০ জন ব্যক্তিৰ ৫০ জনৰো অধিক এই ৰোগত ভূক্ত ভোগি। আপোনালোকে ইতিমধ্যে গম পাইছে যে এই গেষ্ট্ৰিকৰ দৰবে কেন্সাৰ বেমাৰ সৃষ্টি কৰে। ৰ্দীঘদিন ধৰি গেষ্ট্ৰিকৰ দৰব ব্যৱহাৰ কৰিলে যিহেতু দুৰাৰোগ্য কেন্সাৰ ৰোগে জীৱনলৈ ভাবুকি কিঢিয়াই আনিব পাৰে। গতিকে আপোনালোকে হোমিঅপেথিক দৰব ব্যৱহাৰ কৰি এই ক্ষতিৰ পৰা নিশ্চিত ভাৱে বাছি থাকিব থাকিব পাৰিব। এতিয়া আগবাঢো বিষয়টোলৈ গেষ্ট্ৰিক বা এচিডিটিৰ হোমিঅ চিকিৎসাঃ আমি যেতিয়া খাদ্য খাঁও, প্ৰথমে ভালদৰে চোবোৱাৰ পাছত যেত...